নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হর্ছ ট্রেডিঙৰ ভূত

গণতান্ত্রিক শাসন ব্যৱস্থাৰ প্রধান বৈশিষ্ট্যটো হৈছে এজন ব্যক্তিৰো কথা গুৰুত্বসহকাৰে শুনা হয়৷ কিন্তু যেতিয়া চৰকাৰ গঠনৰ কথা আহে, তাত সংখ্যাৰ খেলটোৱে প্রধান ভূমিকা গ্রহণ কৰে৷ অর্থাৎ চৰকাৰ গঠন কৰিবলৈ প্রয়োজনীয় শক্তি যাৰ হাতত থাকে, তেৱেঁই ক্ষমতাৰ অধিকাৰী হয়৷ কেতিয়াবা কেতিয়াবা সংখ্যাৰ এই খেলটোৱে গণতন্ত্রক উপহাসৰ পাত্র কৰি তোলে৷ মেজিক নাম্বাৰ লাভৰ বাবে ‘হর্ছ ট্রেডিঙ’ৰ আশ্রয় লয় বহু ৰাজনৈতিক দলে৷ সম্ভৱতঃ কুৰি আৰু একবিংশ শতিকাত গণতন্ত্রৰ বাবে ইয়াতকৈ দ্বিতীয়টো প্রত্যাহ্বান সৃষ্টি হোৱা নাই৷ শেহতীয়াকৈ অসমত ‘হর্ছ ট্রেডিঙ’ক লৈ এটা নাভূত–নাশ্রুত ঘটনা সংঘটিত হৈছে৷ সাধাৰণতে ভোটগণনাৰ পিছত ‘হর্ছ ট্রেডিঙ’ৰ প্রসংগটো প্রাসংগিক হৈ পৰে৷ কিন্তু এইবাৰ অসমত এটা আচহুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে৷ ভোটগণনাৰ পূর্বে শংকিত হৈ পৰিছে মহাজোঁটৰ অংশীদাৰ দলকেইটা৷ চৰকাৰ বিজেপিৰেই হ’ব বুলি ধাৰণা কৰি মহাজোঁটৰ কেউটা দলে নিজ নিজ প্রার্থীসকলক অসমৰ পৰা আঁতৰাই ৰাখিছে৷ এইকেইদিনৰ সংবাদ মাধ্যমৰ খবৰলৈ লক্ষ্য কৰিলে দেখা যায় যে এটা বিশেষ ৰাজনৈতিক দলৰ পৰা মহাজোঁটৰ প্রার্থীসকলক আঁতৰাই ৰখাৰ চেষ্টা চলোৱা হৈছে৷ কিয়নো ৰাজনৈতিক দলটোৱে তেওঁলোকৰ প্রার্থীসকলৰ মাজৰ পৰা কোনোবাক ক্রয় কৰি চৰকাৰ গঠনৰ পথ সহজ কৰি তুলিব পাৰে৷ ভাৰতীয় গণতান্ত্রিক শাসন ব্যৱস্থাত এনেধৰণৰ ঘটনাৰ নজিৰ পাবলৈ নাই৷ যদিহে ভোটগণনা সম্পূর্ণ হ’লহেঁতেন আৰু ৰাজনৈতিক দলবোৰৰ শক্তি স্পষ্ট হ’লহেঁতেন, তেতিয়া ‘হর্ছ ট্রেডিঙ’ৰ প্রসংগটো আহিব পাৰে৷ কিন্তু অসম বিধানসভা নির্বাচনৰ ভোটগণনালৈ এতিয়াও প্রায় এমাহ বাকী৷ কোনটো দল বা মর্চাই চৰকাৰ গঠন কৰিব সেইটো এতিয়াও স্পষ্ট হোৱাই নাই৷ তেনেস্থলত ‘হর্ছ ট্রেডিঙ’ৰ আশংকা কৰি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা মহাজোঁটৰ প্রার্থীসকলক অসমৰ পৰা আঁতৰাই ৰখাৰ যুক্তি কি থাকিব পাৰে? এইটো সঁচাকৈয়ে ৰহস্যজনকেই নহয়, এক কথাত ক’বলৈ গ’লে হাস্যকৰো৷ অসমৰ ৰাজনীতিত স্বাধীনতাৰ পিছৰে পৰাই মুখ্য ভূমিকা গ্রহণ কৰি অহা কংগ্রেছৰ দৰে এটা ঐতিহ্যমণ্ডিত ৰাজনৈতিক দলে কিহৰ আধাৰত এনে পদক্ষেপ গ্রহণ কৰিব পাৰে, সেইটো সঁচাকৈয়ে হজম কৰিব নোৱৰা বিষয়৷
ৰাজনীতিৰ সৈতে জড়িত থকা ব্যক্তিসকলে এটা কথা ভালদৰেই জানে যে এইবাৰৰ অসম বিধানসভা নির্বাচনত বিজেপিৰ নেতৃত্বত মিত্রজোঁট আৰু কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ মাজত প্রধান যুঁজখন হ’ব৷ চৰকাৰ কোনে গঠন কৰিব, সেইটো ভোটগণনাই নির্ণয় কৰিব৷ কিন্তু ইয়াৰ আগেয়ে কোনো এটা ৰাজনৈতিক দলে বজাৰৰ আলু–কচু কিনাৰ দৰে জনপ্রতিনিধি ক্রয় কৰিব, সেইটো আগতীয়াকৈ ধাৰণা কৰি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রার্থীসকলক অসমৰ পৰা আঁতৰাই ৰখাটো জানো সুস্থ ৰাজনৈতিক পৰম্পৰাৰ অংশ? প্রশ্ণ ‘হর্ছ ট্রেডিঙ’ৰ নহয়, মহাজোঁটে নিজৰ প্রার্থীসকলক অসমৰ পৰা আঁতৰাই ৰখাটোহে৷ ভোটগ্রহণ সম্পূর্ণ হোৱাৰ পিছতে এনে কি পৰিস্থিতিৰ সৃষ্টি হ’ল যে তেওঁলোকে অসমৰ পৰা প্রার্থীসকলক আঁতৰত ৰাখি নিজকে সুৰক্ষিত অনুভৱ কৰিবলগীয়া হ’ল? জনতাৰ ভোটত আস্থাশীল কোনো ৰাজনৈতিক দল বা প্রার্থীয়ে এই ধৰণৰ কার্যক কোনো কাৰণতে সমর্থন কৰিব নোৱাৰে৷ ইয়াৰ অর্থ এইটোৱেই নেকি যে মহাজোঁটৰ অংশীদাৰ দলকেইটাৰ হৈ বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রার্থীসকলৰ ওপৰত তেওঁলোকৰ সামান্যতমো আস্থা নাই৷ অৱশ্যে আস্থাহীনতাৰ পৰিৱেশ বি পি এফৰে এজন প্রার্থীয়ে গঢ়ি তুলিছে৷ দলটোৰ তামুলপুৰ সমষ্টিৰ প্রার্থীগৰাকীয়ে ভোটগ্রহণৰ পূর্বেই নির্বাচনী যুঁজখনৰ পৰা ছত্রভংগ দি বিজেপিত যোগদান কৰে৷ কিন্তু এইটো আদর্শ হ’ব নোৱাৰে৷ বৰং ইয়াক এটা ব্যতিক্রম বুলিহে ক’ব পাৰি৷ সেই প্রার্থীজন যদি মহাজোঁটৰ ভৱিষ্যৎ কর্মপন্থা নির্ধাৰণৰ এটা যুক্তি বা আদর্শ হয়, তেন্তে মহাজোঁটৰ এই জঁট লগা ৰাজনীতি এখন ৰাজ্য অথবা সমাজৰ বাবে কোনো কাৰণতে আশাৰ বতৰা হ’ব নোৱাৰে৷ ভোটগণনাৰ পূর্বেই মহাজোঁটে তথাকথিত ‘হর্ছ ট্রেডিঙ’ৰ অভিযোগ তুলি প্রার্থীসকলক যিদৰে অসমৰ পৰা আঁতৰাই লৈ গ’ল, সময়ৰ বিচাৰত তেওঁলোক এইখন ৰাজ্যৰ ৰাজনীতিত হাঁহিয়াতৰ পাত্র হিচাপেহে ৰৈ যাব৷

You might also like