নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৮ ঘন্টাৰ পিছতো সন্ধান নাই ধুবুৰীৰ নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা চক্ৰ বিষয়া সঞ্জু দাসৰ

নিয়মীয়া বাৰ্তা, ১অক্টোবৰ: যোৱা দুদিনে (এই বাতৰি পঠিওৱা লৈ) সন্ধান নোলাল ধুবুৰীৰ আমিনেৰ চৰৰ শোকাৱহ নাও দুৰ্ঘটনাত নিখোঁজ হোৱা ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ। স্মৰ্তব্য যে, যোৱা ২৯ ছেপ্টেম্বৰৰ দিনা নিজৰ কাৰ্য্যালয়ৰ এগৰাকী লাট মণ্ডল আৰু ফিল্ড অফিচাৰসহ ধুবুৰীৰ আয়ৰণ জংলা প্ৰথম খণ্ডৰ সমীপৰ বৰলুইতৰ সিপাৰে থকা আমিনেৰ চৰ নাম এক দূৰ্গম চৰাঞ্চললৈ নৈখনে চলাই থকা গৰাখহনীয়াৰ চৰজমিন তদন্ত চলাবলৈ গৈছিল তিনিজনীয়া সেই দলটোৱে। দলটোৱে এখন সৰু ভূটভূটীৰে উভোতাৰ সময়ত নৈৰ পানীত বুৰ গৈ থকা নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলঙখনৰ এটা খুটাত খুন্দা মাৰাৰ পিছত বুৰ গৈছিল সেইখন। ভূটভূটীখনত থকা যাত্ৰীৰ সংখ্যাকে ধৰি দুৰ্ঘটনাটোত কিমান লোক সন্ধানহীন হৈছে সেয়া লৈ থকা প্ৰাৰম্ভিক বিভ্ৰান্তি আঁতৰাৰ পিছত সেইখনৰ মুঠ ২৯ গৰাকী যাত্ৰী থকাটো নিশ্চিত কৰিছিল প্ৰশাসনে। উন্মোচিত হৈছিল ভূটভূটীখনৰ ২৯ গৰাকী যাত্ৰীৰ ধুবুৰীৰ চক্ৰ বিষয়াগৰাকীয়ে কেৱল সন্ধানহীন হোৱাৰ বিষয়টোও।

নাও দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰা ধুবুৰী চক্ৰ বিষয়াৰ লাট মণ্ডল নমেজ উদ্দিনে ধুবুৰী ফুলবাৰী দলংৰ নিৰ্মাণকাৰী সংস্থা এল এণ্ড টিৰ কৰ্মচাৰীয়ে বাধা দিয়াৰ বাবেই যোৱাৰ সময়ত তেওঁলোকে  ব্যৱহাৰ কৰা নিৰ্মাণকাৰী সংস্থাটোৰ অস্থায়ী দলংখনেৰে উভতি নাহি আমিনেৰ চৰৰ পৰা এখন ভূটভূটীৰে আহিবলগীয়া হোৱা বুলি স্থানীয় সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছিল।

আনকি নাওখন দুৰ্ঘটনাগ্ৰস্ত হোৱা দেখি অঞ্চলটোৰ একাংশ প্ৰত্যক্ষদৰ্শীয়ে ধুবুৰী–ফুলবাৰী দলঙৰ নিৰ্মাণকাৰী এলএণ্ডটিৰ এখন অস্থায়ী দলংৰ ওপৰেৰে উদ্ধাৰ কাৰ্য্য চলাবলৈ গৈ সংস্থাটোৰ একাংশ কৰ্মচাৰীৰ বাধাৰ সন্মুখীন হোৱা বুলিও উচ্চাৰিত হোৱা পোৱা গৈছিল। তাৰোপৰি এল এণ্ড টিয়ে নিৰ্মাণ কৰি থকা ধুবুৰী ফুলবাৰী দলংখনৰ বৰ লুইতৰ পানীত বুৰ গৈ থকা নিৰ্মীয়মান খুটাবোৰ চিহ্নিত কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰো অভিযোগ উত্থাপিত হৈছিল।

অৱশ্যে ধুবুৰী সদৰ থানাত এল এণ্ড টিৰ স্থানীয় বিষয়াসকলৰ বিৰূদ্ধে দূৰ্যোগ প্ৰশমন বিভাগে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৪৬০/২২ নম্বৰত এক গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। সেই গোচৰ মৰ্মে নিৰ্মাণকাৰী সংস্থাটোৰ ৰাজেশ কুমাৰ যাদৱ আৰু হৰিশ তেৱাৰী নামৰ এল এণ্ড টিৰ স্থানীয় দুগৰাকী কৰ্মচাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ইপিনে সিদিনা দূৰ্ঘটনাত পতিত হোৱা সেই ভূটভূটীখন দৰাচলতে এখন মালবাহী নাও আছিল বুলি আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ এক সূত্ৰযোগে জানিব পৰা গৈছে। কোনো ধৰণৰ বিভাগীয় অনুজ্ঞাপত্ৰ নথকা সেইখনৰ নাওঁৰীয়া শ্বহিদ আলীৰ বিৰূদ্ধে ইতিমধ্যে ধুবুৰী সদৰ থানাত আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ ধুবুৰী শাখাৰ বিৰূদ্ধে এখন এজাহাৰ দাখিল কৰা হোৱা বুলিও প্ৰকাশ।

জানিব পৰা মতে, ধুবুৰীৰ আমিনেৰ চৰৰ বাসিন্দা শ্বহিদ আলীৰ এতিয়ালৈ কোনো শুংসূত্ৰ ওলোৱা নাই বুলিয়েই জানিব পৰা গৈছে। ইপিনে আজি তৃতীয় দিনাও নিখোঁজ চক্ৰ বিষয়াৰ সন্ধানত বৰ লুইতত অভিযান অব্যাহত আছে এচডিআৰএফ আৰু এনডিআৰএফ বাহিনীৰ।

You might also like