নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বুকুত পৰিব অইল ইণ্ডিয়াৰ হাতোৰা; ৮৫০ জোপাতকৈও অধিক গছ কটাৰ নিৰ্দেশ

  • তৈল পৰিবাহী পাইপলাইন স্হাপনৰ স্বাৰ্থত ৮৫০ জোপাতকৈও অধিক গছ কটাৰ নিৰ্দেশ
  • অইলৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে আটাছু

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: একাংশ প্ৰকৃতিপ্ৰেমী ব্যক্তি তথা দল সংগঠনৰ নেৰা নেপেৰা প্ৰচেষ্টা আৰু ত্যাগৰ ফলশ্ৰুতিত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে । বহু জল্পনা কল্পনাৰ অন্তত ২০২০ চনৰ ১৩ ডিচেম্বৰত চৰকাৰে এই উদ্যান খনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে উন্নীতকৰণৰ বাবে অধিসূচনা জাৰি কৰিছিল আৰু শেহতীয়াকৈ ২০২১ চনৰ ৯ জুনত চৰকাৰে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য খনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে । ৰাষ্ট্ৰীয় মৰ্যদা প্ৰদান কৰা এই উদ্যানখনক চৰকাৰে আন্তঃগাঠনি উন্নীত কৰি পৰ্য্যটনৰ এক আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰকৃতিপ্ৰেমী ৰাইজ আশাবাদী হৈ থকাৰ সময়তে পূবৰ আমাজান খ্যাত এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়া অইল ইণ্ডিয়া লিমিটেডৰ হাতোৰা পৰিছে। এইক্ষেত্ৰত সদৌ তাই আহোম ছাত্ৰ সন্হাই ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

আটাছু ডিব্ৰুগড় জিলা সম্পাদক ৰূপম গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অইল ইণ্ডিয়া লিমিটেডে ইয়াৰ জৈৱ বৈচিত্ৰ্য আৰু ভাৰসাম্যতা ধ্বংস কৰি তৈল পৰিবাহী পাইপ বহোৱাৰ স্বাৰ্থত ৮৫০ জোপাতকৈও অধিক গছ কাটিবৰ বাবে হাত উজান দিয়াটো শুভ লক্ষণ নহয়। উল্লেখযোগ্য যে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি অৱস্থিত এই উদ্যান খনৰ মুঠ মাটি কালি ২৩৪’২৬ বৰ্গ কিলোমিটাৰ বিস্তাৰিত হৈ আছে। দেশৰ ভিতৰতে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত অসমৰ দিহিং পাটকাই য়ে তৃতীয় স্থান দখল কৰি আহিছে। এই ৰাষ্ট্ৰীয় উদ্যান খনত ৪৭ বিধ স্তন্যপায়ী প্ৰাণী, ৫ টা প্ৰজাতিৰ ধনেশ পখী চৰাই,৭ টা প্ৰজাতিৰ বান্দৰ,৩১০ বিধ পখিলা, ২৪ বিধ ভেকুলী, আৰু ৫০ বিধ সৰীসৃপ প্ৰাণী আছে। তদুপৰি অলেখ অসংখ্য বনজ সম্পদ আৰু জৈৱ বৈচিত্ৰ্য ভৰপুৰ এই উদ্যানখন অসমীয়াৰ এক স্বাভিমান। আনকি পৃথিৱী বিখ্যাত দেওহাঁহ আৰু ১০০ ৰো অধিক বিভিন্ন প্ৰজাতিৰ অৰ্কিড এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানতে পোৱা যায় । তেনে ক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেডৰ এনে প্ৰকৃতিবিৰোধ তথা জনবিৰোধী সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয় । তদুপৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনৰ হস্তী প্ৰকল্প হিচাপে এক সুকীয়া পৰিচয় আছে । ইয়াৰ মূল্যবান গছ সমূহ ধ্বংস কৰিলে ৰাষ্ট্ৰীয় উদ্যানখনৰ স্বকীয় বৈশিষ্ট্যতাত নিশ্চিতভাৱে আঘাত পৰিব।

অইলৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি সংগঠনটোৱে উল্লেখ কৰে যে ইতিপূৰ্বে অইল ইণ্ডিয়া লিমিটেডে তৈল খনন অথবা তেল গেছ পাইপলাইন স্হাপনৰ ক্ষেত্ৰতো বহু বনধ্ব‌ংস কৰিলে। তাৰপাছতো এখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক ভাৰসাম্যলৈ ভাবুকি আনি তেল গেছ পৰিবাহী পাইপলাইন স্হাপনৰ বাবে অইলক বন বিভাগে Environment clearence প্ৰদান কৰাটো অতি দুৰ্ভাগ্যজনক আখ্যা দিছে আটাছুৱে । এই সামগ্ৰীক বিষয়টোৰ গুৰুত্বতা উপলব্ধি কৰি আটাছু ডিব্ৰুগড় জিলা সমিতিয়ে তৎকালীন ভাৱে এই অবাধ হাৰত চলা বনধ্বংস যজ্ঞ বন্ধ কৰিবলৈ বন বিভাগক দাবী জনাই। অন্যথা অসম চৰকাৰৰ বন বিভাগ আৰু অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই আটাছুৱে।

You might also like