নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিকৰ ৰহস্যজনক মৃত্যুঃ নিশাৰ সাঁজ নিজে ৰান্ধি খাই-বৈ ওলাই গৈছিল ৰাস্তালৈ, আৰু ঘূৰি নাহিল তেওঁ

নিয়মীয়া বাৰ্তা, ৩০ মার্চঃ জ্যেষ্ঠ সাংবাদিক, ‘নিয়মীয়া বার্তা’ৰ সহকাৰী সম্পাদক পূর্বজ্যোতি চুতীয়াৰ মৃতদেহ কালি ৰহস্যজনকভাৱে উদ্ধাৰ হয় মহানগৰীৰ হাতীগাঁৱত৷ পৰহি নিশাৰে পৰা নিখোজ হৈ থকাৰ পাছত পুৱা হাতীগাঁৱৰ লখিমী নগৰৰ নামঘৰ পথৰ এটা নলাত সাংবাদিকগৰাকীক মৃত অৱস্থাত পৰি থকা দেখে স্থানীয় লোকে৷ প্রত্যক্ষদর্শীয়ে ততালিকে এই বিষয়ে হাতীগাঁও থানাৰ লগতে পৰিয়ালৰ লোকক অৱগত কৰে৷

পৰিয়ালৰ মতে এয়া কোনো ঘাতকে শীতল মস্তিস্কৰে সংঘটিত কৰা হত্যাকাণ্ড৷ কাৰণ কালি সমগ্র দিনটো পৰিয়ালৰ সৈতে একেলগে কটোৱা পূর্বজ্যোতি চুতীয়াৰ নাছিল কোনো অসুস্থতাৰ লক্ষণ৷ ফাকুৱা আৰু দৌল উৎসৱ উপলক্ষে কালি বন্ধ আছিল ‘নিয়মীয়া বার্তা’ৰ কার্যালয়৷ বন্ধৰ দিনটোত পত্নী আৰু কন্যাৰ সৈতে ফুৰিবলৈ গৈছিল এগৰাকী বন্ধুৰ ঘৰলৈ৷ দিনটো বন্ধুৰ ঘৰত লগে–ভাগে এসাঁজ খাই সন্ধিয়া ঘৰলৈ উভতিছিল৷ ঘৰতো নিশাৰ সাঁজ তেওঁ নিজেই ৰান্ধিছিল৷

নিশাৰ আহাৰ গ্রহণ কৰি পানীৰ মটৰৰ ছুইচটো অন কৰিবলৈ ওপৰ মহলাৰ পৰা তললৈ নামি আহিছিল৷ হাতীগাঁৱৰ লখিমী নগৰৰ নামঘৰ পথত থকা ভাৰাঘৰ এটাতে তেওঁ পৰিয়ালসহ বাস কৰিছিল৷ নিশাৰ আহাৰৰ পাছত পানী উঠাই থোৱাটো আছিল সাংবাদিক পূর্বজ্যোতি চুতীয়াৰ নিয়মীয়া অভ্যাস৷ আনদিনাৰ দৰে সেইদিনা নিশাও প্রায় ১০.৩০ বজাত পানীৰ মটৰৰ ছুইচটো অন কৰি তেওঁ পথলৈ ওলাই আহে খোজকাঢ়িবৰ বাবে৷

কিন্তু সেয়াই শেষবাৰৰ বাবে ওলাই অহা৷ গোটেই নিশা তেওঁ ঘৰলৈ ঘূৰি নগ’ল৷ ম’বাইল ফোনটো এৰি থৈ আহিছিল ঘৰতে৷ পত্নী আৰু কন্যাই বন্ধু–বান্ধৱৰ ওচৰত খবৰ কৰি গোটেই নিশা লখিমী নগৰ চলাথ কৰিও সাংবাদিকগৰাকীৰ কোনো সন্ধান নাপালে৷ তাৰ পাছত কালি পুৱা প্রায় ৭.৪৫ বজাত স্থানীয় লোকে ঘৰৰ পৰা প্রায় ৫০ মিটাৰ দূৰত্বত সাংবাদিকগৰাকীৰ মৃতদেহ এটা নলাত পৰি থকা অৱস্থাত প্রত্যক্ষ কৰে৷ হাফপেণ্ট আৰু গেঞ্জী পৰিহিত লোকজন পূর্বজ্যোতি চুতীয়া বুলি নিশ্চিত কৰে পৰিয়ালৰ সদস্যই৷

ইয়াৰ পাছতে চাৰিওফালে হুৱাদুৱা লাগে৷ ঘটনাস্থলীত হাতীগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়া বীৰেন ডেকা উপস্থিত হৈ প্রাথমিক তদন্ত আৰম্ভ কৰে৷ ক্ষন্তেক পাছতে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তা, এচিপি জয়ন্ত বৰুৱাসহ উচ্চপদস্থ আৰক্ষী বিষয়াৰ দল এটাও মৃতদেহ উদ্ধাৰ হোৱা স্থানত উপস্থিত হয়৷ অনুসন্ধানকাৰী আৰক্ষীৰ দলটোক মৃত সাংবাদিকগৰাকীৰ পত্নীয়ে অৱগত কৰোৱা মতে ‘জুল’ নামৰ কোনো এগৰাকী ব্যক্তিয়ে ধন বিচাৰি পূর্বজ্যোতি চুতীয়াক বাৰম্বাৰ ভাবুকি প্রদান কৰি আহিছিল৷

সাংবাদিকগৰাকীলৈ প্রেৰণ কৰিছিল কেইবাটাও ভাবুকিভৰা এছএমএছ৷ যোৱা ২৯ জানুৱাৰীত জুলে দিয়া এটা এছএমএছত ‘ভালে ভালে টকা নিদিলে ফার্দাৰ ষ্টেপ’ লোৱাৰ কথা উল্লেখ কৰিছিল৷ ইয়াৰ পাছত ২০ মার্চৰ দিনাও আন কেইবাটাও এছএমএছেৰে ভাবুকি প্রদান কৰিছিল, যাৰ বাবে এয়া এক হত্যাকাণ্ড হোৱাৰ সন্দেহ অধিক গাঢ় হৈ পৰে৷

মৃতকৰ ম’বাইলত উদ্ধাৰ হোৱা এছএমএছৰ ভিত্তিতে হাতীগাঁও আৰক্ষীয়ে হাতীগাঁও মাঝাৰৰ পৰা আটক কৰে জুলফিকৰ আলী নামৰ এজন লোকক৷ এই লোকজনে সুদত ধন ধাৰলৈ দিয়াৰ ব্যৱসায় কৰে৷ আৰক্ষীয়ে প্রয়াত পূর্বজ্যোতি চুতীয়াৰ পত্নী জোনটি বৰাৰ এজাহাৰৰ ভিত্তিত ২৫২/২০২১নং গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন আৰু ফৰেনছিকৰ প্রতিবেদনৰ পাছতহে সবিশেষ জনাব পাৰিব বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ উল্লেখ্য যে ৰাজ্যৰ সংবাদ জগতৰ এক পৰিচিত নাম পূর্বজ্যোতি চুতীয়াৰ জন্ম হৈছিল ডিব্রুগড় জিলাৰ মৰাণহাটত৷ পিতৃ আছিল অসম বিধানসভাৰ দুটাকৈ কার্যকালৰ বিধায়ক তৰুণ চুতীয়া৷ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মৰাণ মহাবিদ্যালয়ত অধ্যয়ন কৰা সময়ছোৱাত তেওঁ এগৰাকী সুদক্ষ ক্রিকেটাৰ হিচাপেও পৰিচিত আছিল৷

ছাত্র অৱস্থাৰে পৰা বাতৰিকাকতত নিয়মীয়াকৈ ক্রীড়া বিষয়ক প্রবন্ধ লিখিছিল৷ ১৯৯১ চনত সাংবাদিকতাক পেছা হিচাপে গ্রহণ কৰি ‘আজিৰ বাতৰি’ কাকতত ক্রীড়া সাংবাদিক হিচাপে যোগদান কৰে৷ পৰৱর্তী সময়ত সুদীর্ঘ দিন ‘আমাৰ অসম’ কাকতত জ্যেষ্ঠ ক্রীড়া সাংবাদিক হিচাপে কার্যনির্বাহ কৰে৷ ইয়াৰ পাছত ‘আজিৰ দৈনিক বাতৰি’, ‘জনসাধাৰণ’ কাকতৰ শীর্ষ পদত যোগদান কৰি অসমীয়া সাংবাদিকতালৈ নিষ্ঠাৰে সেৱা আগবঢ়াই যায়৷

‘জনসাধাৰণ’ত তেওঁ কার্যবাহী সম্পাদক হিচাপেও কার্যনির্বাহ কৰিছিল৷ শেহতীয়াকৈ ‘নিয়মীয়া বার্তা’ৰ সহকাৰী সম্পাদক পদত যোগদান কৰি ‘সপ্তাহটোৰ ব্যক্তি’ শীর্ষক এটা শিতান তিনি বছৰ ধৰি নিয়মীয়াকৈ লিখি যায়৷ কর্তব্যৰ প্রতি নিষ্ঠাৱান, অজাতশত্রু সাংবাদিকগৰাকীৰ অকাল মৃত্যুৱে শোকাহত কৰিছে তেওঁৰ অগ্রজ–অনুজ সাংবাদিকসকলক৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্রায় ৫৩ বছৰ৷

পত্নী জোনটি বৰা আৰু দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত কন্যা ৰিয়া চুতীয়াৰ লগতে জ্যেষ্ঠ ভগ্ণী–ভাতৃসহ অনেক শুভাকাংক্ষীক ইহসংসাৰত এৰি থৈ যায়৷

You might also like