নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰ শাখা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন সম্পন্ন

অসম সাহিত্য সভাৰ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত ধলপুৰ শাখা (শতদল) সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন কালি ধলপুৰস্থিত চিত্ৰকূট ৰিজৰ্টত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ শাখা সমিতিৰ সম্পাদক চন্দ্ৰ কুমাৰ দত্তই আঁত ধৰা অধিৱেশনত সভাপতিত্ব কৰে শাখা সমিতিৰ সভাপতি তৰুণ বৰাই ৷ কমাৰচুক নামঘৰ মহিলা সমিতিৰ মহিলাসকলে “চিৰ চেনেহী…” শীৰ্ষক সমৱেত সংগীতেৰে অধিৱেশনৰ মঞ্চ মুকলি কৰে ৷

অধিৱেশনখনত অৱসৰপ্ৰাপ্ত শিক্ষক নাৰায়ণ চেতিয়াই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে ৷ শিক্ষক চেতিয়াই নতুন প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিবলৈ সাহিত্য সভাৰ দৰে অনুষ্ঠানসমূহে বিশেষ উদ্যোগ ল’ব লাগিব বুলি বক্তব্যত উল্লেখ কৰে ৷ লখিমপুৰ জিলা সাহিত্য সভাৰ পৰামৰ্শদাতা গোলাপ বৰুৱা অধিৱেশনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ৷

সভাখনত দেৱদৰ্শন দত্ত আৰু ময়ূৰকৃষ্ণা দত্তই দ্বৈত কণ্ঠৰে কবিতা আবৃত্তি কৰে ৷ উক্ত সভাত চিকিৎসা বিজ্ঞানত অধ্যয়নৰ সুযোগ পোৱা মেধাৱী ছাত্ৰ নীহাৰ বৰাক সম্বৰ্ধনা জনোৱা হয় ৷ ধলপুুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিত্ৰদেৱ মহন্ত, অৱসৰপ্ৰাপ্ত শিক্ষক ব্ৰজেন শইকীয়া, দেৱেন বৰুৱা, অৱসৰপ্ৰাপ্ত বন বিষয়া পৱন চন্দ্ৰ দাস আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷

সভাখনত ধলপুৰ শাখা সাহিত্য সভাৰ অন্তৰ্গত অঞ্চলৰ ২০২৫ বৰ্ষৰ ১৪গৰাকী লোকক অসম সাহিত্য সভাই স্বীকৃতি প্ৰদান কৰা আজীৱন সভ্যৰ মানপত্ৰ প্ৰদান কৰে ৷ তেওঁলোক হ’ল ক্ৰমে দেৱেশ্বৰ শইকীয়া, উমেশ শইকীয়া, বোধেশ্বৰ শইকীয়া, ভূপেন আৰন্ধৰা, পুষ্পলতা ফুকন, তিলেশ্বৰ গগৈ, সুৰেন শইকীয়া, বীণা দেৱী, ডিম্বেশ্বৰ গন্ধীয়া, হেম দত্ত, অমিয় কুমাৰ বৰা, চন্দ্ৰকান্ত দাস ৷ সভাত গীত-মাত, কবিতা আবৃত্তি আদি পৰিৱেশিত হয় ৷

নিয়মীয়া বাৰ্তা, ধলপুৰ, ২৩ ফেব্ৰুৱাৰী : 

You might also like