নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিছকাছ থ্র’ত চমকপ্রদ প্রদর্শনঃ ফাইনেলত কমলপ্রীত কৌৰ

নিয়মীয়া বাৰ্তা, ১ আগষ্ট: ভাৰতৰ উদীয়মান ডিছকাছ থ্র’ৱাৰ কমলপ্রীত কৌৰে টকিঅ’ অলিম্পিকৰ মহিলাৰ ডিছকাছ থ্র’ৰ ফাইনেলত প্রৱেশ কৰিছে৷ শনিবাৰে অনুষ্ঠিত কোৱালিফিকেচন ৰাউণ্ডত ২৫ বছৰীয়া এথলীটগৰাকীয়ে ৬৪ মিটাৰ থ্র’ কৰি মেগা ইভেণ্টখনৰ ফাইনেল ৰাউণ্ডলৈ উন্নীত হৈছে৷

টকিঅ’ অলিম্পিকৰ এথলেটিকছ ইভেণ্টৰ ফাইনেললৈ যোগ্যতা অর্জন কৰা তেওঁ হ’ল প্রথমগৰাকী খেলুৱৈ৷ পঞ্জাবৰ ৰাষ্ট্রীয় অভিলেখ স্থাপনকাৰী কমলপ্রীত কৌৰে কালি ৬০.২৯ মিটাৰেৰে কোৱালিফিকেচন ছিৰিজ মুকলি কৰে৷ ইয়াৰ পিছত তেওঁ ৬৩.৯৭ আৰু আৰু ৬৪ মিটাৰৰ দুটা বৃহৎ থ্র’ নিক্ষেপ কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হয়৷

সামগ্রিকভাৱে তেওঁ আমেৰিকাৰ ভালেৰি আলমেনৰ পিছতে দ্বিতীয় স্থানত থাকে৷ আমেৰিকাৰ ডিছকাছ থ্র’ৱাৰগৰাকীয়ে ৬৬.৪২ মিটাৰ থ্র’ কৰে৷

উল্লেখ্য যে এছিয়ান গেমছ অথবা কমনৱেল্থ গেমছৰ দৰে বৃহৎ প্রতিযোগিতাত অংশ লোৱাৰ অভিজ্ঞতা নথকা কমলপ্রীত কৌৰে আনকি কোৱালিফিকেচন ৰাউণ্ডত যোৱাবাৰৰ স্বর্ণ বিজয়ী ছান্দ্রা পাৰক’ভিচকো (৬৩.৭৫ মিটাৰ) চেৰ পেলাবলৈ সক্ষম হয়৷

You might also like