নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এসপ্তাহতে কটন বিশ্ববিদ্যালয়ৰ নামভর্তি প্রক্রিয়া

নিয়মীয়া বাৰ্তা, ১ আগষ্ট:  ২০২১–২২ বর্ষৰ বাবে কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক প্রথম বর্ষত নামভর্তিৰ প্রক্রিয়া এসপ্তাহৰ ভিতৰত আৰম্ভ হ’ব৷ দশম শ্রেণী (মেট্ৰিক)ত লাভ কৰা নম্বৰৰ ভিত্তিত শিক্ষার্থীসকলৰ নামভর্তি সম্পন্ন হ’ব৷ ইয়াৰ পাছত স্নাতক শাখাত নামভর্তিৰ প্রক্রিয়া আৰম্ভ হ’ব৷ নামভর্তিৰ বাবে অকল অনলাইন মাধ্যমেৰে আবেদন গ্রহণ কৰা হ’ব৷ এই প্রক্রিয়া সম্পর্কে সকলো তথ্য অতিশীঘ্রে বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ হ’ব৷

উল্লেখ্য যে কটন বিশ্ববিদ্যালয়ে ইতিমধ্যে স্নাতক শাখাৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে আৰু ১০ আগষ্টত স্নাতকোত্তৰ শাখাৰ পৰীক্ষাও সম্পন্ন হ’ব৷ স্নাতকোত্তৰ শাখাৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতেই স্নাতকোত্তৰ শাখাত নামভর্তিৰ প্রক্রিয়া আৰম্ভ হ’ব৷ নামভর্তি তথা অন্য যিকোনো তথ্য, প্রক্রিয়াৰ বিষয়ে কটন বিশ্ববিদ্যালয়ৰ ৱেবছাইটযোগে জনোৱা হ’ব বুলি বিশ্ববিদ্যালয় কর্তৃপক্ষই জনাইছে৷

You might also like