পলাশৰে বিবাহ বাতিল, নেটত অনুশীলনত নামিল মান্ধানা
মান্ধানাই ২৩ নৱেম্বৰত পলাশৰ লগত বিয়া হোৱাৰ কথা আছিল৷ বিয়াৰ দিনা হঠাতে মান্ধানাৰ দেউতাক অসুস্থ হৈ পৰিল৷ চিকিৎসালয়ত ভর্তি হ’ব লগা হৈছিল
সুৰকাৰ পলাশ মুছলৰ সৈতে বিচ্ছেদ ঘটাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পিছতেই পুনৰ নেটলৈ উভতি আহিছে স্মৃতি মান্ধানা৷ ভাৰতীয় বিশ্বকাপ বিজয়ী মহিলা দলৰ সদস্যগৰাকীয়ে ব্যক্তিগত জীৱনত দেখা দিয়া জোকাৰণিৰ সৈতে মোকাবিলা কৰিবলৈ সম্ভৱতঃ ২২ গজ বাছি লৈছে৷
মান্ধানাই ৭ ডিচেম্বৰত পলাশৰ সৈতে বিচ্ছেদ ঘটাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল৷ প্রেমিকৰ সৈতে বিচ্ছেদৰ ঘোষণাৰ লগে লগে মান্ধানাই কয় যে এতিয়া তেওঁৰ মূল লক্ষ্য হৈছে দেশৰ হৈ খেলা আৰু ট্ৰফী জয় কৰা৷ তেওঁ উল্লেখ কৰে যে ২১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত–শ্রীলংকা টি–২০ শৃংখলা৷
উক্ত শৃংখলাটোৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে মান্ধানাৰ অনুশীলনৰ ছবি আৰু ভিডিঅ’৷ সোমবাৰে কিছু সময় নেটত বেটিং কৰে মান্ধানাই৷ ব্যক্তিগত জীৱনৰ জোকাৰণি যেন তাইৰ ক্রিকেটত কোনো প্রভাৱ পেলাব পৰা নাই৷
মান্ধানাই ২৩ নৱেম্বৰত পলাশৰ লগত বিয়া হোৱাৰ কথা আছিল৷ বিয়াৰ দিনা হঠাতে মান্ধানাৰ দেউতাক অসুস্থ হৈ পৰিল৷ চিকিৎসালয়ত ভর্তি হ’ব লগা হৈছিল৷ সেই সময়ত মান্ধানাৰ পৰিয়ালে ঘোষণা কৰিছিল যে বিয়াখন অনির্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে৷
ইয়াৰ পিছতেই কেইবাগৰাকীও মহিলাৰ সৈতে পলাশৰ সম্পর্ক পোহৰলৈ আহে৷ নতুন জল্পনা–কল্পনা আৰম্ভ হ’ল৷ কোৱা হৈছিল যে ক্রিকেটাৰ আৰু সুৰকাৰৰ মাজত এটা দূৰত্ব গঢ় লৈ উঠিছিল৷ ইয়াৰ মাজতে শুনা গ’ল যে ৭ ডিচেম্বৰত দুয়োৰে বিয়া হ’ব পাৰে৷ কিন্তু সেই খবৰৰ সত্যতা নিশ্চিত নকৰিলে মান্ধানাৰ ভাতৃয়ে৷ অৱশেষত ৭ ডিচেম্বৰৰ পুৱা মান্ধানাই বিবাহ ভংগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে৷
ডিজিটেল ডেস্ক, ৯ ডিচেম্বৰ
লগতে এইটোও পঢ়ক—- খানাপাৰাত মেলন উন্মাদনা, জুবিন গার্গক কিংবদন্তি আখ্যা মেলনৰ