নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাট-ভূৰাগাঁৱত ধুমুহা-বৰষুণত বিস্তৰ ক্ষতি

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিল : মৰিগাঁৱৰ লাহৰীঘাট আৰু ভূৰাগাঁৱত যোৱানিশা প্ৰচণ্ড ধুমুহা – বৰষুণৰ ফলত বিভিন্ন ঠাইত বিস্তৰ ক্ষতি হয়। বিভিন্ন অঞ্চলত প্ৰচণ্ড ধুমুহাৰ ফলত ঘৰ দুৱাৰ উৰুৱাই নিয়ে। ধুমুহাত বিদ্যুতৰ খুটি উভালি পৰাত নিশাৰ পৰাই দুয়োটা অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ আছে। ইফালে ঠায়ে ঠায়ে ঈদৰ বাবে সজ্জিত কৰা ঈদগাহ ময়দানসমূহৰ বিস্তৰ ক্ষতি কৰে। ধুমুহাই টেঙাগুৰি জাতীয় বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়ে। বিশেষকৈ ধুমুহাই নৈপৰীয়া অঞ্চলত অধিক ক্ষতি কৰে।

প্ৰেৰক আবুল কালাম

You might also like