দুৰ্গোৎসৱ-ত মহিলা-যুৱতীক ইভটিজিং কৰা উদণ্ড ৰোমিঅ’ সাৱধান
শাৰদীয় দুৰ্গোৎসৱ-ৰ আনন্দত যাতে কোনো ধৰণৰ অশান্তি নহয় তাৰ বাবে সাজু কাছাৰ জিলা আৰক্ষী। দুৰ্গোৎসৱক সুচাৰুৰূপে সফল কৰাৰ স্বাৰ্থত শিলচৰত জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ নেতৃত্বত গঠন কৰা হৈছে “এণ্টি ৰোমিঅ’ স্কোৱাড” নামৰ আৰক্ষীৰ এটা বিশেষ বাহিনী।
মূলত পূজাৰ এই কেইটা দিনত শিশু, মহিলাসহ যুৱতীসকল যাতে সুৰক্ষিত থাকিব পাৰে তাৰ বাবে গঠন কৰা হৈছে আৰক্ষী এই বিশেষ বাহিনী। দুৰ্গোৎসৱৰ সময়ছোৱাত সমগ্ৰ শিলচৰ চহৰ জনসমুদ্ৰত পৰিণত হয়। ফলত শিশু সহ মহিলাসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।
জনসমাগমৰ ভিৰত বিশেষকৈ চহৰৰ বিভিন্ন প্ৰান্তত বাইকেৰে ঘূৰি ফুৰা একাংশ উদণ্ড যুৱকে মহিলা আৰু যুৱতীসকলৰ সৈতে অশ্লীল আচৰণত লিপ্ত হয় ৷ এই উদণ্ড ৰোমিঅসকলক নাকী লগোৱাৰ বাবেই “এণ্টি ৰোমিঅ’ স্কোৱাড (“Anti Romeo Squad”) নামেৰে আৰক্ষীৰ এই বিশেষ বাহিনী গঠন কৰা হৈছে। পূজাৰ সময়ত আৰক্ষীৰ এই বিশেষ বাহিনীয়ে কলা কপোৰ পৰিধান কৰি বাইকেৰে চহৰৰ ইমূৰৰ পৰা সিমূৰলৈ টহল দি থাকিব।
এণ্টি-ৰোমিঅ’ স্কোৱাড সন্দৰ্ভত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে জনায় যে দুৰ্গোৎসৱত শান্তি শৃংখলা বজাই ৰখাৰ বাবে এণ্টি-ৰোমিঅ’ স্কোৱাড নামৰ আৰক্ষীৰ এই বিশেষ বাহিনী গঠন কৰা হৈছে। বিগত দুটা বছৰ এইদৰে পূজাৰ সময়ত এই এণ্টি-ৰোমিঅ’ স্কোৱাড গঠন কৰা হৈছিল। আৰু ৰাইজৰ সঁহাৰি পাই এইবাৰো পুনৰ কাছাৰ আৰক্ষীয়ে গঠন কৰিছে এই এণ্টি-ৰোমিঅ’ স্কোৱাড।
পূজাৰ কেইটা দিনত আৰক্ষীৰ এই বিশেষ বাহিনীয়ে চহৰৰ প্ৰতিটো অলিগলিত টহল দি থাকিব যাতে কোনো উদণ্ড ৰোমিঅসকলে যুবতী আৰু মহিলাৰ লগত ইভটিজিংৰ ঘটনা সংঘটিত কৰিব নোৱাৰে। সেয়ে পূজাৰ সময়চোৱাত উদণ্ড ৰোমিঅ সকলক সাৱধান থকাৰ হুচিয়াৰী প্ৰদান কৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।
“এণ্টি ৰোমিঅ’ স্কোৱাড” নামেৰে গঠন কৰা আৰক্ষীৰ এই বিশেষ বাহিনীক যোৱা ১ মাহ বিশেষ প্ৰশিক্ষণ দিয়াৰ পাছত চহৰত মোতায়েন কৰা হৈছে বুলি জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৫ ছেপ্টেম্বৰ