নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিহিং পাটকাইত অবৈধ কয়লা খননৰ বিশদ প্রতিবেদন দিব লাগিব ক’ল ইণ্ডিয়াই

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ দিহিং পাটকাই ৰাষ্ট্রীয় উদ্যানত অবৈধ কয়লা খননক লৈ চলি অহা বিতর্কৰ বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰিছে ৰাষ্ট্রীয় বন্যপ্রাণী পৰিষদৰ ষ্টেণ্ডিং কমিটীয়ে৷ ৰাষ্ট্রীয় উদ্যানখনৰ এটা অংশত দীর্ঘদিন ধৰি চলা অবৈধ কয়লা খনন সন্দর্ভত ক’ল ইণ্ডিয়া লিমিটেডক সবিশেষ প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছে পৰিষদৰ ষ্টেণ্ডিং কমিটীখনে৷ তদুপৰি দিহিং পাটকাইৰ এটা অংশ ছেলেকি প্রস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ৯৮.৫৯ হেক্টৰ ভূমি ব্যৱহাৰ কৰাৰ বাবে দাখিল কৰা প্রস্তাৱ বিবেচনা কৰাৰ সময়ো পিছুৱাই দিছে পেনেলে৷

উল্লেখ্য যে টিকক আৰু ইয়াৰ সংযোজিত টিৰাপ অঞ্চলত মুক্ত খননৰ অনুমতি ২০২০ চনৰ জুন মাহতে বাতিল কৰা হৈছিল৷ সংৰক্ষিত বনাঞ্চলত এই খনন অবৈধভাৱে কৰি থকাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে মুক্ত খনন বন্ধ কৰা হৈছিল৷ বিশেষকৈ পূর্বৰ দিহিং পাটকাই বন্যপ্রাণী অভয়াৰণ্যত ইয়াৰ প্রভাৱ পৰা বুলি বহুজনে অভিযোগ উত্থাপন কৰিছিল৷

যোৱা জুন মাহত দিহিং পাটকাই বন্যপ্রাণী অভয়াৰণ্যক ৰাষ্ট্রীয় উদ্যানলৈ উন্নীত কৰিছে ৰাষ্ট্রীয় চৰকাৰে৷ কেন্দ্রীয় পৰিৱেশ মন্ত্রী প্রকাশ জাভাড়েকাৰৰ অধ্যক্ষতাত পৰিষদৰ ষ্টেণ্ডিং কমিটীৰ ৬৩সংখ্যক বৈঠকত ছেলেকিৰ লগতে দেশৰ আন বিভিন্ন প্রান্তৰ কেইবাটাও সমস্যাৰ ওপৰত আলোচনা কৰা হয়৷ বন্যপ্রাণী পৰিষদে ২০১৯ চনৰ জুলাইতে প্রস্তাৱিত ছেলেকিৰ বিষয়টো আলোচনা কৰিছিল যদিও সেই সময়ত অনুসন্ধানৰ বাবে অহা উপ–কমিটীয়ে যথেষ্ট অনিয়ম পৰিলক্ষিত কৰিছিল৷ এই উপ–কমিটীখনৰ পৰামর্শ মতেই কয়লা খনন বন্ধ কৰা হৈছিল৷ প্রাথমিক অৱস্থাত মুঠ ৯৮.৫৯ হেক্টৰ ভূমি ব্যৱহাৰৰ বাবে প্রস্তাৱ দিয়া হৈছিল৷ কিন্তু ইয়াৰে ৫৭.৫৪ হেক্টৰ ভূমি ইতিমধ্যে ব্যৱহাৰ কৰা হৈছে৷ এই ভূমিৰ ৪৫.৫৭ হেক্টৰত ২০০৩ চনৰ পিছত খনন সম্পন্ন হৈছে৷ ক’ল ইণ্ডিয়াৰ এটা প্রতিষ্ঠান উত্তৰ–পূব ক’ল ফিল্ডে এই ভূমিত বৈধভাৱে খনন কৰা বুলি দাবী উত্থাপন কৰি আহিছে৷ যোৱা ১০ জুনত পৰিষদে অসম চৰকাৰৰ লগতে উত্তৰ–পূব ক’ল ফিল্ডক এখন প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছিল৷

বিশেষকৈ প্রস্তাৱিত ভূমিৰ ভিতৰত অতিৰিক্ত ১৬ হেক্টৰ ভূমিত বেদখল কৰি খনন কৰা সন্দর্ভত এই প্রতিবেদন এমাহৰ ভিতৰত দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছিল৷ শেহতীয়াকৈ অনুষ্ঠিত বৈঠকত এই বিষয়টো পুনৰ পিছুৱাই দিয়াৰ লগতে ক’ল ইণ্ডিয়া লিমিটেডক উক্ত প্রকল্প অঞ্চলত অবৈধ কয়লা খনন সন্দর্ভত বিশদ তথ্য দাঙি ধৰিবলৈ নির্দেশ দিছে৷ তদুপৰি সর্বসন্মতিক্রমে এটা সিদ্ধান্ত গ্রহণ নকৰালৈকে উত্তৰ–পূব ক’ল ফিল্ডক সকলো ধৰণৰ খনন বন্ধ ৰাখিবলৈও নির্দেশ দিছে এই পেনেলে৷

You might also like