নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ভয়াৱহ গণ সংক্রমণঃ এদিনতে ৫,৬২৬

মহানগৰীত আক্রান্ত ১,৫৫১ পুনৰ প্রাণহানি ৪৭জনৰ সুস্থ হ’ল ৩২৬২ ৰোগীঃ ‘হিন্দুস্তান টাইমছ’ৰ প্রাক্তন সাংবাদিক শচীন বৰুৱা–‘নিউজ–১৮’ৰ কর্মচাৰী মনোজ কলিতা–সৰুপেটাৰ শিক্ষাবিদ হৈময়ন্তী তালুকদাৰৰ বিয়োগ

নিয়মীয়া বাৰ্তা ৮ মেঃ ক’ৰোনাৰ দ্বিতীয় জোৱাৰে অসমতো সংহাৰী ৰূপ ধাৰণ কৰিছে৷ নিতৌ অভিলেখসংখ্যক হাৰত বাঢ়িছে আক্রান্তৰ সংখ্যা৷ শুকুৰবাৰে ৰাজ্যত নতুনকৈ আক্রান্ত হৈছে ৫,৬২৬জন লোক৷ আক্রান্তসকলৰ ১,৫৫১জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি কামৰূপ জিলাত ৪৭৪জন, ডিব্রুগড় জিলাত ৪৫৩জন আৰু নগাঁও জিলাত ২৯৪ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ আজি আক্রান্তৰ হাৰ হৈছে ৮.২৪ শতাংশ৷ বিগত ২৪ ঘণ্টাত ৬৮,৩১৮টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ ইফালে, আজি ৰাজ্যত ক’ভিডত আক্রান্ত হৈ মৃত্যুক সাবটি লৈছে ৪৭জন লোকে৷ ইয়াৰে ১৫গৰাকী কামৰূপ মহানগৰ জিলাৰ আৰু ৮ গৰাকী ডিব্রুগড় জিলাৰ৷ অৱশ্যে ক’ৰোনাৰ দ্রুত সংক্রমণ ঘটিলেও ৰাজ্যত সুস্থতাৰ হাৰ আশাব্যঞ্জক৷ আজিৰ দিনটোত সুস্থ হৈ উঠিছে ৩২৬২জন লোক৷ সুস্থতাৰ হাৰ হৈছে ৮৬.৯১ শতাংশ৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ৩৪,১৪৬জন ৰোগী৷

উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে ৰাজধানী চহৰ গুৱাহাটীত ক’ৰোনাৰ গণ সংক্রমণে লৈছে ভয়াৱহ ৰূপ৷ ইতিমধ্যে মহানগৰীত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰি বহু অঞ্চলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও হ্রাস পোৱা নাই আক্রান্তৰ হাৰ৷ ইতিমধ্যে ক’ভিড কেয়াৰ চেণ্টাৰ আৰু হাস্পতালসমূহত ৰোগীৰ বাবে কমি আহিছে বিছনা৷ পূর্বে বিভিন্ন ৰোগত আক্রান্ত হৈ থকা ব্যক্তি অথবা বয়স্থ লোক ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা দেখা গৈছিল৷ কিন্তু ক’ৰোনাৰ দ্বিতীয় লহৰত অধিক সংক্রমণ হৈ পৰা এই ভাইৰাছত আক্রান্ত হৈ অকালতে মৃত্যুক সাবটি লৈছে কম বয়সীয়া যুৱক–যুৱতীয়েও৷

যাৰ বাবে ৰাজ্য চৰকাৰৰ লগতে শংকিত হৈ পৰিছে সচেতন মহল৷ কিন্তু ইয়াৰ বিপৰীতে এতিয়াও সজাগ নহয় ৰাজ্যৰ একাংশ লোক৷ জিলা প্রশাসনসমূহে বাৰম্বাৰ মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ জনোৱা আহ্বান আওকাণ কৰি আহিছে একাংশ লোকে৷ সঠিকভাৱে মাস্ক পৰিধান নকৰাকৈ বজাৰ–সমাৰ আৰু ৰাজহুৱা স্থানত একাংশ লোকে কৰা ভিৰৰ ফলত ৰাজ্যজুৰি ক’ৰোনাৰ দ্রুত সংক্রমণ ঘটিছে বুলি বিশেষজ্ঞসকলে প্রকাশ কৰি আহিছে৷ উল্লেখ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয় ‘হিন্দুস্থান টাইমছ’ৰ প্রাক্তন সাংবাদিক শচীন বৰুৱাই৷
ঘগ্রাপাৰ ভিঠাৰ ভোলাৰাম দাসৰ ক’ভিডত মৃত্যু
নলবাৰী জিলাৰ ঘগ্রাপাৰ ৰাজহ চক্রৰ অন্তর্গত ভিঠামহল গাঁৱৰ ভোলাৰাম দাস (৮০)ৰ আজি মাৰাত্মক ক’ভিড ভাইৰাছত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ যোৱা ৫ মে’ত ভোলাৰাম দাস উশাহ–নিশ্বাসত কষ্ট অনুভৱ কৰাত পৰিয়ালৰ লোকে শিঙিমাৰী ক’ভিড চিকিৎসালয়ত ভর্তি কৰায় যদিও আজি পুৱা চিকিৎসালয়তে মৃত্যু হয়৷ মৃত্যুৰ সময়ত পত্নী আৰু দুই পুত্র বোৱাৰীসহ অনেক গুণমুগ্ধক ইহসংসাৰত এৰি যায়৷
নলবাৰীত এদিনতে ১,৪৩৫জনৰ দেহত ধৰিছে ক’ভিড পজিটিভ
ক্রমাৎ ভয়াৱহ হৈ পৰিছে নলবাৰীত ক’ভিড পৰিস্থিতি৷ নলবাৰী জিলাত আজিপর্যন্ত ৫,৫৬৯জনলৈ ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ আজিৰ দিনটোত জিলাখনত ১,৪৩৫জন ক’ভিড পজিটিভ ধৰা পৰিছে৷ এইসকলৰ ভিতৰত নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৭২জন, বেলশৰ আদর্শ চিকিৎসালয়ত ৩৪জন, মাখিবাহা আদর্শ চিকিৎসালয়ত ৬জন চিকিৎসাধীন হোৱাৰ লগতে হোম আইছ’লেচনত আছে ১,২৯১জন ক’ভিডত আক্রান্ত ৰোগী৷
তেৰেছিয়াৰ এটি পৰিয়ালৰ চাৰি আক্রান্ত, এজনৰ মৃত্যু
নলবাৰী জিলাৰ বাঁহজানীৰ সমীপৱর্তী তেৰেছিয়াৰ এটি পৰিয়ালৰ কৰুণ কাহিনীয়ে অঞ্চলটোৰ ৰাইজক শোকস্তব্ধ কৰি তুলিছে৷ পৰিয়ালটোৰ চাৰিজন লোকেই ক’ভিডতত আক্রান্ত হৈছে৷ ইয়াৰে মায়ন্তী হালৈ (৭৫)ৰ ক’ভিডত মৃত্যু হোৱাত আজি স্থানীয় ৰাইজে পি পি ই কিট পৰিধান কৰি মহিলাগৰাকীৰ মৃতদেহ দাহন কৰে৷ জনা মতে পুত্রৰ শাৰীৰিক অৱস্থা বেয়া বাবে বাতৰি লিখাৰ সময়লৈ মাতৃৰ মৃত্যুৰ খবৰ দিয়া হোৱা নাই৷ উল্লেখ্য যে পৰিয়ালটো আর্থিকভাৱে অতি দুর্বল৷ ডাঙৰ পুত্রই এখন সামান্য তামোল–পাণৰ দোকান দি পৰিয়ালটো পোহপাল দি আহিছে যদিও এতিয়া তেওঁ নিজেও ক’ভিডত আক্রান্ত হৈছে৷ যাৰ বাবে পৰিয়ালটোলৈ নামি আহিছে ঘোৰ অমানিশা৷
বাক্সাত ৪৮ ঘণ্টাত ক’ভিডত ৪জনৰ মৃত্যু
আক্রান্তৰ সংখ্যা চাৰি শতাধিকলৈ বৃদ্ধি
বাক্সা জিলাতো ক্রমাৎ ক’ভিডৰ সংক্রমণ দিনকদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আজি জিলাখনত নতুনকৈ সর্বাধিক ৬৩জন ক’ভিড আক্রান্ত চিনাক্ত হোৱাৰ বিপৰীতে এজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে৷ বাক্সা জিলা স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি, জিলাখনত শেহতীয়াকৈ উদ্ভৱ হোৱা ক’ৰোনাৰ দ্বিতীয়টো ঢ়ৌত আক্রান্তৰ সংখ্যা আজি ৪১৭জনলৈ বৃদ্ধি পায়৷ জিলাখনত বুধবাৰে দুজন আৰু বৃহস্পতিবাৰে এজন ক’ভিড আক্রান্তৰ মৃত্যু হোৱাৰ পিছত আজি পুনৰ এজন ক’ভিড আক্রান্তৰ মৃত্যু হয়৷ মৃত্যু হোৱা ব্যক্তিজন তামুলপুৰ মহকুমাৰ অন্তর্গত দেউলকুছিৰ মৃদুল আলী (৩৫) বুলি জানিব পৰা গৈছে৷
ক’ৰোনাই প্রাণ কাঢ়িলে সৰুপেটাৰ অৱসৰপ্রাপ্ত অধ্যাপিকা হৈময়ন্তী তালুকদাৰৰ
ক’ৰোনাই এতিয়া ভৱানীপুৰ সমষ্টিতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এইপর্যন্ত সমষ্টিটোত শতাধিক লোক আক্রান্ত হোৱাৰ লগতে এজনৰ মৃত্যু হৈছে৷ ক’ৰোনাত আজি সমষ্টিটোৰ সৰুপেটাৰ নপাৰা চুবুৰিৰ বাসিন্দা তথা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী অধ্যাপিকা হৈময়ন্তী তালুকদাৰ (৬১)ৰ মৃত্যু ঘটিছে৷ জানিব পৰা মতে, তালুকদাৰে দুদিন পূর্বে সাধাৰণ চর্দি–কাহ আৰু জ্বৰত ভুগি থকাত নমুনা পৰীক্ষা কৰাইছিল যদিও ক’ৰোনাৰ উপস্থিতি ধৰা পৰা নাছিল৷কালি নিশাৰে পৰা হঠাৎ তেওঁৰ দেহত অক্সিজেনৰ পৰিমাণ হ্রাস পোৱাত অসুস্থ হৈ পৰে৷ আজি পুৱা তেওঁক ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজ হাস্পতালত ভর্তি কৰাই নমুনা পৰীক্ষা কৰোৱাত তেওঁৰ দেহত ক’ৰোনাৰ উপস্থিতি ধৰা পৰে৷ আনহাতে ক’ৰোনাত আক্রান্ত তালুকদাৰক চিকিৎসা সেৱা আগবঢ়াবলৈ চিকিৎসকসকল তৎপৰ হোৱাৰ পিছত দিনৰ প্রায় ১২ বজাত তেওঁৰ মৃত্যু ঘটে৷

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপিকাগৰাকী এজন সুগায়িকা তথা লেখিকা হিচাপেও জনাজাত আছিল৷ তালুকদাৰৰ মৃত্যুৱে আজি সৰুপেটা আৰু ভৱানীপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পেলায়৷ মহাবিদ্যালয়ত পঢ়া দিনৰ পৰাই লোকগীত আৰু বৰগীতৰ গায়িকা হিচাপে পৰিচিত তালুকদাৰৰ লোক–সংস্কৃতিৰ ওপৰত লিখা ভালেমান লেখা বিভিন্ন আলোচনীত প্রকাশ পাইছিল৷ তেওঁ ‘সৰুপেটা লেখিকা সমাৰোহ সমিতি’ৰ ২০১১–১২ বর্ষত সভানেত্রীৰ দায়িত্বও বহন কৰিছিল৷ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপিকা পদৰ পৰা ২০২০ চনৰ ৩১ জানুৱাৰীত অৱসৰ গ্রহণ কৰা তালুকদাৰে অঞ্চলটোৰ বিভিন্ন সামাজিক–সাংস্কৃতিক অনুষ্ঠানৰ লগতো সক্রিয়ভাৱে জডিত হৈ আছিল৷ এইজন প্রতিভাৱান মহিলাৰ মৃত্যুৱে আজি আত্মীয়–স্বজনৰ লগতে অজস্র গুণমুগ্ধক শোকাহত কৰি তোলে৷ তালুকদাৰৰ মৃত্যুত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ শিক্ষক–কর্মচাৰী আৰু ছাত্র–ছাত্রীসকলৰ লগতে সৰুপেটা লেখিকা সমাৰোহ সমিতি, ভৱানীপুৰ কবি মঞ্চ, সৰুপেটা আঞ্চলিক ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সৰুপেটা আঞ্চলিক সমিতি, ভৱানীপুৰ আঞ্চলিক ছাত্র সন্থা, ঐকতান সৰুপেটাকে ধৰি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে গভীৰ শোক প্রকাশ কৰে৷ মৃত্যুৰ সময়ত তেওঁ তেওঁৰ স্বামীৰ সৈতে দুজন পুত্র সন্তান আৰু এজন বোৱাৰীক ইহসংসাৰত এৰি যায়৷
চামগুৰিত এজনৰ মৃত্যু
ক’ভিডৰ সংক্রমণে নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্রৰ অন্তর্গত এলেকাসমূহত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ কালি চামগুৰিত আলহী খাবলৈ আহি ক’ভিডত এজন লোকৰ আজি মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাত সমগ্র অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে৷ জানিব পৰা মতে, নগাঁও জিলাৰ চামগুৰি বিলপাৰত শহুৰেকৰ ঘৰত ফুৰিবলৈ আহিছিল কর্মসূত্রে ডিমৰুগুৰিত থকা তেজপুৰৰ লীলা শইকীয়া নামৰ লোকজন৷ মধুমেহ আৰু বৃক্কজনিত ৰোগত দীর্ঘদিনে ভুগি থকা পঞ্চাশ বছৰীয়া লোকজন ৩–৪ দিন শহুৰেকৰ ঘৰত থকাৰ পিছত হঠাৎ অসুস্থ হৈ পৰাত শহুৰৰ পৰিয়ালে কালি পুৱা নগাঁৱলৈ চিকিৎসাৰ বাবে নিয়ে যদিও চিকিৎসাধীন অৱস্থাত লোকজনৰ মৃত্যু হয়৷

বিলপাৰৰ শহুৰৰ পৰিয়ালে জোঁৱায়েক লীলা শইকীয়াক চিকিৎসাৰ বাবে প্রথমে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিছিল যদিও উক্ত চিকিৎসালয়ত লোকজনৰ ক’ভিড পজিটিভ ধৰা পৰাত চিকিৎসালয় কর্তৃপক্ষই ক’ভিড কেয়াৰ চেণ্টাৰলৈ প্রেৰণ কৰে৷ দুর্ভাগ্যজনকভাৱে ক’ভিড কেয়াৰ চেণ্টাৰলৈ নিয়াৰ পথতে হঠাৎ লোকজনৰ অক্সিজেনৰ অভাৱ ঘটি মৃত্যু হয়৷ আনহাতে আজি স্বাস্থ্য বিভাগে কালি মৃত্যু হোৱা লোকজনৰ শহুৰৰ পৰিয়ালটোক এণ্টিজেন টেষ্ট কৰাত তিনিজন ক্রমে দেৱজিৎ নেওগ, ৰিতুমণি নেওগ আৰু জ্যোতিমণি নেওগৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ পৰিয়ালটোক ইতিমধ্যে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে নগাঁৱৰ বৃহত্তৰ চামগুৰি আৰু পুৰণিগুদামত সৃষ্টি হোৱা ক’ভিডৰ ভয়াৱহতা বিশেষকৈ চলচলি ৰঙীয়াগাঁৱত একেখন গাঁৱত আজিপর্যন্ত ৩১জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ প্রতি লক্ষ্য ৰাখি আজিৰে পৰা উক্ত অঞ্চলটোক নগাঁও জিলা প্রশাসনে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷
ডিব্রুগড়ত আলম আৰা বেগমসহ ৪জনৰ ক’ভিডত মৃত্যু
ডিব্রুগড়ৰ সমাজ জীৱনৰ এজন অগ্রণী মহিলা, বিশিষ্ট সমাজকর্মী, শিক্ষক আলহাজিনা আলম আৰা বেগম (৮১) আজি ডিব্রুগডৰ এখন ব্যক্তিগত চিকিৎসালয়ত ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ ১৯৪০ চনৰ ২০ আগষ্টত ডিব্রুগডৰ আকবৰপট্টিত জন্মগ্রহণ কৰা বেগমৰ পিতৃ আছিল মৰহুম আমবৰ আলী৷ ডিব্রুগডৰ দীঘলী বজাৰ স্কুলত প্রাথমিক শিক্ষাৰ পাতনি মেলাৰ পিছত ডিব্রুগডৰ চৰকাৰী ছোৱালী হাইস্কুলত অধ্যয়ন কৰে৷ শ্বিলঙৰ লেডী কীন গার্লছ কলেজ আৰু গুৱাহাটী সন্দিকৈ কলেজৰ পৰা ইণ্টাৰমিডিয়েট আৰু ডিব্রুগডৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ পৰা তেওঁ বি এ পাছ কৰে৷ ১৯৬৬ চনত তেওঁ ডিব্রুগড বিশ্ববিদ্যালয়ৰ পৰা বি টি আৰু ১৯৬৯ চনত চৰকাৰী বৃত্তি লৈ চেন্নাইৰ পৰা মাৰিয়া মণ্টেশ্বৰীৰ পৰা শিক্ষকৰ প্রশিক্ষণ লয়৷ পৰৱর্তী কালত শিক্ষকতাৰে জীৱন অতিবাহিত কৰা বেগমে টিএনজি কিন্দ্রী স্কুল, ডিব্রুগড়ৰ পীচ কটেজ স্কুল, বৈৰাগীমঠত থকা ডন স্কুল আদিত প্রধান শিক্ষয়িত্রী হিচাপে সেৱা আগবঢ়ায়৷ এজন সুবক্তা আৰু ভাল গায়িকা হিচাপেও এসময়ত সুখ্যাতি লাভ কৰা

বেগমে ১৯৭৬ চনত দেৰগাঁৱৰ হোমিঅ’ চিকিৎসক ডাঃ ছেহিৰ উদ্দিন আহমেদৰ লগত বিবাহপাশত আবদ্ধ হয়৷ বেগমে ১৯৯৫ আৰু ১৯৯৮ চনত দুবাৰকৈ হজ ব্রত সম্পন্ন কৰে আৰু ২০১৮ চনত শেষবাৰৰ বাবে উমৰাহ হজ সম্পন্ন কৰে৷ ডিব্রুগডত থকা অন্যতম একমাত্র মহিলা অনুষ্ঠান আঞ্জুমান এ খাদেম তুল ইছলাম নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ মৃত্যুৰ পূর্বমুহূর্তলৈকে সম্পাদিকাৰ দায়িত্বত আছিল৷ ইয়াৰ উপৰি ডিব্রুগডৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ এজন সদস্য আছিল তেওঁ৷ আজি বেগমৰ জানাজা আমোলাপট্টি কবৰস্থানত ক’ভিড বিধি অনুযায়ী সম্পন্ন কৰা হয়৷ডিব্রুগডৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি–সম্পাদক, আকবৰপট্টি মছজিদ কমিটীৰ সভাপতি– সম্পাদক, ডিব্রুগডৰ ইমাম পৰিষদৰ সম্পাদক, ডিব্রুগডৰ জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ সভাপতি–সম্পাদক আদি বিভিন্নজনে বেগমৰ মৃত্যুত শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায়৷ ইফালে আজি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰেখা গগৈ, সুৰেশ ভগত, হাছনাৰা বেগম আৰু বীৰেন গগৈৰ মৃত্যু ঘটিছে৷
গোলাঘাটত ক’ভিডত আক্রান্ত হৈ দুজনৰ মৃত্যু
ক’ৰোনা ভাইৰাছৰ দ্বিতীয়টো ঢ়ৌত গোলাঘাটত পুনৰ দুজন লোকৰ মৃত্যু ঘটে৷ গোলাঘাট জিলাৰ বেঙেনাখোৱাৰ দেৱীমায়া প্রধান (৫৮)ৰ ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে৷ আনহাতে জিলাখনৰ মহিমা চাহ বাগিচাৰ সহকাৰী পৰিচালক আনন্দ কুমাৰ শ্রীবাস্তৱ (৪০)ৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে সদৰী কৰিছে৷ আজি এই দুজনক ধৰি গোলাঘাটত ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯জনলৈ বৃদ্ধি পাইছে৷
মহিমা চাহবাগিচাৰ এজন পৰিচালকৰ মৃত্যু৷
ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে গোলাঘাট জিলাৰ কাকডোঙাৰ মাজুকুছি কৈৱর্ত গাঁৱৰ মুঠ ১৪জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ দেৰগাঁও ৰাজহ চক্র বিষয়া কাকডোঙাত উপস্থিত হৈ মাজুকুছি কৈৱর্ত গাঁওখন কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে৷আনহাতে দেৰগাঁও আৰক্ষী প্রশিক্ষণ কেন্দ্রত আজিৰ দিনটোত ৭জন, বঙালগাঁৱত ৫জনকে ধৰি দেৰগাঁও অঞ্চলত মুঠ ১৭জন লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ তথ্য পোৱা গৈছে৷
ছাগলীয়া ক’ভিড পৰীক্ষণ চকীত আজি ক’ভিড আক্রান্ত ১৫
ধুবুৰী জিলাৰ অসম–বংগ সীমান্তৰ ছাগলীয়া ক’ভিড পৰীক্ষণ কেন্দ্রত আজি ক’ভিডৰ পৰীক্ষা কৰা ৰোগীসকলৰ ভিতৰত ১৫জন যাত্রীৰ শৰীৰত ক’ভিড ধৰা পৰে৷ ইয়াৰ ২জন কোচবিহাৰৰ, ৯জন ধুবুৰী জিলাৰ আৰু বাকী এজনকৈ মেঘালয়ৰ শ্বিলং আৰু বিহাৰৰ বুলি জানিব পৰা গৈছে৷ তদুপৰি কোচবিহাৰৰ এজনক কোচবিহাৰ জিলা প্রশাসনক চমজাই দিয়াৰ লগতে ধুবুৰীৰ ৮জন হোম আইছ’লেচন আৰু বাকী ৬জন ৰোগীক চিকিৎসালয়ত ভর্তি কৰে৷
পলাশবাৰীৰ বিশিষ্ট ব্যৱসায়ী বসন্ত কুমাৰ কলিতাৰ ক’ভিডত মৃত্যু
দক্ষিণ কামৰূপৰ পলাশবাৰী অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকর্মী বসন্ত কুমাৰ কলিতা (৯২)ৰ ৫ মে’ৰ নিশা গুৱাহাটীৰ কালাপাহাৰৰ ক’ভিড হাস্পতালত মৃত্যু হয়৷ হূদৰোগ আৰু বৃক্কৰোগত দীর্ঘদিন আক্রান্ত হৈ থকা কলিতাই এপল’ হাস্পতালত চিকিৎসা গ্রহণ কৰি থকাৰ মাজতে ক’ভিডত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লয়৷
নাৰায়ণপুৰৰ যুৱকৰ গুৱাহাটীত মৃত্যু
কিছুদিন ধৰি মহানগৰী গুৱাহাটীৰ এটা বেচৰকাৰী কোম্পানীত কর্মৰত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ তাঁতীবাহৰ অঞ্চলৰ পদ্মপুৰৰ যুৱক সঞ্জীৱ কুমাৰ (তপন) বৰাৰ শুই থকা অৱস্থাতে মৃত্যু হোৱা ঘটনাই সমগ্র নাৰায়ণপুৰত চাঞ্চল্য সৃষ্টি কৰিছে৷ আজি পুৱা বহু দেৰিলৈকে শুই নুঠাত ভাৰাঘৰৰ মালিকে সঞ্জীৱে শোৱাকোঠাটোৰ দুৱাৰ ভাঙি তেওঁক মৃত অৱস্থাত ডদ্ধাৰ কৰে৷ ঘৰৰ মালিকে ঘটনা সন্দর্ভত সঞ্জীৱৰ পৰিয়ালৰ লোকক লগে লগে অৱগত কৰে আৰু পৰিয়ালৰ লোক ঘটনাস্থলীত ডপস্থিত হয়৷ পিছত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱাত ক’ভিড পজিটিভ ধৰা পৰে৷
কলাইগাঁৱত ক’ভিডত এজনৰ মৃত্যু
ৰাজ্যখনত ক’ভিড সংক্রমণে বিভীষিকা সৃষ্টি কৰি থকাৰ সময়তে আজি কলাইগাঁৱত পুনৰ এজন লোকে ক’ভিডত আক্রান্ত হৈ মৃত্যুক সাবটি লয়৷ বাগিচাচুবা গাঁও নিৱাসী জয়ন্ত নাথে (৪৫) ক’ভিডত আক্রান্ত হৈ মৃত্যুক সাবটি লয়৷ জানিব পৰা মতে, বাগিচাচুবা গাঁৱৰ হেমচন্দ্র নাথৰ পুত্র জয়ন্ত নাথৰ কেইবাদিন ধৰি জ্বৰ আৰু কাহত আক্রান্ত হোৱাত যোৱা ৫ মে’ত পৰিয়ালৰ লোকে কলাইগাঁও আদর্শ চিকিৎসালয়লৈ লৈ যায়৷ সেই অনুসৰি চিকিৎসকে জয়ন্ত নাথক ক’ভিড পৰীক্ষা কৰাত ক’ভিডত আক্রান্ত হোৱাৰ লক্ষণ ধৰা পৰে৷ চিকিৎসকৰ পৰামর্শ অনুসৰি জয়ন্তক হোম কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰে যদিও আজি পুৱা হঠাতে অধিক অসুস্থ হৈ পৰে আৰু পুৱা প্রায় সাত বজাত ঘৰতে মৃত্যু হয়৷
নগাঁৱৰ ষ্টেট বেংকৰ অৱসৰপ্রাপ্ত শীর্ষ বিষয়াৰ ক’ভিডত মৃত্যু
নগাঁও চহৰৰ হয়বৰগাঁৱৰ খৰমপট্টি নিৱাসী তথা ভাৰতীয় ষ্টেট বেংকৰ জ্যেষ্ঠ অৱসৰপ্রাপ্ত বিষয়া অখিল ৰঞ্জন গোস্বামী (৬৭)ৰ ক’ভিডত আক্রান্ত হৈ কালি নিশা গুৱাহাটীৰ আমিনগাঁওস্থিত জি এন আৰ চি হাস্পতালত মৃত্যু ঘটে৷ আজি মৃত গোস্বামীৰ অন্তিম সংস্কাৰ গুৱাহাটীৰ ভূতনাথ শ্মশানত কৰাৰ ব্যৱস্থা গ্রহণ কৰে৷ উল্লেখ্য যে নগাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাৰ মুখ্য পৰিচালক হিচাপে কার্যনির্বাহ কৰা অখিল ৰঞ্জন গোস্বামীৰ গ্রাহকক আতিথ্য আৰু অ–কৃত্রিম সেৱাৰ বাবে তেওঁ জনপ্রিয় বেংক বিষয়া হিচাপে পৰিচিত আছিল৷ তেওঁৰ মৃত্যুত বিধায়ক ৰূপক শর্মা, প্রাক্তন মন্ত্রী গিৰীন্দ্র কুমাৰ বৰুৱাই গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷
বাৰেগাঁৱত ক’ৰোনাত মৃত্যু অৱসৰপ্রাপ্ত শিক্ষকৰ
কমলপুৰ মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ৰ অন্তর্গত পূব বোর্কাত ক’ভিডত আক্রান্ত হৈ ইতিমধ্যে দুজনকৈ লোকৰ মৃত্যুক লৈ অঞ্চলটোৰ বাবে আতংকৰ কাৰণ হৈ পৰাৰ সময়তে আজি পুনৰ গাঁওখনৰ নিকটৱর্তী বাৰেগাঁৱৰ এজন লোকৰ ক’ভিডত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে৷ প্রাপ্ত তথ্য মতে, হাৰেজ আলী (৬৭) নামৰ বাৰেগাঁৱৰ অৱসৰপ্রাপ্ত শিক্ষকজন জ্বৰ, কাহৰ লগতে বুকুৰ বিষ অনুভৱ কৰাত কালি কমলপুৰ চিকিৎসালয়ত গৈ ক’ভিড টেষ্ট কৰোৱাত ৰিজাল্ট পজিটিভ আহে৷ কিন্তু কালি নিশাৰ পৰাই বুকুৰ বিষটো বেছি হোৱাত আজি আমিনগাঁওস্থিত জি এন আৰ চি হাস্পতালত পৰিয়ালৰ লোকে ভর্তি কৰায় যদিও পুৱা ৯.১০ বজাত মৃত্যুক সাবটি লয়৷
শোণিতপুৰত ৫জনৰ মৃত্যু
শোণিতপুৰ জিলাত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৭৬জন লোক ক’ভিড ৰোগী হিচাপে চিনাক্ত হোৱাৰ লগতে ইতিমধ্যে চিকিৎসাধীন অৱস্থাত থকা ৫জনকৈ ক’ভিড ৰোগীৰ মৃত্যু ঘটাত চিন্তিত কৰি তুলিছে জিলা প্রশাসনক৷ তাতোকৈ গুৰুত্বপূর্ণ কথা যে যোৱা ২৪ ঘণ্টাত মৃত্যুহোৱা ক’ভিড ৰোগীৰ চাৰিজনেই হ’ল জিলা সদৰ তেজপুৰৰ৷ ইয়াকে লৈ চহৰখনত ব্যাপক আতংকময় পৰিৱেশৰ সূচনা হোৱা পৰিলক্ষিত হৈছে৷ আজি জিলা প্রশাসনে জানিবলৈ দিয়া অনুসৰি, কালি সন্ধিয়াৰ ভাগত স্থানীয় বিন্দুকুৰি বি পি তিনিআলিৰ মাণিক দেৱনাথ (৪৩)ৰ মৃত্যু ঘটাৰ পিছত আজি তেজপুৰ চহৰৰ জি চি ৰোডৰ জাহানাৰা বেগম (৪৮), দর্জিপট্টিৰ আব্দুল কাদিৰ (৫৮), নিকামূল পৰোৱাৰ হেমন্ত বৰা (৬০) আৰু জিলাখনৰ ঢ়েকীয়াজুলি ৫নং ৱার্ড নিৱাসী ভৱকান্ত বৰাৰ (৭৫) চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে৷ ডল্লেখ্য যে শোণিতপুৰ জিলা পৰিষদ আৰু ডি আৰ ডি এত কার্যনির্বাহ কৰাৰ পিছত জলসিঞ্চন বিভাগৰ ইটাখোলা সংমণ্ডলৰ সহকাৰী কার্যবাহী অভিযন্তা হিচাপে কার্যনির্বাহ কৰি থকা তেজপুৰ নিকামূল অঞ্চল নিৱাসী তথা অতি সৰবৰহী ব্যক্তি হেমন্ত বৰাই আজি বিয়লি ৩ বজাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰাৰ সংবাদে চহৰবাসীক মর্মাহত কৰি তুলিছে৷
কৈঠালকুছিৰ বালি গাঁৱৰ যুৱক মনোজ কলিতাৰ ক’ভিডত মৃত্যু
নিয়মীয়া বার্তা কৈঠালকুছি ঃ ক’ভিডে প্রাণ কাঢ়িলে নলবাৰীৰ বালি গাঁৱৰ এজন চফল ডেকাৰ৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত নলবাৰী জিলাৰ নামবৰভাগ মৌজাৰ বালি গাঁৱৰ কলিতাপাৰা চুবুুৰি নিৱাসী তথা নিউজ–১৮ৰ কর্মচাৰী মনোজ কলিতা (২৮)ৰ ক’ভিডত আক্রান্ত হৈ আজি মৃত্যু হয়৷ কেইবাদিনো ধৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত তেওঁ চিকিৎসাধীন হৈ আছিল৷ যুৱকজনৰ অকাল বিয়োগত বৃহত্তৰ বালি গাঁৱত শোকৰ ছছা পৰে৷ জানিব পৰা মতে, প্রয়াত ৰমেশ কলিতা আৰু পুলমা কলিতাৰ একমাত্র পুত্র মনোজে কেইদিনমান পূর্বে ক’ৰোনাত আক্রান্ত হৈ নিজ ঘৰতে পৃথককৈ আছিল যদিও ক’ৰোনা নিগেটিভ নোহোৱাত প্রথমে গুৱাহাটীৰ ক্রিটিকেল কেয়াৰ হাস্পতালত ভর্তি কৰোৱা হয় যদিও পিছত তেওঁক জি এম চি এইচলৈ স্থানান্তৰ কৰা হৈছিল৷ বালি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্রৱেশিকা আৰু উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষাত উত্তীর্ণ হোৱা মনোজে চাৰি বছৰ পূর্বে নিউজ–১৮ত যোগদান কৰিছিল৷ উদীয়মান যুৱকজনৰ অকাল মৃত্যুত বালি গাঁও উন্নয়ন সমিতি, বালি শাখা সাহিত্য সভা, বালি শ্রীশ্রীঈশ্বৰী শ্যামা পূজা পৰিচালনা সমিতি, বালি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অক্ষয় তালুকদাৰৰ লগতে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে শোক প্রকাশ কৰে ৷
বঙাইগাঁৱত ক’ভিড আক্রান্তৰ মৃত্যু
বঙাইগাঁৱত আজি ক’ভিডত আক্রান্ত হৈ ৫৫ বছৰীয়া মহিলা এগৰাকীৰ মৃত্যু ঘটিছে৷ মৃত মহিলাগৰাকী বিমলা সৰকাৰ৷

You might also like