নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাগৰত মণি–মুকুতা থকাৰ দৰেই সকলোৰে ভিতৰতো প্রতিভা–সম্ভাৱনা আছে

কোকৰাঝাৰ কলেজত ব্যক্তিত্ব বিকাশৰ বক্তৃতানুষ্ঠানত দিগন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ:  কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত মঙলবাৰে ব্যক্তিত্বৰ বিকাশক লৈ এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়৷ কোকৰাঝাৰ মহাবিদ্যালয় দর্শন বিভাগৰ উদ্যোগত তথা আভ্যন্তৰীণ মান নিয়ন্ত্রণ কোষৰ সহযোগত এই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়৷ জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতা শীর্ষক বিষয়ক লৈ অনুষ্ঠিত হোৱা বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্রহণ কৰে সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাই৷

শর্মাই কেনেকৈ ছাত্রী–ছাত্রীসকলৰ মাজত লুকাই থকা প্রতিভা চিনাক্ত কৰিব পাৰি সেই সন্দর্ভত বহলাই ব্যাখ্যা কৰি সকলোকে সচেতন হোৱাৰ আহ্বান জনায়৷ তেওঁ কয়, ‘সাগৰৰ ভিতৰত যেনেকৈ মণি–মুকুতা, ৰত্ন আছে, তেনেকৈ আমাৰ ভিতৰতো অনন্ত প্রতিভা, সম্ভাৱনা আছে৷ গতিকে আমাৰ যুৱক–যুৱতী, ছাত্র–ছাত্রীসকলৰ মাজত থকা অনন্ত প্রতিভা, সুযোগ আৰু সম্ভাৱনাক কেনেকৈ উলিয়াই আনিব পাৰি সেয়াই সকলোৰে চিন্তা হোৱা উচিত৷

উল্লেখ্য যে  দিগন্ত বিশ্ব শর্মাই বন্তি প্রজ্বলনেৰে বক্তৃতা অনুষ্ঠান কার্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত অনুষ্ঠানৰ উদ্বোধনী ভাষণ দিয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষা ড০ বনোবিনা ব্রহ্মই৷ ইয়াৰ আগতে আদৰণী ভাষণ দিয়ে মহাবিদ্যালয়খনৰ দর্শন বিভাগৰ মুৰব্বী অধ্যাপক বাৰহুংখা মুছাহাৰীয়ে৷ বক্তৃতা অনুষ্ঠানত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ শিবু বসাক, আভ্যন্তৰীণ মান নিয়ন্ত্রণ কোষৰ আহ্বায়ক পি ভি নার্জাৰী আৰু অধ্যাপিকা তথা সাহিত্য অকাডেমি বঁটাপ্রাপ্ত অঞ্জলি বসুমতাৰীকে ধৰি কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় প্রায়ভাগ প্রবক্তা–অধ্যাপক আৰু মহাবিদ্যালয়ৰ একাংশ ছাত্র–ছাত্রী উপস্থিত থাকে৷

You might also like