মহাদেৱ শিৱৰ আৰাধনাৰ পৱিত্ৰ তিথি মহাশিৱৰাত্ৰি আজি সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো গভীৰ ভক্তিভাৱে পালন কৰা পৰিলক্ষিত হৈছে। বিভিন্ন শিৱ মন্দিৰত ধৰ্মীয় পৰিৱেশৰ মাজত পূজা-অৰ্চনা আৰু শিৱ বন্দনাৰে মুখৰিত হৈ পৰিছে দ্বীপজিলা মাজুলী।
পুৱাৰ পৰাই মাজুলীৰ বিভিন্ন শিৱ মন্দিৰত ভক্ত-ৰাইজৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। চাকি-বন্তি জ্বলাই, ধূপ-ধূনা প্ৰজ্বলন কৰি ফল-মূল আৰু নৈবেদ্য আগবঢ়াই ভক্তসকলে ভোলানাথৰ চৰণত সেৱা আগবঢ়ায়। শিৱ বন্দনা আৰু নাম-প্ৰসংগৰে আকাশ-বতাহ মুখৰিত হৈ উঠে। গড়মূৰত অৱস্থিত আঞ্চলিক নীলকন্ঠ শিৱ মন্দিৰত এইবাৰ ৩৫সংখ্যক মহাশিৱৰাত্ৰি বিশেষ ধৰ্মীয় কাৰ্যসূচীৰে উদযাপন কৰা হয়। মন্দিৰ প্ৰাংগণত আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰাৰ উপৰি পুৱাৰ পৰা ভক্তৰ সোঁত বোৱাৰ লগতে সন্ধিয়া বিশেষ আৰতি আৰু শিৱ নাম-কীৰ্তনৰ আয়োজন কৰা হয়।
ইয়াৰ উপৰি বৰগুৰি আঞ্চলিক শিৱ মন্দিৰ, ফুলনিকে ধৰি বহু শিৱ মন্দিৰত শতাধিক ভক্তৰ উপস্থিতি পৰিলক্ষিত হয়। লোকবচন অনুসৰি শিৱক মহিলাসকলে অধিক ভক্তিভাৱে আৰাধনা কৰে বুলি কোৱা হয়। সেই অনুসাৰে মন্দিৰসমূহত মহিলাসকলৰ উপস্থিতি বিশেষভাৱে চকুত পৰে। চাকি, ধূপ আৰু নৈবেদ্যৰ সুগন্ধিৰে সুবাসিত হৈ পৰে মন্দিৰসমূহৰ চৌহদ। আধ্যাত্মিকতাৰ গভীৰ অনুভূতি আৰু শ্ৰদ্ধাভাবৰ মাজত মাজুলীত মহাশিৱৰাত্ৰি এক পৱিত্ৰ আৰু ভাবগম্ভীৰ পৰিৱেশত উদযাপিত হয়।