নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL: ২৫০০ কোটি টকাৰ লোকচান হ’বঃ গাংগুলী

নিয়মীয়া বাৰ্তা, ৮ মে: ক’ৰোনাৰ আতংকৰ বাবে আধাতে অনির্দিষ্টকাললৈ স্থগিত ৰখা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ চতুর্দশ সংস্কৰণটো সম্পন্ন কৰাৰ বাবে উঠিপৰি লাগিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড৷ যদি চলিত বছৰৰ ভিতৰত বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ প্রতিযোগিতাখন সম্পন্ন কৰিব নোৱাৰে, তেতিয়াহ’লে বি চি চি আয়ে অতি কমেও ২৫০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব৷ আই পি এলখনৰ সন্দর্ভত সংবাদ প্রতিষ্ঠানৰে হোৱা এটা বার্তালাপত বি চি চি আইৰ সভাপতি গাংগুলীয়ে চলিত বর্ষতে আই পি এলৰ পৰৱর্তী মেচসমূহ সমাপ্ত কৰাৰ আমি লক্ষ্য লৈছোঁ৷ যদি আই পি এলৰ বাকী মেচসমূহ আমি আয়োজন কৰিব নোৱাৰোঁ, তেতিয়াহ’লে ২৫০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ম৷

ভাৰতত নোৱাৰিলেও আই পি এলখন দেশৰ বাহিৰতো আয়োজনৰ চিন্তা–চর্চা কৰিব লাগিব৷ গাংগুলীয়ে আই পি এলখন বাতিল হোৱাটো নিবিচাৰে বুলি উল্লেখ কৰি লগতে কয় যে ক’ৰোনাৰ ভয়াৱহতাৰ বাবে বর্তমান দেশৰ পৰিস্থিতি অধিক ভয়ানক হৈ পৰিছে যদিও আই পি এলৰ মেচসমূহ কিদৰে আয়োজন কৰিব পাৰি, তাক লৈ আই পি এলৰ গৱর্নিং বডীৰে আলোচনা কৰিব লাগিব৷

You might also like