নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দখলী ভূমিত পুখুৰী খান্দি মৎস্য পালন… এইবাৰ ধিঙত উচ্ছেদৰ জাননী প্ৰশাসনৰ

ধিঙত ১৬ ডিচেম্বৰত নগাঁও জিলা প্ৰশাসনে চলাব বৃহৎ উচ্ছেদ অভিযান। বেদখলকাৰীক চৰকাৰী ভূমি মুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে ধিং ৰাজহ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসে। উচ্ছেদ চলিব লগা ঠাইসমূহ হল- ধিঙৰ চালনাবৰী, ভেৰভেৰী বিল, টুকটুকী, আহোম গাঁও, কটহগুৰি, ৰৌমাৰী বিল , মৈৰাধ্বজ, মাগুৰমাৰী বিল।

ইতিমধ্যে উচ্ছেদ অভিযানৰ বাবে সম্পূৰ্ণ সাজু হৈছে নগাঁও জিলা আৰক্ষী প্ৰশাসন। উল্লেখিত স্হানসমূহত বেদখলকাৰীয়ে অবৈধভাৱে বৃহৎ বৃহৎ পুখুৰী খান্দি মৎস্য পালন কৰি আহিছে। এইসকল বেদখলকাৰী মৎস্য পালকে চৰকাৰী ভূমি আৰু জলাশয় বেদখল কৰি পুখুৰী খন্দাৰ ফলত ধিং আৰু বটদ্ৰৱাৰ কুৰিখনতকৈ অধিক গাঁৱৰ জনজীৱন বিপন্ন হৈ পৰিছে ।

তদুপৰি পানী ওলাই যোৱা সকলো জলাশয়, দলং, কাৰ্লভাৰ্ট আদি বন্ধ কৰি দিয়াৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। চৰকাৰী জলাশয়সমূহৰ বেদখলকাৰীসকলৰ অধিকাংশই হ’ল ধনী লোক।

ডিজিটেল ডেস্ক, ৯ ডিচেম্বৰ

লগতে এইটোও পঢ়ক — কংগ্রেছৰ ২২টা ছীটত ১০ কোটি টকালৈকে চলিছে দৰদাম, ড০ শর্মাৰ বিস্ফোৰক অভিযোগ

You might also like