নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছৰ নেতা-কৰ্মী গান্ধী কোম্পানীৰ চাকৰিয়াল : পীয়ূষ হাজৰীকা

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিল : লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা দিন বাকী। নিৰ্বাচনৰ প্ৰাক‌্ক্ষণত প্ৰান্তে প্ৰান্তে সভা, ৰোড শ্ব’ আদিৰে শক্তি প্ৰদৰ্শনত নামি পৰিছে শাসক-বিৰোধী। কালি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত এক ৰোড শ্ব’ কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতে আজি পুনৰ তিতাবৰৰ ৰাজপথত বিজেপিয়ে বিশাল পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ উপস্থিতিত সমবেত হোৱা লোকতকৈও তিনিগুণ অধিক লোকৰ সমাবেশ ঘটাই তিতাবৰত বিজেপিয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰে। ৰাইজৰ এনে অভুতপূৰ্ব সঁহাৰিয়ে এইবাৰ তিতাবৰত বিজেপিয়ে কেইবাহাজাৰ ভোটত লীড লোৱাতো স্পষ্ট হৈ পৰে। সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা কেইবা সহস্ৰাধিক ৰাইজৰ সৈতে মন্ত্ৰী পীয়ূষ হাজৰিকা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, পল্লৱলোচন দাস, বিধায়ক দিগন্ত কলিতাই আদিয়ে তিতাবৰৰ ৰাজপথৰ মাজেৰে পদযাত্ৰা কৰি কাৰ্যসূচীটো ৰূপায়ন কৰে। তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ কৰা বিশাল পদযাত্ৰা তিতাবৰ ষ্টেচন তিনিআলি হৈ তিতাবৰ চাৰিআলিত সামৰণি পৰে।‌ ‘আকৌ এবাৰ মোদী চৰকাৰ, বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, ড০ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, তপন গগৈ জিন্দাবাদ’ ধ্বনিৰে তিতাবৰ চহৰৰ আকাশ-বতাহ মুখৰিত হৈ পৰে। ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰহোলা মণ্ডলৰ সভাপতি প্ৰণৱ চুতীয়া, সাধাৰণ সম্পাদক যদুমণি বৰাৰ নেতৃত্বত প্ৰায় এহেজাৰখন বাইকেৰে ৰেলী কৰিও কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। পদযাত্ৰাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই সাংবাদিকৰ আগত কয় যে চাৰিওফালে মাথোঁ মানুহ দেখিছোঁ। প্ৰত্যেকটো সমষ্টিত বিজেপিক সমৰ্থন কৰিবলৈ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। প্ৰায় আঢ়ৈ লাখ ভোটত যোৰহাট সমষ্টিত তপন কুমাৰ গগৈয়ে শেষ হাঁহি মাৰিব। প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব’ৱে বিজেপিক কিবা প্ৰভাৱ পেলাব নেকি বুলি সোধা প্ৰশ্নত মন্ত্ৰী হাজৰীকাই কয় যে ৰোড শ্ব’ত মই জনাত ছয় হেজাৰমান মানুহ হৈছে। ছহেজাৰ মানুহতো তেওঁলোকৰ কাৰণে বিশাল হ’ব নালাগে। প্ৰিয়ংকা গান্ধী কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা। তাতে তেওঁলোকটো গান্ধী পৰিয়াল। কংগ্ৰেছ দলৰ যিসকল নেতা-কৰ্মী তেওঁলোকৰ অনুগত সদস্যহে। কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকল ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ কোম্পানীৰ চাকৰিয়াল। গতিকে মালিক আহোতে যদি ইমান বিশাল সমষ্টিটোত মাত্ৰ ছহেজাৰ মানুহ ওলাই, ক’ত কংগ্ৰেছ আছে? প্ৰিয়ংকা গান্ধী আহি আমাক জিকাই থৈ গ’ল বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী হাজৰিকাই। ৰোড শ্ব’ত অংশগ্ৰহণ কৰি বিধায়ক দিগন্ত কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে আজি স্বতঃস্ফুৰ্তভাৱে ৰাইজ ওলাই আহিছে। এয়া হৈছে বিজেপি, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ প্ৰতি থকা ৰাইজৰ মৰম। এখন নতুন তিতাবৰ হ’বলৈ গৈ আছে। এখন নতুন তিতাবৰ মুখ্যমন্ত্ৰীয়ে উপহাৰ দিব। নতুন যোৰহাট উপহাৰ দিব। মুখ্যমন্ত্ৰীয়ে প্ৰতি পলে পলে খবৰ লৈছে। তিতাবৰত বিজেপিয়ে ২০ হাজাৰ ভোটত লীড ল’ব। তিতাবৰত কংগ্ৰেছৰ দুৰ্গ ইতিমধ্যে খহিছে। আজি সকলো ৰাইজ, কাৰ্যকৰ্তা ওলাই আহিছে। তিতাবৰ বিধায়কজনো অন্তৰৰ পৰা কংগ্ৰেছৰ লগত নাই। আমাৰ লগতে আছে। গতিকে কংগ্ৰেছৰ দুৰ্গ ক’ত থাকিলে বুলি মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই। উল্লেখ্য যে বিজেপিৰ বিশাল পদযাত্ৰাই তিতাবৰৰ কংগ্ৰেছ মহলত আজি কঁপনি তোলা বুলি জানিব পৰা গৈছে। এইবাৰ তিতাবৰ সম্পূৰ্ণৰূপে কংগ্ৰেছ মুক্ত হোৱাৰ ছবিখনো স্পষ্ট হৈ পৰিছে।

প্ৰেৰক অজয় শইকীয়া

You might also like