নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন লখিমপুৰৰ জিলা আয়ুক্তৰ

নিয়মীয়া বাৰ্তা, ৮ মে’ : আজিও প্ৰায় অপৰিৱৰ্তিত ৰূপত আছে ঢকুৱাখনাৰ বান্দেনাত ব্ৰহ্মপুত্ৰৰ খহনীয়া। ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ অধীনত বৃহৎ অংকৰ ধনৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা অত্যাধুনিক প্ৰযুক্তিৰ সুৰক্ষা আঁচনিসমূহ একপ্ৰকাৰ বিফল কৰি মহাবাহু ব্ৰহ্মপুত্ৰই বান্দেনাত সংহাৰী ৰূপ ধাৰণ কৰি ঢকুৱাখনা আৰু নদীদ্বীপ মাজুলীলৈ অশনি সংকেত মাতি আনিছে। আজি ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰিবলৈ উক্ত স্থানত উপস্থিত হয় লখিমপুৰ জিলাৰ আয়ুক্ত গায়ত্রী হ্যালীংগে। ঢকুৱাখনা উপ-জিলাৰ অতিৰিক্ত আয়ুক্ত কাৰ্ত্তিক কলিতা, ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়োৰ সহযোগিতাত জিলাৰ আয়ুক্ত গায়ত্রী হ্যালীংগেই সমগ্ৰ খহনীয়া আক্ৰান্ত অঞ্চলটো পৰিদৰ্শন কৰি খহনীয়াগ্ৰস্ত অঞ্চলৰ সামগ্ৰীক পৰিস্থিতি বুজ লয়। উল্লেখ্য যে বাৰিষাৰ পূৰ্বেই ব্ৰহ্মপুত্ৰৰ খহনীয়াই সংসাৰী মূৰ্তি ধাৰণ কৰি বিগত এটা সপ্তাহৰ ভিতৰতে বান্দেনাৰ ৬ নম্বৰ চেক বান্ধৰ প্ৰায় ৬০ মিটাৰ অংশ উটুৱাই নিয়ে। চেক বান্ধটোৰ নদীৰ ফালে আৱৰি থকা বহু সংখ্যক জিঅ’বেগ আৰু এপ্ৰ’ন ইতিমধ্যে জাহ গৈছে নৈৰ বুকুত।উল্লেখ্য যে ঢকুৱাখনা-মাজুলীৰ সুৰক্ষা কৱচ চিচি -টেকেলীফুটা মথাউৰিৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ন ভুমিকা গ্ৰহণ কৰা ৬ নম্বৰ চেক বান্ধ আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ বেগৰ আঁচনি ৰূপায়ন কৰা হৈছিল। ঢকুৱাখনা জলসম্পদ বিভাগে এছ অ’ পি বি (জি) শিতানৰ ২০২২-২৩ বৰ্ষত ১০ কোটি টকা ব্যয় সাপেক্ষে জিঅ’বেগৰ জৰিয়তে গৰাখহনীয়া প্ৰতিৰোধৰ কাম অতি নিম্নমানৰ হোৱাৰ অভিযোগ উত্থাপিত হৈছিল।জলসম্পদ বিভাগৰ একাংশ উচ্চ পৰ্যায়ৰ বিষয়াই ঠিকাদাৰৰ লগত মিতিৰালি কৰি জিঅ’ বেগৰ নিম্নমান কাম কৰাত ফলশ্ৰুতিত বিভাগৰ ১০ কোটি টকীয়া জিঅ’বেগ পানীয়ে উটুৱাই নিয়ে৷বাৰিষাৰ পূৰ্বেই ব্ৰহ্মপুত্ৰৰ খহনীয়াই অঞ্চলটোত ভয়ংকৰ ৰূপ ধাৰণ কৰাত অঞ্চলবাসীৰ নিদ্ৰাহৰণ কৰিছে৷সম্প্ৰতি বিভাগটোৱে পকী আৰু বাঁহৰ পৰ্কিউপান পেলাই খহনীয়া প্ৰতিৰোধ চেষ্টা অব্যাহত ৰাখিছে যদিও ভয়ংকৰ খহনীয়া অব্যাহত থকাত ঢকুৱাখনা-মাজুলীৰ সুৰক্ষা কৱচ চিচি -টেকেলীফুটা মথাউৰিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশৰ পিছতেই আজি জিলা আয়ুক্তগৰাকীয়ে বিভাগীয় বিষয়া-অভিযন্তাৰ সৈতে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ উপায়ুক্তগৰাকীয়ে অঞ্চলটোৰ ৰাইজৰ দুখ-দুৰ্দশাৰ প্ৰতি সঁহাৰি জনাই অচিৰেই অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে৷ স্থানীয় ৰাইজেও ভয়ংকৰ খহনীয়া প্ৰতিৰোধৰ বাবে জিলা উপায়ুক্তৰ ওচৰত দাবী জনায়৷

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like