নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰিৰ নামত ধন সংগ্ৰহ কৰা চিকিৎসক অজন্তা হাজৰিকাৰ বাসগৃহত তালাচী

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ  ৰেলৱেত চাকৰি দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি নিবনুৱাৰ মূৰত মাধমাৰ মৰা বুলি অভিযোগ উত্থাপন হোৱা অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ অজন্তা হাজৰিকা বৰ্তমানেও পলাতক ।

শুকুৰবাৰে পুৱাই ডিব্ৰুগড় নালিয়াপুলৰ ভদ্ৰেশ্বৰ দাস পথত থকা ডাক্তৰ অজন্তা হাজৰিকাৰ বাসগৃহত তালাচি চলাই আৰক্ষীয়ে । ডিব্ৰুগড়ৰ আৰক্ষীৰ এটা দলে ডাক্তৰ অজন্তা হাজৰিকাৰ বাসগৃহত তালাচি চলাই কি কি তথ্য লাভ কৰিছে সেই বিষয়ে বিতংকৈ কোৱাৰ পৰা বিৰত আছে আৰক্ষী।

ইপিনে আৰক্ষীৰ দলটোৱে আজি পুৱাই বিতৰ্কীত চিকিৎসক ডাঃ অজন্তা হাজৰিকাৰ সন্দৰ্ভত সোধ পোছৰ বাবে বাসগৃহৰ পৰাই আটক কৰিছে তেওঁৰ স্বামী সীমান্ত শইকীয়াক । আটক কৰাৰ সময়তে সীমান্ত শইকীয়াক ডাক্তৰ অজন্তা হাজৰিকাৰ
সন্দৰ্ভত সোধাত ” মই একো নেজানো ” বুলি মন্তব্য কৰিছে ।

উল্লেখযোগ্য যে একাংশ শিক্ষিত নিবনুৱা যুৱকৰ পৰা ৰেলৱেত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন কৰি যোৱা যোৱা ৬ ডিচেম্বৰত ডিব্ৰুগড় থানাত ৰুজু কৰা ২১৫০/২০২০ ৰ অধীনতে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

You might also like