নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোষ্ট ক’ভিডৰে যুঁজিবলৈ প্রতিখন মেডিকেল কলেজত ১৫–৩০ দিনৰ ভিতৰত ‘এক্মো’ মেচিন

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ অসমৰ স্বাস্থ্যসেৱা খণ্ডৰ সবলীকৰণৰ দিশত আন এক বলিষ্ঠ পদক্ষেপ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ৰ পার্কিঙত নৱনির্মিত ২০০খন বিছনাযুক্ত আইচিইউ মঙলবাৰে শুভ উদ্বোধন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

ইয়াৰ পিছতেই জি এম চি এইচ প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই এন এইচ এমৰ অধীনত ৮৯৬গৰাকী ষ্টাফ নার্ছক নিযুক্তি–পত্র প্রদান কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ স্বাস্থ্য আন্তঃগাঁথনিত ২০০খনকৈ অতিৰিক্ত আইচিইউ বিছনাৰ সংযোজনে দৰিদ্র আৰু আর্তজনৰ সেৱাত এক নতুন মাত্রা প্রদান কৰিব৷ ২০০৫ চনত সেই সময়ৰ স্বাস্থ্যমন্ত্রী ডাঃ ভূমিধৰ বর্মনে জি এম চি এইচত ২০খন আইচিইউ বিছনা স্থাপন কৰে৷ পৰৱর্তী পর্যায়ত জি এম চি এইচত আইচিইউ বিছনাৰ সংখ্যা ৬৮ৰ পৰা ৭০লৈ বৃদ্ধি পায়৷ যোৱা বছৰ যেতিয়া প্রথম ক’ভিডৰ ঢৌ আহে, সেই সময়ত আইচিইউ বিছনাক লৈ ভাবিলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল৷ লকডাউনৰ মাজতে ৬৭খন ইনটেনচিভ কেয়াৰ ইউনিট বিছনাৰ সৃষ্টি কৰা হয়৷ পৰৱর্তী পর্যায়ত কালাপাহাৰ হাস্পতাল, এম এম চি এইচ আৰু শিঙিমাৰীত আইচিইউ বিছনা স্থাপন কৰি প্রথম পর্যায়ৰ ক’ভিডৰ মোকাবিলা কৰা হয়৷

ক’ভিডৰ দ্বিতীয় ঢৌ অহাৰ সময়ত আইচিইউ বিছনাক লৈ পুনৰ চিন্তাৰ উদ্রেক ঘটে৷ আজি জি এম চি এইচত নতুনকৈ ২০০খন আইচিইউ বিছনা স্থাপনৰ ফলত জি এম চি এইচত আইচিইউ বিছনাৰ সংখ্যা ৫৯১খনলৈ বৃদ্ধি পালে৷ গুৱাহাটীকে ধৰি জি এম চি এইচৰ ওপৰত নির্ভৰশীল নামনি অসম আৰু মধ্য অসমৰ বাবে এটা পৱিত্র দিন৷ ক’ভিডৰ প্রত্যাহ্বানৰ মাজতো মানুহে আজি বুজিছে– কেনেদৰে সম্ভাৱনাৰ দুৱাৰ মুকলি হয়৷ আজি নতুনকৈ স্থাপন কৰা ২০০টা আইচিইউ ব্লকত ৮০ হাজাৰ লিটাৰ অক্সিজেন ৰাখিব পৰাকৈ অক্সিজেন ইউনিট এটাও আৰম্ভ কৰা হয়৷

ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সম্প্রতি ৰাজ্যৰ স্বাস্থ্যখণ্ডত পর্যাপ্ত আইচিইউ বিছনা স্থাপন হোৱাৰ লগতে অক্সিজেনৰ ক্ষেত্রতো এতিয়া কোনো অভাৱ নাই৷ ৰাজ্যখনত অক্সিজেন উৎপাদন ৫১ মেট্রিকটনৰ পৰা ১০০ মেট্রিকটনলৈ বৃদ্ধি পাইছে৷ প্রত্যেক দিনে ৫০ৰ পৰা ৮০ মেট্রিকটন অক্সিজেনৰ প্রয়োজন হয়৷ জি এম চি এইচত এতিয়া ১০ দিনৰ বাবে অক্সিজেন মজুত ৰাখিব পৰা ব্যৱস্থা হৈ উঠিছে৷

এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই ক’ভিডৰ পৰা মুক্ত হোৱাৰ পিছতো একাংশ লোকে প’ষ্ট ক’ভিডৰ বিভিন্ন আনুষংগিক ৰোগত আক্রান্ত হোৱাৰ উল্লেখ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালকে ধৰি ৰাজ্যখনৰ আটাইকেইখন মেডিকেল কলেজ হাস্পতালত ১৫ দিনৰ পৰা ৩০ দিনৰ ভিতৰত প’ষ্ট ক’ভিডৰ সৈতে যুঁজিবলৈ ‘একমো’ মেচিন স্থাপন কৰিব বুলি প্রকাশ কৰে৷

সেইদৰে ক’ভিডমুক্ত হোৱাৰ পিছতো কিছু লোকক অক্সিজেনৰ প্রয়োজন হোৱাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান স্বাস্থ্য বিভাগৰ হাতত ৫ হাজাৰ অক্সিজেন কনচেনট্রেটৰ মজুত আছে৷ বিভিন্ন পক্ষৰ পৰা বৰঙণি হিচাপে লাভ কৰা সেই অক্সিজেন কনচেনট্রেটৰসমূহ্ অব্যৱহূত হৈ আছে৷ সেয়ে তেওঁ ক’ভিডৰ সংক্রমণ অব্যাহত থকা প্রতিখন জিলাতে এসপ্তাহৰ ভিতৰত অক্সিজেন কনচেনট্রেটৰ বেংক স্থাপন কৰিবলৈ নির্দেশ দিয়ে৷ এনজিঅ’ৰ সহযোগত সেই অক্সিজেন কনচেনট্রেটৰ বেংক স্থাপন কৰি প’ষ্ট ক’ভিডত যিসকল ৰোগীক অক্সিজেনৰ প্রয়োজন হয়, তেওঁলোকক সেই অক্সিজেন কনচেনট্রেটৰ যোগান ধৰাৰ নির্দেশ দিয়ে৷

You might also like