নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰযুৰ পাৰত ৰাম মন্দিৰৰ স্বর্ণ যুগৰ সূচনা

ৰামলালাৰ সন্মুখত সাষ্টাংগে প্রণাম জনাই ৰাম জনমভূমিত ৰূপৰ ইটাৰে শিলান্যাস প্রধানমন্ত্রী মোদীৰ

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ মুক্ত হ’ল ৰাম জনমভূমি৷ সুবিশাল ৰাম মন্দিৰৰ ভূমি পূজনৰ লগে লগে ৫ শতিকাজোৰা সুদীর্ঘ বিবাদৰো চিৰদিনলৈ অৱসান ঘটিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাম জনমভূমিত ৰূপৰ ইটা স্থাপনেৰে বুধবাৰে মন্দিৰৰ শিলান্যাস কৰে৷ ভূমি পূজনৰ পাছতে তেওঁ উদ্ভাসিত শ্রোতাক সম্বোধি কয়– ‘বছৰ বছৰ ধৰি ৰামলালা তম্বুৰ তলত সোমাই থাকিব লগা হৈছিল৷ তেওঁৰ বাবে আমি নির্মাণ কৰিম এটা সর্বাংগসুন্দৰ মন্দিৰ৷’ তেওঁ কয় যে আজিৰ দিনটোতে সৰযু নদীৰ তীৰত আৰম্ভ হ’ল স্বর্ণ যুগৰ৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰিপ্রেক্ষিতত মাত্র ১৭৫জন অতিথিক মূল অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা হৈছিল যদিও আজি সমগ্র দেশৰে দৃষ্টি নিবদ্ধ হৈ থাকে অযোধ্যা আৰু ৰাম জনমভূমিৰ ওপৰত৷ দূৰদর্শনযোগে ভূমি পূজন আৰু শিলান্যাস অনুষ্ঠানৰ পোনপটীয়া সম্প্রচাৰ কৰা হয়৷ ৰাম জনমভূমিৰ অনুষ্ঠানত যোগদান কৰিব নোৱাৰিলেও অযোধ্যাবাসীৰ মাজত পৰিলক্ষিত হয় উখল–মাখল পৰিৱেশ৷ সমগ্র চহৰ সজাই তোলা হয় আলোক আৰু পুষ্পসজ্জাৰে৷ পুৱাৰে পৰা প্রতিধ্বনিত হয় মংগলধ্বনি৷ পুষ্পসজ্জিত চহৰখন সুশোভিত হৈ পৰে গেৰুৱা আৰু হালধীয়া পতাকাৰে৷ অযোধ্যাত আজি ১.২৫ লাখ সুস্বাদু লাড়ু বিতৰণ কৰা হয়৷ কাশ্মীৰৰ কাজু–কেৰালাৰ খিছমিছ–কর্ণাটকৰ ঘিউৰে প্রস্তুত কৰা হয় লাড়ু৷ কেৱল অযোধ্যাতে উল্লাস–উদ্দীপনা সীমাবদ্ধ হৈ নাথাকিল৷ সমগ্র দেশতে ৰাম মন্দিৰৰ ভূমি পূজনক লৈ উৎসাহ পৰিলক্ষিত হয়৷ বুধবাৰৰ অনুষ্ঠানত মোদীৰ লগতে উপস্থিত থাকে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত, উত্তৰ প্রদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল আৰু মুখ্যমন্ত্রী যোগী আদিত্যনাথ৷ ১৭৫জন নিমন্ত্রিত অতিথিৰ ১৩৩জনেই আছিল সাধু–সন্ত৷ তদুপৰি আন অধিকাংশই আছিল আৰ এছ এছৰ কার্যকর্তা৷ সুদীর্ঘ ২৯ বছৰৰ পাছত ৰাম জনমভূমিত ভৰি থৈ মোদীয়ে কয় যে কেইবাশতিকাজুৰি যি ভঙা–গঢ়াৰ ঘটনাক্রম চলি আছিল, তাৰ পৰা আজি ৰাম জনমভূমি মুক্ত হ’ল৷ ‘১৫ আগষ্ট যিদৰে স্বাধীনতাৰ প্রতীক, আজিৰ দিনটোও সেইদৰে ত্যাগ–সংকল্প–সংঘ প্রতীক’ –প্রধানমন্ত্রীয়ে কয়৷ আনহাতে, স্বাধীনতা সংগ্রামত মহাত্মা গান্ধীয়ে সকলো শ্রেণীৰ লোকৰ সমর্থন লাভ কৰাৰ দৰেই ৰাম মন্দিৰৰ প্রতিও প্রতিজন দেশবাসীৰ সমর্থন আছে বাবেই এই পৱিত্র কাম সম্ভৱ হৈ উঠিছে৷ ‘আমাৰ অন্তৰত স্থায়ী স্থান দখল কৰি আছে ৰামে৷ সকলো কামতেই ৰাম আমাৰ প্রেৰণা৷ ৰাম সকলোৰে বাবে৷ সকলোতে আছে ৰাম’ –মোদীয়ে কয়৷ ৰাম মন্দিৰে মানৱতাক অনুপ্রাণিত কৰিব বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে কেৱল ভাৰততে নহয়, সমগ্র বিশ্বতে ৰামৰ জয়ধ্বনি শুনিবলৈ পোৱা গৈছে৷ ৰাম মন্দিৰ আমাৰ সংস্কৃতিৰ আধুনিক প্রতীক৷ আমাৰ ৰাষ্ট্রীয় ভাবনাৰ প্রতীক৷ উল্লেখ্য যে ভূমি পূজনৰ পাছতে দিয়া ভাষণ মোদীয়ে আৰম্ভ কৰে ‘জয় ছিয়া ৰাম’ ধ্বনিৰে৷ এই ধ্বনি সমগ্র বিশ্বতে প্রতিধ্বনিত হোৱা বুলি উল্লেখ কৰি তেওঁ কয়– মই সেইসকল লোকক সেৱা জনাইছোঁ, যাৰ আত্মবলিদানে এই কাম সম্ভৱ কৰি তুলিলে৷ আজি পুৱা বিশেষ বিমানেৰে লক্ষ্ণৌত উপস্থিত হোৱাৰ পাছতে প্রধানমন্ত্রী মোদীয়ে পূর্বৰ পৰা সাজু কৰি ৰখা হেলিকপ্ঢাৰেৰে অযোধ্যাত উপস্থিত হয়৷ প্রথমেই তেওঁ সৰযু নৈৰ পাৰৰ হনুমান গর্হি মন্দিৰত আৰতি কৰে৷ শুভকর্মৰ পূর্বে ৰামলালাৰ সন্মুখতো সাষ্টাংগে প্রণাম কৰি আশীর্বাদ লয় প্রধানমন্ত্রীয়ে৷ ইতিপূর্বে মংগলধ্বনি আৰু মন্ত্রোচ্চাৰণেৰে মুখৰিত হৈ পৰিছিল ৰাম জনমভূমি৷ সামাজিক দূৰত্ব ৰক্ষা কৰি অতিথিসকলে নিজৰ আসন গ্রহণ কৰিছিল৷ ৰাম জনমভূমিত উপস্থিত হৈ মাস্ক পৰিহিত প্রধানমন্ত্রীয়ে আসন গ্রহণ কৰাৰ পাছতে পুৰোহিতসকলে সংস্কৃত শ্লোকেৰে পূজা–পাতল আৰম্ভ কৰে৷ পূজাৰ অন্তত হৰ হৰ মহাদেৱ আৰু ভাৰত মাতা কী জয় ধ্বনিৰে আকাশ–বতাহ মুখৰিত হৈ পৰে৷ ইয়াৰ পাছতেই শিলান্যাসৰ বাবে আগবাঢ়ি যায় মোদী আৰু সন্মানীয় অতিথিসকল৷ প্রধানমন্ত্রীয়ে এখন ফলক আৰু এটা ডাক টিকটো উন্মোচন কৰে৷ ভূমি পূজনত কামাখ্যা মন্দিৰৰ মাটি–পানীও ব্যৱহাৰ হয়৷ মন্দিৰ ধ্বংস কৰি বাবৰি মছজিদ স্থাপন কৰা বুলি উত্থাপিত হৈ অহা দাবীৰ প্রসংগ পৰোক্ষভাৱে টানি আনি মোদীয়ে কয়– ‘ভগৱান ৰামৰ যাদু চাওক৷ অট্টালিকা ধ্বংস কৰা হৈছিল৷ তেওঁৰ অস্তিত্ব ধ্বংস কৰাৰ চেষ্টা চলোৱা হৈছিল৷ কিন্তু ৰামৰ অস্তিত্ব সর্বব্যাপ্ত, ৰাম সকলোৰে অন্তৰত থাকে৷’ আজিৰ অনুষ্ঠানতে মোদীক ৰামৰ এটা মূর্তি উপহাৰ দিয়ে মুখ্যমন্ত্রী আদিত্যনাথে৷ লক্ষণীয়ভাৱে মোদী হ’ল ৰাম জনমভূমি আৰু হনুমান গর্হি মন্দিৰত ভৰি থোৱা দেশৰ প্রথমজন প্রধানমন্ত্রী৷ আজিৰ অনুষ্ঠানটো সম্পূর্ণ শান্তিপূর্ণ আৰু আধ্যাত্মিক পৰিৱেশৰ মাজত সম্পন্ন হয়৷ মোদীয়ে কয় যে যোৱা বছৰৰ নৱেম্বৰত ৰাম মন্দিৰৰ সপক্ষে উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাছতে শান্ত পৰিৱেশত মন্দিৰৰ নির্মাণকার্য আৰম্ভ কৰাৰ সংকল্প গ্রহণ কৰা হৈছিল৷
ৰাহুল–মমতাৰ আদৰণি- সংবিধান উলংঘাৰ অভিযোগ ওৱেইছিৰ
দেশজুৰি বিজেপিৰ নেতা–কর্মীৰ লগতে হিন্দুত্ববাদী চিন্তা–চর্চাত বিশ্বাসী প্রতিজন নাগৰিকৰ বাবে আজিৰ দিনটো আছিল উদ্যাপনৰ দিন৷ সংকল্প পূৰণৰ এই দিনটোত দেশৰ বিভিন্ন স্থানত পূজা–র্চনাও কৰা হয়৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ পৰা আৰম্ভ কৰি দলটোৰ সকলোৱেই ৰাম মন্দিৰৰ ভূমি পূজনক আদৰণি জনায়৷ পিছপৰি নাথাকিল বিৰোধী কংগ্রেছো৷ ৰাম মন্দিৰ নির্মাণক আদৰণি জনাই কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীয়ে কয় যে ভগৱান ৰাম হ’ল স্নেহৰ প্রতীক৷ তেওঁৰ মাজত কেতিয়াও হিংসাই স্থান নাপায়৷ আনহাতে, প্রিয়ংকা গান্ধীয়ে কয় যে ৰাম মন্দিৰে দেশৰ একতা আৰু ভাতৃত্ববোধক শক্তিশালী কৰিব৷ তৃণমূল কংগ্রেছৰ নেত্রী মমতা বেনার্জীয়েও ৰাম মন্দিৰ নির্মাণক আদৰণি জনায়৷ ইপিনে, এ আই এম আই এমৰ মুৰব্বী আছাউদ্দিন ওৱেইছিয়ে অভিযোগ কৰে যে ৰাম মন্দিৰৰ ভূমি পূজনত অংশ লৈ মোদীয়ে সংবিধান উলংঘা কৰিছে৷ এখন ধর্মনিৰপেক্ষ দেশৰ প্রধানমন্ত্রী হিচাপে মোদীয়ে ৰাম মন্দিৰৰ ভূমি পূজন কৰি নিজৰ শপত বাক্য উলংঘা কৰা বুলি তেওঁ অভিযোগ কৰে৷ অনুষ্ঠানত মোদীৰ উপস্থিতিৰ অর্থ হ’ল ধর্মনিৰপেক্ষতাৰ ওপৰত হিন্দুত্বৰ জয়৷
ৰামৰাজ্যৰ পথ মুকলি কৰিব- সুমিত্রা মহাজন
অযোধ্যাত আজি ৰাম মন্দিৰ নির্মাণৰ ভূমি পূজনৰ উৎসৱ অন্য ৰাজনৈতিক নেতাৰ সৈতে দিল্লীত বহি টেলিভিছনত প্রত্যক্ষ কৰি লোকসভাৰ প্রাক্তন অধ্যক্ষ সুমিত্রা মহাজনে কয় যে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনে দেশত ৰামৰাজ্য প্রতিষ্ঠাৰ পথ মুকলি কৰিব৷ সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত মহাজনে উল্লেখ কৰে যে বহু লোকৰ বছৰ বছৰ তপস্যাৰ পাছত অযোধ্যাত ৰাম মন্দিৰৰ নির্মাণকার্য আৰম্ভ হৈছে৷ সমগ্র বিশ্বৰ জনসাধাৰণে এই ঘটনাক লৈ সুখ আৰু সন্তুষ্টি প্রকাশ কৰা বুলিও মহাজনে উল্লেখ কৰে৷ লোকসভাৰ প্রাক্তন অধ্যক্ষগৰাকীয়ে এইবুলিও উল্লেখ কৰে যে দেশত ৰামৰাজ্য সকলোৰে বাবে এক সপোন৷ এতিয়া এই সপোন বাস্তৱায়িত হোৱাৰ পথ মুকলি হৈছে বুলিও মহাজনে মন্তব্য কৰে৷

You might also like