নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ল’বেল চিনে কনফ্লুৱেন্স ২০২৬ত অসমীয়া ছবি ‘আদি শক্তি’ৰ চমকপ্ৰদ সফলতা

ডিজিটেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী : বছৰটোৰ আৰম্ভণিতে অসমৰ সাংস্কৃতিক জগতলৈ আহিছে এক সুখবৰ। নতুন দিল্লীত যুটীয়া আন্তঃৰাষ্ট্ৰীয় চিনেমা সমাৰোহ হিচাপে অনুষ্ঠিত হোৱা ১৮সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (JIFF) ২০২৬, ৯ম নতুন দিল্লী চলচ্চিত্ৰ মহোৎসৱ (NDFF) ২০২৬ আৰু গ্ল’বেল চিনে কনফ্লুৱেন্স (GCC)–দিল্লী ফিল্ম কনভেনচন এণ্ড ছামিট-২০২৬ত অসমীয়া কথাছবি ‘আদি শক্তি’য়ে তিনিটাকৈ সন্মানীয় বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কথাছবিখনৰ বাবে নৱাগতা অভিনেত্ৰী শিতানত বঁটা লাভ কৰিছে আৰ্শিয়া মহন্তই । ‘আদি শক্তি’ত নৱাগতা অভিনেত্ৰী আৰ্শিয়া মহন্তই পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা আৰু তাহানিৰ দিনৰ পৰা চলি থকা পৰম্পৰাৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়াৰ সংগ্ৰামখন সফল কৰাৰ কাহিনী প্ৰতিষ্ঠা কৰিছে ।

যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপম আৰু ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত এই সমাৰোহ দেশৰ ভিতৰতে অন্যতম বৃহৎ চলচ্চিত্ৰ সমাৰোহ। এই বিশেষ মঞ্চত চলচ্চিত্ৰ নিৰ্মাতা, গৱেষক আৰু সমালোচকসকলৰ মাজত কলাত্মক আদান-প্ৰদানৰ এক সুন্দৰ পৰিৱেশ সৃষ্টি হয়।

আইৰা ষ্টুডিঅ’ৰ দ্বাৰা প্ৰযোজিত আৰু বিতোপন কাশ্যপৰ দ্বাৰা পৰিচালিত অসমীয়া কথাছবি ‘আদি শক্তি’য়ে এই মহোৎসৱত লাভ কৰা বঁটাকেইটা হৈছে— শ্ৰেষ্ঠ কাহিনী চিত্ৰ (আদি শক্তি), শ্ৰেষ্ঠ মূল কাহিনী (ইন্দ্ৰাণী বৰুৱা) আৰু শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী (আৰ্শিয়া মহন্ত)। এই উল্লেখনীয় সফলতাই অসমীয়া চলচ্চিত্ৰ জগতলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে এই অঞ্চলৰ কাহিনী কথনৰ শৈলীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

এইবাৰৰ মহোৎসৱত বিশ্বৰ ৬০খনতকৈও অধিক দেশৰ ৪,০০০তকৈও অধিক চলচ্চিত্ৰৰ ভিতৰত ৬ শতাধিক ছবি প্ৰতিযোগিতামূলক শাখাত প্ৰদৰ্শিত হয়। ভাৰতৰ লগতে ইউ কে, ইটালী, ফ্ৰান্স, জাৰ্মানী, আমেৰিকা, জাপান, পাকিস্তান আৰু ইউ এ ই আদি দেশৰ প্ৰায় ১,০০০ৰো অধিক প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ১০টা বিভিন্ন শাখাত বঁটাসমূহ প্ৰদান কৰা হয়। ১০টা শাখাত মুঠ ১২খন সৰ্বশ্ৰেষ্ঠ কথাছবি এই সমাৰোহত প্ৰদৰ্শিত হয় । এই সমাৰোহে বিশ্বৰ উদীয়মান তথা অভিজ্ঞ চলচ্চিত্ৰ নিৰ্মাতাসকলক একত্ৰিত কৰি এক অনন্য সাংস্কৃতিক মিলনক্ষেত্ৰৰ সৃষ্টি কৰাত বিশেষ সফলতা লাভ কৰে।

You might also like