নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগ-তামিলনাডুৰ পৰা ৮ সন্দেহজনক উগ্রপন্থীক গ্রেপ্তাৰ দিল্লী আৰক্ষীৰ

নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : পশ্চিমবংগ আৰু তামিলনাডুৰ পৰা ৮ সন্দেহজনক উগ্রপন্থীক গ্রেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে৷ খবৰ মতে দেশত বৃহৎ আক্রমণ চলোৱাৰ পৰিকল্পনা আছিল তেওঁলোকৰ৷ ধৃত লোকসকল পাকিস্তানী গুপ্তচৰ সংস্থা আইএছআই আৰু বাংলাদেশৰ সন্ত্রাসবাদী দলৰ সাহায্যপুষ্ট বুলিও সন্দেহ কৰা হৈছে৷

ধৃত লোকসকল হ’ল– মিনাজুৰ ৰহমান, মহম্মদ ছবত, ওমৰ, মহম্মদ লিটন, মহম্মদ ছাহিদ আৰু মহম্মদ উজ্জ্বল৷ এই ৬জনকে তামিলনাডুৰ তিৰুপুৰৰ পৰা গ্রেপ্তাৰ কৰা হৈছে৷ তাত তেওঁলোকে ভুৱা পৰিচয়েৰে এটা পোছাক কাৰখানাত কাম কৰিছিল৷ আনহাতে আৰু দুজন সন্দেহজনক লোকক গ্রেপ্তাৰ কৰা হৈছে পশ্চিমবংগৰ পৰা৷ ধৃতসকলৰ ভিতৰত কেইবাজনো বাংলাদেশী নাগৰিক আছে বুলি সূত্রৰ খবৰত প্রকাশ৷

আৰক্ষীয়ে সন্দেহ কৰা মতে, তেওঁলোক আইএছআই বা বাংলাদেশৰ সন্ত্রাসবাদী সংগঠনৰ সাহায্যপুষ্ট৷ আৰক্ষীৰ মতে, সম্প্রতি দিল্লীৰ ১০ ঠাইত উচটনিমূলক পোষ্টাৰ দেখিবলৈ পোৱা যায়৷ পোষ্টাৰত আজাদ কাশ্মীৰৰ শ্ল’গান লিখা আছিল৷ তাৰ পিছতে তদন্তত নামি পৰে দিল্লী আৰক্ষীৰ স্পেচিয়েল চেল৷ দিল্লী আৰক্ষীয়ে জনোৱা মতে, সামাজিক মাধ্যমত তেওঁলোকে সন্ত্রাসবাদী কার্যকলাপৰ সমর্থনত পোষ্ট দিয়াও চকুত পৰে৷ তেওঁলোকৰ পৰা ভুৱা আধাৰ কার্ড উদ্ধাৰ কৰা হয়৷ তদুপৰি, ১৬খন ছিম কার্ড আৰু ৮টা ম’বাইল ফোন উদ্ধাৰ কৰা হৈছে৷ সেইবোৰ পৰীক্ষা কৰি আছে আৰক্ষীয়ে৷

You might also like