নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএল পাতিবলৈ সাজু ইংলেণ্ড

নিয়মীয়া বাৰ্তা, ৮ মে: মাৰাত্মক ক’ভিড–১৯ৰ ভয়াৱহতাৰ বাবে ভাৰতৰ পৰিস্থিতি অধিক ভয়ানক হৈ পৰাত আধাতে অনির্দিষ্টকালৰ বাবে স্থগিত ৰখা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ পৰৱর্তী মেচসমূহ আয়োজন কৰিবলৈ সাজু আছে ইংলেণ্ড৷ বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনৰ বাকী থকা ৩১খন মেচ আয়োজন কৰাৰ বাবে ইংলেণ্ডৰ কাউণ্টী দল মিডলছেক্স, ছাৰে, ৱাৰৱিকশ্বায়াৰ আৰু লাংকাশ্বায়াৰে আগ্রহ প্রকাশ কৰিছে৷

ইতিমধ্যে কাউণ্টী দলকেইটাই আই পি এলৰ বাকী থকা মেচসমূহ আয়োজনৰ আগ্রহী বুলি ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’ডলৈ পত্র প্রেৰণ কৰিছে৷ এই মেচসমূহ ছেপ্ঢেম্বৰৰ দ্বিতীয় ভাগত আয়োজন কৰাৰ ইচ্ছুক দলকেইটা৷ ইংলেণ্ডত আই পি এলৰ মেচসমূহ আয়োজন কৰাৰ সন্দর্ভত অহা সপ্তাহত আই চি চিৰ মুখ্য কার্যবাহী বিষয়াসকলৰ মাজত হ’বলগীয়া বৈঠকত আলোচনা চলিব৷ এই বৈঠকখনত উপস্থিত থাকিব বি চি চি আই আৰু ই চি বিৰ কেইবাজনো বিষয়ববীয়া৷ অৱশ্যে আই পি এলৰ বাকী মেচসমূহ আয়োজন কৰাৰ সন্দর্ভত এতিয়ালৈকে কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷

You might also like