নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰে ভয়ংকৰ সংঘর্ষ গুলীবিদ্ধ তিনি কুখ্যাত অপৰাধীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ নিষিদ্ধ ড্রাগ্ছৰ ক’লা সাম্রাজ্য–গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে সমগ্র ৰাজ্যতে আৰক্ষীৰ মাৰাথন অভিযান অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে মাজনিশা নলবাৰীৰ ৰাজপথত সংঘটিত হ’ল এক ভয়ংকৰ সংঘর্ষ৷ আৰক্ষীৰে মুখামুখি গুলীয়াগুলীত আহত হয় দীর্ঘদিন ধৰি ড্রাগ্ছৰ ব্যৱসায়, ডকাইতি, গৰু–এটিএম চুৰি আদি কার্যৰে জড়িত তিনিজনকৈ কুখ্যাত  অপৰাধী৷ নলবাৰী–হাজো পথৰ মুগকুছি চ’কত মাজনিশা সূত্রপাত ঘটে এই সংঘর্ষৰ৷ এই সংঘর্ষক কেন্দ্র কৰি সৃষ্টি হোৱা বিস্ফোৰক পৰিস্থিতিক লৈ সমগ্র জিলাখনতে চাঞ্চল্য সৃষ্টি হৈছে৷

এই সংঘর্ষত গুলীবিদ্ধ হোৱা তিনি কুখ্যাত অপৰাধীক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ৷ ধৃত তিনিওজনৰে জিম্মাৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলে এটা নাইন এম এম পিষ্টল, কেইবাজাঁই সক্রিয় গুলী আৰু বহু আপত্তিজনক সামগ্রী উদ্ধাৰ কৰিছে৷ লগতে জব্দ কৰিবলৈ সক্ষম হৈছে এখন জাইল’ বাহন৷ ঘটনা সন্দর্ভত

জানিব পৰা মতে, গোপন সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত নলবাৰী সদৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া তপন কলিতা আৰু ঘগ্রাপাৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কালি মাজনিশা মুগকুছি চ’কত খাপ পিটি আছিল৷ সেই সময়তে অভিযানকাৰী আৰক্ষী দুর্ধর্ষ অপৰাধীৰ দলটোৰে মুখামুখি হয়৷ পথত ডাম্পাৰ ৰখাই খাপ পিটি থকা আৰক্ষীৰ বেহু ফালি এ এছ–০১ বি এফ–৬৬৯৩ নম্বৰৰ তীব্র বেগী জাইল’খনত অহা কুখ্যাত অপৰাধীৰ দলটো পলাবলৈ চেষ্টা কৰে৷ তেনে সময়তে নলবাৰী সদৰ থানাৰ কর্তব্যৰত টাউন দাৰোগা বিশ্বজিৎ দুৱৰীয়ে এজন ডকাইতক কৰায়ত্ত কৰিবলৈ লওঁতেই আৰক্ষী বিষয়াজনলৈ লক্ষ্য কৰি অপৰাধী চক্রটোৱে গুলী নিক্ষেপ কৰে৷

অৱশ্যে তৎমুহূর্ততে বহি দিয়াত কথমপি প্রাণ ৰক্ষা পৰে আৰক্ষী বিষয়াজনৰ৷ ইয়াৰ পাছতেই অপৰাধীৰ দলটোৱে পদপথৰ ওপৰেৰে বাহনখন উঠাই ঘটনাস্থলীৰ পৰা তীব্র বেগে গাঁৱৰ ভিতৰৰে পলাবলৈ চেষ্টা কৰে৷ তেনে সময়তে বাহনখনৰ চকালৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰাত চকা পাংচাৰ হয় যদিও তেনেকৈয়ে ঘটনাস্থলীৰ পৰা অপৰাধীকেইজনে বাহনখনৰ সৈতে পলাবলৈ চেষ্টা কৰাত পিছে পিছে খেদি যায়৷ এনে অৱস্থাত প্রায় ডেৰ কিলোমিটাৰ নিলগৰ বৰ আজাৰা চ’কবজাৰ পথৰ ওপৰত বাহনখনৰ পৰা নামিয়েই ডকাইতৰ দলটোৰ চাৰিজনে আৰক্ষীলৈ লক্ষ্য কৰি গুলীয়াবলৈ আৰম্ভ কৰে৷ লগে লগে আৰক্ষীয়েও গুলীৰে প্রত্যুত্তৰ দিয়াত তিনিজন ডকাইত গুলীবিদ্ধ হয়৷ ইয়াৰে দুজনক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ কিন্তু গুলীবিদ্ধ আনজনৰ লগতে বাকী তিনিজন পলাই যায়৷

অৱশ্যে পৰৱর্তী সময়ত পলায়ন কৰা গুলীবিদ্ধ অপৰাধীজনক নলবাৰী চহৰৰ সমীপৱর্তী অঞ্চলৰ ৰাইজে আটক কৰি নলবাৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে এই ডকাইতজনকো ধৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জনোৱা মতে অপৰাধীৰ দলটোৰ মূল অভিযুক্ত ধৃত আবু বক্কৰ ছিদ্দিক ওৰফে বক্কৰ আলী ধন লুট, গৰু চোৰ, বেংক ডকাইতি, মন্দিৰ লুটপাত,  ড্রাগ্ছৰ বেহা আদিৰে জড়িত৷ জিলাখনৰ মুকালমুৱা থানাৰ অন্তর্গত গলদিঘলা গাঁৱৰ দুর্ধর্ষ অপৰাধী আবু বক্কৰৰ ঘৰত প্রায় ছমাহ পূর্বে নিশা মুকালমুৱা আৰক্ষীয়ে অভিযান চলাবলৈ যাওঁতে পৰিয়ালৰ সদস্যই অভিযানকাৰী দলটোক আক্রমণ কৰি খেদি পঠিয়াইছিল৷ ইয়াক কেন্দ্র কৰি অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ ইয়াৰ পাছতেই চি আৰ পি এফৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে যদিও এই সন্দর্ভত মুকালমুৱা থানাত এটা গোচৰ চলি আছে৷

গুলীবিদ্ধ অৱস্থাত আৰক্ষীয়ে গ্রেপ্তাৰ কৰা আন দুজন অপৰাধী হ’ল– বিজু আহমেদ আৰু ৰুবুল হুছেইন৷ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দুর্ধর্ষ অপৰাধীৰ লগত মুখামুখি হৈ সাহসিকতাৰ পৰিচয় দিয়া আৰক্ষী বিষয়া তথা জোৱানক ধন্যবাদ জনোৱাৰ উদ্দেশ্যে আজি নলবাৰীত উপস্থিত হয় আৰক্ষী উপ–মহাপৰিদর্শক (ডি আই জি) ব্রজেনজিৎ সিন্হা৷ তেওঁ বৃহস্পতিবাৰে নিশাৰ ঘটনাস্থলী পৰিদর্শন কৰাৰ লগতে নলবাৰী সদৰ থানাত এখন সংবাদ মেলো সম্বোধন কৰে৷ সংবাদ মেলত নলবাৰী জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক পবীন্দ্র কুমাৰ নাথৰ উপস্থিতিত ডি আই জি সিনহাই কয় যে নলবাৰী আৰক্ষীয়ে গৰু চুৰিৰ সৈতে জড়িত চক্রটোৱে ধাৰাসাৰে গুলীচালনা কৰাৰ পাছতো থমকি নৰৈ সাহসেৰে প্রত্যুত্তৰ দিয়াই নহয়, গুলীবিদ্ধ কৰি তিনি অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে৷ নলবাৰী আৰক্ষীৰ এই কর্মক প্রশংসা কৰিছোঁ৷

ইপিনে বৃহস্পতিবাৰে মাজনিশা সংঘটিত হোৱা ভয়ংকৰ গুলীচালনা ঘটনাটোৰ সমস্ত তথ্য দাঙি ধৰি আৰক্ষী অধীক্ষক পবীন্দ্র কুমাৰ নাথে চোৰ, ডকাইতৰ ৰম্যভূমি হৈ পৰা নলবাৰীক মুক্ত কৰিব বুলি উল্লেখ কৰি মদ, ড্রাগ্ছৰ চোৰাং বেহা, গৰুৰ চোৰাং কাৰবাৰ বন্ধ কৰাৰো হুংকাৰ দিয়ে৷  

You might also like