নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত মহিলা আৰক্ষীৰ  জালত

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ আজি সন্ধিয়াৰ ফালে ধুবুৰী আৰক্ষীৰ এটি বিশেষ দলৰ ড্ৰাগচ বিৰোধী অভিযানত কিছু সংখ্যক নিচাযুক্ত কফচিৰাপৰ বটলসহ ড্ৰাগচ সৰবৰাহৰ সৈতে জড়িত এগৰাকী মহিলাক কৰায়ত্ব কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, বিশেষ এক তথ্যৰ ভিত্তিত আজি বিয়লিৰ ফালে ধুবুৰী চহৰৰ ৰেল আস্থানৰ সমীপৰ এটা উপপথত ধুবুৰী আৰক্ষীৰ এটি দলে অভিযান চলাইছিল। উক্ত অভিযানত আৰক্ষীয়ে ২৮ বটল ক’ডিন ফচফেট নামৰ নিচাযুক্ত কফচিৰাপৰ বটলসহ এগৰাকী মহিলা ড্ৰাগচ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। প্ৰাথমিক তদন্তত ধৃত সেই মহিলাগৰাকী ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ (Public Transport) জৰিয়তে স্বয়ং চুবুৰীয়া পশ্চিবংগৰ পৰা নিচাযুক্ত সামগ্ৰী অনাৰ সৈতে প্ৰত্যক্ষ ভাৱে যুক্ত হৈ থকাৰ বিষয়টো পোহৰলৈ অহা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। বৰ্তমানে ড্ৰাগচ সৰবৰাহৰ সৈতে জড়িত থকাৰ আন এগৰাকী অভিযুক্ত তথা ধৃত সেই মহিলাগৰাকীৰ স্বামী আব্দুল কৰিমৰ সন্ধানত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like