নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ ডিমাকুছি চেন্ট্ৰেল বেংকত গ্ৰাহকক দুৰ্ব্যৱহাৰ

🔹 বেংক কৰ্মচাৰীয়ে মাৰপিট কৰি গঁতিয়াই বাহিৰ কৰি দিয়াৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিল : ওদালগুৰি জিলাৰ ডিমাকুছি চেন্ট্ৰেল বেংকত দুগৰাকী গ্ৰাহকক বেংক কৰ্মচাৰীয়ে মাৰপিট কৰি গঁতিয়াই বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। ঘটনাক লৈ বেংকটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় । ডিমাকুছি চেন্ট্ৰেল বেংকত পিছে এই অভিযোগ এতিয়াৰ নহয়, ইয়াৰ পূৰ্বেও কেইবাবাৰো গ্ৰাহকক বেংকৰ কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছে । ভাৰত-ভূটান সীমান্তৰ বৃহত্তৰ ডিমাকুছি অঞ্চলৰ বিভিন্ন স্থানৰ পৰা গ্ৰাহকসকলে নিজৰ জমা ধন বা আন কিবা কাম লৈ বেংকলৈ আহে যদিও বহুবাৰ কৰ্মচাৰী তথা ছিকিউৰিটীয়ে দুৰ্ব্যৱহাৰ কৰে যদিও বেংকৰ উপৰ মহলে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ মঙলবাৰে ৰজাগড় নিৱাসী নৱজিৎ ভৌমিক আৰু অভিজিৎ বড়ো নামৰ দুজন যুৱকে প্ৰায় ১৫-২০ কি:মি: দূৰৰ বেংকলৈ আহি কৰ্মচাৰী আৰু ছিকিউৰিটীৰ পৰা দুৰ্ব্যৱহাৰ পোৱাৰ উপৰি মাৰধৰ খাবলগীয়া হোৱা বুলি অভিযোগ কৰে দুই যুৱকে ৷ অভিযোগ মতে, উক্ত দুৰ্ব্যৱহাৰৰ ফুটেজ মোবাইল কেমেৰাত বন্দী কৰিছিল নৱজিৎ ভৌমিক নামৰ যুৱকজনে ৷ পিছত বেংকৰ কৰ্মচাৰীয়ে মোবাইলটো কাঢ়ি নি ফুটেজ ডিলিট কৰাৰ লগতে মোবাইলতো ভাঙি ক্ষতিসাধন কৰে ৷ উপায়হীন হৈ নৱজিৎ ভৌমিকে বেংক কৰ্মচাৰী আৰু ছিকিউৰিটীৰ বিৰুদ্ধে ডিমাকুছি থানাত এখন এজাহাৰ দাখিল কৰে। সেয়ে শীঘ্ৰে উচিত তদন্ত কৰি বেংক কৰ্মচাৰীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বেংকৰ গ্ৰাহকে ।

প্ৰেৰক পিংকু কলিতা

You might also like