নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ ২২টা ছীটত ১০ কোটি টকালৈকে চলিছে দৰদাম, ড০ শর্মাৰ বিস্ফোৰক অভিযোগ

বিশেষ বাৰ্তা, ৯ ডিচেম্বৰ : কংগ্রেছৰ ২২টা ছীটত ১০ কোটি টকালৈকে দৰ–দাম চলিছে৷ বিধানসভা নির্বাচনক লৈ ৰাজ্যত আৰম্ভ হোৱা তৎপৰতাৰ মাজতে বিৰোধী কংগ্রেছৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

মুখ্যমন্ত্রীৰ অভিযোগ– প্রার্থিত্ব বিচৰাজনে এক কোটি টকা এডভাঞ্চ হিচাপে দিছে, বাকী ৯ কোটি টিকট পালেই দিব৷ সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ বিৰোধী দলটোৰ বিৰুদ্ধে এই অভিযোগ তুলি মুখ্যমন্ত্রী ড০ শর্মাই কয়– কংগ্রেছৰ ২২টা সমষ্টিত টিকটৰ বাবে এক কোটিৰ পৰা ১০ কোটি টকালৈ দাম উঠিছে৷ কেৱল ২২টা ছীটতহে এই দাম উঠিছে৷

মুখ্যমন্ত্রীয়ে কয়– অহা ১৪ ডিচেম্বৰত নতুন দিল্লীত কংগ্রেছৰ এখন সভা আছে৷ এই সভালৈ মানুহ নিয়াৰ দায়িত্ব প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈয়ে প্রার্থিত্ব বিচৰাসকলক দিছে৷ কিন্তু একোটা সমষ্টিত কেইবাজনো প্রার্থিত্ব বিচৰা লোক থাকিব৷ সকলোকে প্রার্থিত্ব দিয়া নহয়, গতিকে আনসকলে মানুহ নিয়াৰ বাবদ কি পাব? এয়া যুক্তিসংগত নহয়৷ মন কৰিব- এইকেইদিন মিঞা এৰিয়াত প্লেন আৰু ট্রেইনৰ টিকট কটাৰ ধুম উঠি আছে৷ গৌৰৱ গগৈয়ে কৈছে– পার্টীয়ে মানুহ নিব ৩০০৷ প্রতিখন জিলাৰ পৰা ১০জনকৈ লোক দলে নিব৷ বাকী যিসকল লোক ১৪ ডিচেম্বৰৰ সভালৈ যাব তেওঁলোকক প্রার্থিত্ব বিচৰাসকলে লৈ যাব লাগিব৷ কিন্তু এতিয়াও প্রার্থিত্ব দিয়া হোৱাই নাই৷ এই লোকসকলে টিকট বিচাৰিছেহে, নির্বাচনৰ প্রার্থিত্ব এজনেহে পাব, বাকীকেইজনে খৰচ কৰা এই ধন এনেই যাব৷ এনেকে পার্টী নচলে৷ কোনোবাই মাটি বিক্রী কৰি, গাড়ী বন্ধকত থৈ, প্রার্থিত্বৰ বাবে পইচা ব্যয় কৰিব আৰু সময়ত প্রার্থিত্ব নাপাব৷ কংগ্রেছৰ দৰে এটা ইমান ডাঙৰ দলে দিল্লীলৈ যাবলৈ প্রার্থিত্ব বিচৰাসকলক দায়িত্ব দিব লাগেনে? একোটা মিঞা সমষ্টিত যদি ২০জনে প্রার্থিত্ব বিচাৰে, সেই আটাইকেইজনে ৫০জনকৈ মানুহ দিল্লীলৈ নিব লাগিব৷ এয়াই হৈছে কংগ্রেছৰ ৰাজনীতি৷

মুখ্যমন্ত্রীয়ে পুনৰ কয়– কংগ্রেছৰ ভিতৰৰ কথা দলৰ মানুহৰ পৰাই মই গম পাওঁ৷ কোনো কংগ্রেছীয়ে যদি ঘৰতো দলৰ কথা কয় মই গম পাওঁ, তেওঁলোকে এই টেপটো বন্ধ কৰিব নোৱাৰে৷ তেওঁলোকে ইজনৰ পাছত সিজনক সন্দেহ কৰি থাকে৷ কংগ্রেছত থকা মোৰ এজেণ্ট শেষ কৰিব নোৱাৰে৷ অসমৰ খিনিয়ে খবৰ নিদিলে, দিল্লীত থকা কংগ্রেছী ছ’ৰ্চ লগাই দিম৷

ইফালে, বহু সংখ্যালঘু কংগ্রেছীয়ে হিন্দুৰ নামত ফেচবুক একাউণ্ট খুলি অভদ্র আচৰণ কৰা বুলিও গুৰুতৰ অভিযোগ তোলে মুখ্যমন্ত্রী ড০ শর্মাই৷ শেহতীয়াকৈ প্রদেশ কংগ্রেছৰ নেতা প্রফুল্ল দাসৰ পদত্যাগৰ পিছতে এই তথ্য পোহৰলৈ আহিছে৷ কালি মুখ্যমন্ত্রী ড০ শর্মাই এই বিষয়টো উল্লেখ কৰি কয়– কংগ্রেছীসকলৰ হাতত ছেৰ’গেট একাউণ্ট থাকে৷ এই ছেৰ’গেট একাউণ্টৰ পৰা অভদ্রভাৱে মোক, মোৰ পৰিয়াল, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ওপৰত বেয়া বেয়া বক্তব্য প্রকাশ কৰাটোৱেই হৈছে তেওঁলোকৰ কাম৷ যাৰ ব্যক্তিত্ব আছে বা অলপ হ’লেও বিবেক আছে তেওঁলোকে এই কাম কৰিব নোৱাৰে৷ কংগ্রেছে এই ছেৰ’গেট একাউণ্টবোৰ ৰাখিছে কেৱল মানুহৰ মান–সন্মান নষ্ট কৰাৰ বাবে৷ কংগ্রেছ এৰি অহা প্রফুল্ল দাসৰ পৰাই এই কথা জানিব পাৰিব৷ কংগ্রেছৰ ৱাৰৰূমত কি কি পৰিকল্পনা চলি থাকে সেয়া প্রকাশ কৰিব নোৱাৰি৷ কংগ্রেছৰ মিঞা সদস্যই হিন্দুৰ নামত একোটা একাউণ্ট খুলি লৈছে৷ ‘সোণৰ খাৰু নালাগে মোক’ এনেধৰণৰ অসমীয়া বাক্যৰে সামাজিক মাধ্যমত তেওঁলোকে বহুত একাউণ্ট খুলি লৈছে৷ সেই একাউণ্টসমূহৰ মালিক হ’ল মিঞা মুছলমান৷ এই সকলোবোৰে হিন্দুৰ নামত একোটা একাউণ্ট খুলি লৈছে৷ এইসকলে অসমত এক সামাজিক বিশৃংখলা আনিবলৈ এই ফেচবুক একাউণ্টবোৰ ব্যৱহাৰ কৰি আছে৷ এই একাউণ্টবোৰৰ ওপৰত চৰকাৰৰ সম্পূর্ণ নজৰ আছে৷ নির্বাচনৰ বাবে আমি বিষয়টোৰ ওপৰত পদক্ষেপ লোৱা নাই, যেতিয়াই আমাৰ চৰকাৰ গঠন হ’ব, এই একাউণ্টবোৰৰ ওপৰত ব্যৱস্থা লোৱা হ’ব৷ সামাজিক মাধ্যমত এই ধৰণৰ চৰিত্র লৈ ৰাইজৰ মাজত সুমুওৱাটো নীতিগতভাৱে বিৰোধী কাম৷ সামাজিক মাধ্যমত ফেচবুক একাউণ্ট খুলিলে আমি একাউণ্টৰ ডিটেইলছ দিওঁ, কিন্তু এইসকল কংগ্রেছীৰ একাউণ্টত ডিটেইলছ কিয় নাথাকে? মুখ্যমন্ত্রীয়ে কয় যে কংগ্রেছ ত্যাগ কৰি অহা প্রফুল্ল দাসে অহা ৯ ডিচেম্বৰত বিজেপিত যোগদান কৰিব৷

You might also like