নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত গৰু পৰিবাহী বাহন দুৰ্ঘটনাগ্ৰস্ত

নিয়মীয়া বাৰ্তা,  ১১ ছেপ্টেম্বৰঃ আজি পুৱতি নিশা ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ৰৌৱা দ্বিতীয় খণ্ড অঞ্চলত এখন গৰুবাহী ডিআই বাহন দূৰ্ঘটনাগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সেই অঞ্চলটোৰ পথৰ দাঁতিত থকা বিলৰ মেটেকাত এটাত নিয়ন্ত্ৰণ হেৰুৱাই সুমাই পৰে বাহনখন আৰু ফলত সেইখনত থকা ১০টা গৰুৰ ৫টাই কৰুণ মৃত্যুক সাৱটে। পশ্চিমবংগৰ ডাব্লুবি ৭১বি/৮৭৭৭ নম্বৰৰ দুৰ্ঘটনাত পতিত সেই বাহনখনেৰে গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে গৰুকেইটা আনিছিল বুলি সন্দেহ কৰা হৈছে। ইপিনে দূৰ্ঘটনাটোৰ পিছত চুবুৰীয়া পশ্চিমবংগৰ পৰা ধুবুৰী জিলাৰ কেইবাটাও থানা আৰু আৰক্ষী চকী এলেকা পাৰ হৈ গৰুবাহী সেই ডিআই বাহনখন বিনাবাধাই ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী এটা অঞ্চললৈ উপস্থিত হ’ল সেই প্ৰশ্ন উত্থাপিত হৈছে। আনহাতে দূৰ্ঘটনাগ্ৰস্ত সেই ডিআইখনৰ চালক অথবা অইন কোনো সহকাৰীৰ বৰ্তমানলৈ সন্ধান উলিয়াব নোৱাৰাটো ধুবুৰী আৰক্ষীৰ অক্ষমতা বুলিও বিবেচিত হৈছে। উল্লেখ্য যে, আজি দুপৰীয়াৰ পৰাহে দূৰ্ঘটনাটোত মৃত্যু হোৱা গৰু ৫টা আৰু বাহনখন উদ্ধাৰ কৰাৰ তৎপৰতা আৰম্ভ হোৱা দেখা যায় আৰক্ষীৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like