নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুং–সূত্র নাই চীনা সৈন্যই অপহৰণ কৰা ৫ অৰুণাচলীৰ

পিএলএলৈ হটলাইন মেছেজ ভাৰতীয় সেনাৰ

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ  চীনৰ সেনা বাহিনী পিপল্ছ লিবাৰেচন আর্মীৰ দ্বাৰা অপহূত পাঁচ অৰুণাচলী যুৱকৰ কোনোধৰণৰ শুংসূত্র বর্তমান পর্যন্ত ওলোৱা নাই৷ অৰুণাচল চৰকাৰ–প্রশাসনেও লাভ কৰা নাই যুৱককেইজনৰ কোনোধৰণৰ সম্ভেদ৷ অৰুণাচল আৰক্ষীৰ এটা দল সীমান্তৰ সমীপৱর্তী অতি দুর্গম ঘটনাস্থলীলৈ ৰাওনা হৈছে যদিও তেওঁলোক বর্তমান পর্যন্ত ঘূৰি অহা নাই৷ সমগ্র বিষয়টোক লৈ চাঞ্চল্য আৰু চেপা উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে আপাৰ সোৱণশিৰি জিলাৰ আৰক্ষী অধীক্ষক টাৰু গুচ্ছাৰে সংবাদ মাধ্যমৰ আগত কয় যে অপহৰণ কাণ্ডটো সংঘটিত হ’ব পাৰে৷ কিন্তু পাঁচজনকৈ লোক নিৰুদ্দিষ্ট হৈ থকা সন্দর্ভত তেওঁলোকৰ পৰিয়ালৰ তৰফৰ পৰা আমি কোনোধৰণৰ আনুষ্ঠানিক অভিযোগ লাভ কৰা নাই৷ ঘটনাটোৰ বিষয়ে আমি স্থানীয় সূত্রৰ যোগেদিহে অৱগত হৈছোঁ৷ ইয়াৰ মাজতে পশ্চিম অৰুণাচল লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্রীয় মন্ত্রী কিৰেণ ৰিজিজুৱে টুইটাৰযোগে এক গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ তেওঁ জানিবলৈ দিয়া মতে, ইতিমধ্যে ভাৰতীয় সেনাৰ তৰফৰ পৰা ঘটনাটো সন্দর্ভত পিপল্ছ লিবাৰেচন আর্মীলৈ ‘হটলাইন মেছেজ’ প্রেৰণ কৰা হৈছে৷ বর্তমান পিপল্ছ লিবাৰেচন আর্মীৰ উত্তৰলৈ অপেক্ষা কৰি থকা হৈছে৷ উল্লেখ্য যে ভাৰত–চীন উভয় দেশৰ প্রতিৰক্ষা মন্ত্রী মস্কোত বৈঠকত মিলিত হোৱাৰ দিনটোতে ড্রেগন বাহিনীয়ে অপহৰণ কৰি নিছিল পাঁচজনকৈ অৰুণাচলী যুৱকক৷ মুঠ সাতজন যুৱকৰ এটা দলে আপাৰ সোৱণশিৰি জিলাৰ সদৰ ডাপোৰিজোৰ পৰা প্রায় ১২০ কিলোমিটাৰ দূৰত্বৰ নাচো চক্র এলেকাৰ জংঘলত চিকাৰৰ উদ্দেশ্যে প্রৱেশ কৰিছিল৷ কিন্তু পিএলএৰ টহলদাৰী দলে ‘ছেৰা–৭’ পেট্র’লিং পইণ্টত দলটোৰ পাঁচজনক অপহৰণ কৰি লৈ যায়৷ দুজনে সুযোগ বুজি কোনোমতে পলাই সাৰে৷ চীনা সৈন্য বাহিনীয়ে অপহৰণ কৰি লৈ যোৱা পাঁচ যুৱকক ইতিমধ্যে টছ ছিংকাম, প্রসাট ৰিংলিং, ডংটু ইৰিয়া, টনু বাকেৰ আৰু নগ্রু ডিৰি বুলি চিনাক্ত কৰা হৈছে৷ ড্রেগন বাহিনীৰ দ্বাৰা সংঘটিত এই ভয়ংকৰ কাণ্ডৰ কথা প্রথমতে ছ’চিয়েল মিডিয়াযোগে ৰাজহুৱা কৰিছিল অপহৰণৰ বলি হোৱা প্রসাট ৰিংলিঙৰ ভাতৃ প্রকাশ ৰিংলিঙে৷ ইয়াৰ পিছতেই ৫ ছেপ্ঢেম্বৰৰ পুৱা ঘটনাটো সন্দর্ভত পশ্চিম পাচিঘাট বিধানসভা সমষ্টিৰ কংগ্রেছ বিধায়ক নিনোং ইৰিঙে এক টুইট কৰে৷ বিধায়ক ইৰিঙৰ এই টুইটটোৰ পিছতেই কার্যতঃ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হয়৷ অপহৰণ কাণ্ডৰ বিষয়ে নিশ্চিত কৰিবলৈ দুর্গম ঘটনাস্থলীলৈ ইতিমধ্যে ৰাওনা হোৱা অৰুণাচল আৰক্ষীৰ দলটো ঘূৰি অহালৈ সকলোৱে অপেক্ষা কৰিছে৷ মন কৰিবলগীয়া যে অপহৰণ কাণ্ড সংঘটিত হোৱা স্থান ইমানেই দুর্গম যে তালৈ গাড়ীৰে যাব পৰাকৈ কোনো পথ নাই৷ খোজকাঢ়ি গ’লে কমেও ১০–১২ দিনৰ বাট৷ তদুপৰি বাৰিষা কালত সেই অঞ্চলটোত মাত্রাধিক বৰষুণ হয়৷ এনে অৱস্থাত অৰুণাচল আৰক্ষীৰ দলটো তালৈ যোৱা আৰু ঘূৰি অহাৰ বাবে কিছু সময়ৰ প্রয়োজন হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷

You might also like