নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপালত সাহিত্য অকাডেমিৰ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ ‘উন্মেষ’

🔴৩-৬ আগষ্টৰ পৰা এছিয়াৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ

🔴 সাহিত্য মহোৎসৱ উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

🔴১০০টা ভাষাক প্ৰতিনিধিত্বৰে ৫৭৫গৰাকী লেখকৰ অংশগ্ৰহণ

বিশেষ বাৰ্তা, ১ আগষ্টঃ অহা ৩ আগষ্টৰ পৰা ৬ আগষ্টলৈ মধ্যপ্ৰদেশৰ ভূপাল চহৰত এছিয়াৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ ‘উন্মেষ’ৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ সবিশেষ তথ্য দিবলৈ আয়োজন কৰা সংবাদ মেলত ভাষণ দি সাহিত্য অকাডেমিৰ সম্পাদক কে. কে. শ্ৰীনিবাস ৰাৱে কয় যে ‘উন্মেষ’ ভাৰতৰ আটাইতকৈ সৰ্বাংগীণ সাহিত্য উৎসৱ আৰু প্ৰতিনিধিত্ব কৰা ভাষাৰ সংখ্যাৰ ফালৰ পৰা এছিয়াৰ সৰ্ববৃহৎ সাহিত্য উৎসৱ যদিও অতি সোনকালে বিশ্বৰ সৰ্ববৃহৎ সাহিত্য উৎসৱ হিচাপে পৰিগণিত হোৱাৰ পথত। তেওঁ আৰু কয় যে ‘উন্মেষ’ৰ প্ৰতিটো সংস্কৰণতে আমি নতুন নতুন বিষয় সংযোজন কৰিবলৈ চেষ্টা কৰোঁ যাতে নতুনকৈ লেখকৰ গোট এটাই আলোচনাত অংশগ্ৰহণ কৰাৰ সুযোগ পায় আৰু তেওঁলোকৰ সৃষ্টিশীলতাই নতুন দিশ লাভ কৰে। এই আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱৰ সমান্তৰালকৈ সংগীত নাটক অকাডেমীৰ উদ্যোগত ‘উৎকৰ্ষ’ শীৰ্ষক ৰাষ্ট্ৰীয় লোক আৰু জনজাতীয় পৰিবেশন কলা মহোৎসৱৰো আয়োজন কৰা হৈছে। এই দুয়োটা অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই উপলক্ষে মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী মীনাক্ষি লেখী আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ যুটীয়া সম্পাদক, ভাৰত চৰকাৰ, উমা নন্দুৰীও উপস্থিত থাকিব। স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে আয়োজন কৰা এই উৎসৱটো নতুন দিল্লীৰ সাহিত্য অকাডেমী, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু মধ্যপ্ৰদেশ চৰকাৰৰ সাংস্কৃতিক বিভাগৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে। প্ৰকাশৰ উদযাপন কৰা আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ উন্মেষত ১০০টা ভাষাৰ ৫৭৫তকৈ অধিক লেখকে ৭৫টাতকৈও অধিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। ভাৰতৰ উপৰি আন ১৩খন দেশৰ সাহিত্যিকসকলেও এই মহোৎসৱত অংশগ্ৰহণ কৰিব। মন কৰিবলগীয়া যে এয়া ‘উন্মেষ’ৰ দ্বিতীয় সংস্কৰণ। যোৱা বছৰৰ জুন মাহত হিমাচলৰ ছিমলাত প্ৰথমটো অনুষ্ঠান অনুষ্ঠিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱত বহুভাষিক কবিতা আৰু গল্প পাঠৰ বাহিৰেও আন বহুতো বিষয় আছে যিবোৰৰ ওপৰত প্ৰথমবাৰৰ বাবে আলোচনা হ’ব। এই বিষয়সমূহ হ’ল- ডাক্তৰৰ সাহিত্য, সাগৰ সাহিত্য, মেচিনৰ উত্থান- লেখকবিহীন সাহিত্য?, সৃষ্টিশীলতা বৃদ্ধি কৰা শিক্ষা, অনুবাদ, প্ৰগতি আৰু সমালোচনাত্মক চিন্তাৰ চালক, যোগ সাহিত্য, সাহিত্য আৰু প্ৰকৃতি, ই-সাহিত্য ইত্যাদি। আলোচনা হ’বলগীয়া আন আন গুৰুত্বপূৰ্ণ বিষয়সমূহ হ’ল- ভাৰতীয় কবিতা, ভাৰতীয় ভক্তি সাহিত্য, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, ভাৰতীয় নাটকত বিচ্ছিন্নতাৰ তত্ত্ব, বৈচিত্ৰ্যত ঐক্য, ভাৰতৰ কোমল শক্তি, চিনেমা আৰু সাহিত্য, বিদেশী ভাষাত ভাৰতীয় সাহিত্যৰ প্ৰসাৰ Importance of… মাতৃভাষা, কল্পনা আৰু কল্পবিজ্ঞান, নাৰীবাদ আৰু সাহিত্য, জনজাতীয় লেখা আৰু প্ৰান্তীয় লোকৰ কণ্ঠ – নিপীড়িতৰ উত্থান ইত্যাদি। এই আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱত ভাৰত-বিদেশৰ গুৰুত্বপূৰ্ণ সাহিত্যিক, পণ্ডিত, সাংবাদিক, অনুবাদক, প্ৰকাশক, সাংস্কৃতিক কৰ্মী, নাট্যকৰ্মী, চলচ্চিত্ৰ নিৰ্মাতাসকলে অংশগ্ৰহণ কৰিছে। কেৱল এয়াই নহয়, তিনিখন ৰাজ্যৰ ৰাজ্যপাল – কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান, ছত্তিশগড়ৰ ৰাজ্যপাল বিশ্ব ভূষণ হৰিচন্দন, তেলেংগানা ৰাজ্যৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজন আদিয়েও ভ্ৰমণ কৰিছে। ভাৰতত ফিজিৰ ৰাষ্ট্ৰদূত কমলেশ শশী প্ৰকাশৰ উপৰি এছ.এল. ভৈৰপ্পা, শান্তিশ্ৰী ধূলিপুডী পণ্ডিত, ভি কামাকোটি, চন্দ্ৰশেখৰ কামবৰ, বিশ্বনাথ প্ৰসাদ তিৱাৰী, সঞ্জয় ৰয়, জয়ন্ত মহপাত্ৰ, অস্কাৰ পুয়ল, তুলসী দিৱস, এম.এ. আলৱাৰ, সুৰেশ গোৱাল, গিৰিশ্বৰ মিশ্ৰ, চিত্ৰ দিবাকাৰুনি, বিষ্ণু দত্ত ৰাকেশ, ৰমেশ পোখৰিয়াল ‘নিশাংক’, লিণ্ডা হায়ছ, মমী যমদা, অমিষ ত্ৰিপাঠী, সোনাল মানসিং, চিত্ৰ মুদগাল, ৰঘুবীৰ চৌধুৰী, মমতা কলিয়া, মহেশ দত্তনি, বামন কেন্দ্ৰ, প্ৰয়াগ শুক্লা, সুৰজিৎ পাটৰ, নৱতেজ সৰ্ণা, বিশ্বাস পাটিল, নমিতা গোখলে, মহেন্দ্ৰ কুমাৰ মিশ্ৰ, শ্বীন কাফ নিজাম, বসমল্লী কে., অৰুণ কমল, গোবিন্দ মিশ্ৰ, লীলাধৰ জাগুদী আৰু উষা কিৰণ খান আদিও উপস্থিত থাকিব। প্ৰতিদিনে সন্ধিয়া সংগীত নাটক অকাডেমী উৎকৰ্ষঃ ৰাষ্ট্ৰীয় লোক আৰু জনজাতীয় পৰিবেশন কলাৰ মহোৎসৱৰ উদ্যোগত আয়োজিত বৰ্ণিল অনুষ্ঠানত অংশগ্ৰহণ কৰিব মধ্যপ্ৰদেশৰ লগতে অন্যান্য ৰাজ্যৰ শিল্পীসকলে। মহোৎসৱৰ সময়ত সাহিত্য অকাডেমীৰ লগতে অন্যান্য সাহিত্যিক প্ৰতিষ্ঠানৰ গ্ৰন্থও আকৰ্ষণীয় ৰেহাইত বিক্ৰীৰ বাবে উপলব্ধ হ’ব।

You might also like