নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপানত অসমৰ “জাবৰ”ৰ স্থান লাভ

নিয়মীয়া বাৰ্তা,  ৪ ডিচেম্বৰঃ জাপানৰ টয়’ ছুটি ছবি মহোৎসৱত বিশ্বৰ শ্ৰেষ্ঠ দহখন ছবিৰ ভিতৰত অসমৰ “জাবৰ” নামৰ ছুটি ছবিখনে স্থান লাভ কৰিছে । যোৱা ১ ডিচেম্বৰৰ পৰা বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা ২০০০ খন ছুটি ছবিৰ স্ক্ৰীনিঙৰ পিছত কালি নিশা শ্ৰেষ্ঠ দহখন ছবিৰ ভিতৰত লগতে ভাৰতৰ একমাত্ৰ ছবিৰূপে স্থান পোৱাটো নিশ্চিত হয় । “জাবৰ” পৰিচালনা, চিনেমেট’গ্ৰাফী আৰু সম্পাদনা ছয়গাঁৱৰ যুৱক গুঞ্জন কলিতাৰ । কমদামী ফিল্মমেকাৰৰ নিবেদনৰ ছবিখনৰ মুখ্য চৰিত্ৰাভিনয়ত আছে জিতুমণি কলিতা ।
প্ৰেৰক: বিশ্বজিৎ কলিতা, ছয়গাঁও
You might also like