নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত চিপ লৈ আত্মহনন নাবালক প্ৰেমিকযুগলৰ

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিল : পবিত্ৰ ঈদৰ দিনাই চিৰাং জিলাৰ বিজনীৰ ৩নং লক্ষীঝৰাত অঘটন। একেডাল ৰচিৰে চীপ লৈ আত্মহনন এহাল প্ৰেমিক প্ৰেমিকাৰ। প্ৰেম জনিত কাৰণতে নাবালক প্ৰেমিক যুগলে আত্মহত্যা কৰাৰ সন্দেহ। স্থানীয় এখন ৰবৰ বাগানত আত্মহত্যা কৰে প্ৰেমিকহালে। মৃত ১৭ বছৰীয়া লৰাজন বঙাইগাঁও জিলাৰ চিপনচিলাৰ অমিয় ব্ৰহ্ম দৈমাৰী বুলি জানিব পৰা গৈছে। আনহাতে ছোৱালীজনী বিজনীৰ বৰগাঁও বটিয়াগুৰীৰ নিহা ব্ৰহ্ম। ঘটনাস্থলিত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰণৱজ্যোতি কলিতাসহ পাণবাৰী থানাৰ আৰক্ষী আৰু বিজনীৰ কাৰ্যবাহী দণ্ডাধিশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ।

প্ৰেৰক বৰ্ণালী তালুকদাৰ 

You might also like