নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ বিটিচি নির্বাচনৰ ভোটগণনা : ৭৮.৪% ভোটদানে দিছে পৰিৱর্তনৰ ইংগিত

বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : জুবিন গার্গৰ অকাল বিয়োগে নিৰাশ কৰি তোলা বিটিচি নির্বাচনৰ ২৬ ছেপ্টেম্বৰত হ’ব ভোটগণনা৷ উল্লেখ্য যে এইবাৰ বিটিচি নির্বাচনত ভোটদানৰ হাৰ হ’ল ৭৮.৪২ শতাংশ৷ সর্বাধিক ভোটদান হৈছে কোকৰাঝাৰ জিলাত৷ জিলাখনত ৮২.২৭ শতাংশ ভোটদানৰ বিপৰীতে চিৰাং জিলাত ৮০.১১ শতাংশ, বাক্সাত ৭৬.৯২ শতাংশ, ওদালগুৰিত ৭৫.১৭ শতাংশ আৰু তামুলপুৰত ৭০.০৯ শতাংশ ভোটদান হৈছে৷ ৪০টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা ৩১৬গৰাকী প্রার্থীৰ ভাগ্য ইতিমধ্যে বন্দী হৈ আছে বেলট বাকচত৷

লক্ষণীয়ভাৱে এইবাৰ ভোটদানৰ হাৰ বৃদ্ধিয়ে স্পষ্ট কৰি তুলিছে বিটিচিত হ’ব এইবাৰ পৰিৱর্তন৷ ইফালে, ভোটগণনাৰ প্রাকক্ষণত বিটিচিত এতিয়া আৰম্ভ হৈছে পৰিষদ গঠনৰ ব্যাপক তৎপৰতা৷ প্রথমবাৰৰ বাবে বিজেপিয়ে প্রত্যাহ্বান সৃষ্টি কৰি পাঁচখন জিলাতে আচৰিত ফলাফল দেখুওৱাৰ সম্ভাৱনা স্পষ্ট কৰি তুলিছে৷ বিজেপিৰ সৈতে পৰিষদ গঠনৰ সম্ভাৱনীয়তাক উজ্জ্বল কৰি ৰাখিছে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফেও৷ বিজেপি আৰু বিপিএফৰ এনে সম্ভাৱনীয়তাৰ বিপৰীতে এইবাৰ বিটিচি নির্বাচনত ক্রমাৎ নিষ্প্রভ হৈছে ইউপিপিএল৷

উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিপূর্বে ঘোষণা কৰিছে যে বিটিচিত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা পালেও বিপিএফ আৰু ইউপিপিএলক লৈয়ে পৰিষদ গঠন কৰিব৷ মুখ্যমন্ত্রীৰ এই ঘোষণাক লৈও ভোটগণনাৰ প্রাকক্ষণত বিটিচিত পৰিষদ গঠনক লৈ আৰম্ভ হৈছে বিভিন্ন অংক৷ বিপিএফে অকলেই পৰিষদ গঠন কৰিব পাৰিব বুলি দাবী কৰি আহিছে যদিও ওদালগুৰি আৰু বাক্সা জিলাত বিজেপিয়ে বিপিএফৰ বাবে সৃষ্টি কৰিছে তীব্র প্রত্যাহ্বান৷

ইফালে, ভোটগণনাক লৈ স্থানীয় প্রশাসনে আৰম্ভ কৰিছে ব্যাপক প্রস্তুতি৷ ওদালগুৰি জিলাত পূর্বে ভেৰগাঁও আৰু ওদালগুৰিত ভোটগণনা হৈছিল যদিও এইবাৰ পাঁচনৈ ছেৰফাং, ভৈৰৱকুণ্ড, ৰৌতা, ধনশিৰি আৰু হৰিশিঙাসহ খৈৰাবাৰী, ভেৰগাঁও, খালিংদুৱাৰ, নোনাই ছেৰফাং আৰু মুদৈবড়িৰ ভোটগণনা ওদালগুৰি উপায়ুক্তৰ কার্যালয় চৌহদত অনুষ্ঠিত হ’ব৷ এইবাৰ জিলাখনত ৭৫.১৭ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে৷ জিলাখনৰ ৯৩৭টা ভোটগ্রহণ কেন্দ্রত ৭৫ শতাংশতকৈ অধিক ভোটদানে পৰিৱর্তনৰ সম্ভাৱনা স্পষ্ট কৰি তুলিছে৷ বিশেষকৈ জুবিন গার্গৰ মৃত্যুৰ খবৰে ম্রিয়মাণ কৰি তোলা পৰিৱেশৰ মাজতো ৭৫ শতাংশ ভোটদানে স্পষ্ট কৰি তুলিছে প্রতিষ্ঠানবিৰোধী ঢৌ ৷ বিগত নির্বাচনত জিলাখনৰ ১০টা পৰিষদীয় সমষ্টি বিপিএফে দখল কৰিছিল যদিও এইবাৰ বিপিএফ ৪–৫টা সমষ্টিত আবদ্ধ থকাৰ সম্ভাৱনা আছে৷

আনহাতে, বিজেপিয়ে সাতটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে চাৰিটা সমষ্টিত জয়লাভৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছে৷ জিলাখনৰ ভৈৰৱকুণ্ড সমষ্টিত প্রাক্তন মন্ত্রী ৰিহণ দৈমাৰী বিপিএফৰ প্রার্থীৰূপে আৰু ইউপিপিএলৰ বিধায়ক গোবিন্দ বসুমতাৰীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ বিজেপিৰ হৈ সমষ্টিটোত প্রতিদ্বন্দ্বিতাত নামিছে মেমন মুছাহাৰী৷ ওদালগুৰি সমষ্টিত এইবাৰ তিনিকোণীয়া প্রতিদ্বন্দ্বিতা হোৱাটো স্পষ্ট হৈছে৷

ইফালে, গোসাঁইগাঁও মহকুমাৰ অন্তর্গত বিটিচিৰ পাঁচটা পৰিষদ ক্রমে গোমা, শ্রীৰামপুৰ, যমদুৱাৰ, শৰাইবিল আৰু কচুগাঁৱত এইবাৰ প্রতিদ্বন্দ্বিতা যথেষ্ট আকর্ষণীয় হৈ পৰিছিল৷ মহকুমাটোৰ পাঁচটা পৰিষদীয় সমষ্টিত এইবাৰ অৱতীর্ণ হৈছিল ৪৮গৰাকী প্রার্থী৷ শ্রীৰামপুৰ সমষ্টিত এইবাৰ ৮গৰাকীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ যমদুৱাৰ সমষ্টিত ৯গৰাকী প্রার্থীয়ে, শৰাইবিলত ৯গৰাকী প্রার্থীয়ে আৰু কচুগাঁৱত ৮গৰাকী প্রার্থীয়ে এইবাৰ প্রতিদ্বন্দ্বিতাত নামিছে৷ প্রতিটো সমষ্টিতে বিপিএফ, ইউপিপিএল আৰু বিজেপিৰ মাজত তিনিকোণীয়া প্রতিদ্বন্দ্বিতা হোৱাটো প্রায় স্পষ্ট হৈ পৰিছে৷

You might also like