নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫২ সংখ্যক ওপজা দিনত মননশীল কবি প্রশান্ত বিশ্ব শর্মাক স্মৰণ

মালিগাঁৱৰ পাণ্ডুনাথ দেৱালয়ত নাম–প্রসংগ

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ: অসমৰ এগৰাকী সম্ভাৱনাপূর্ণ প্রতিভাধৰ কবি, যুৱ অভিযন্তা প্রয়াত প্রশান্ত বিশ্ব শর্মাৰ ৫২ সংখ্যক ওপজা দিন অসম সাহিত্য সভাৰ ভগৱতীপ্রসাদ বৰুৱা ভৱন পৰিসৰৰ প্রশান্ত বিশ্ব শর্মা স্মাৰক ভৱনত উদযাপন কৰা হয়৷ প্রয়াত কবিগৰাকীৰ প্রতিচ্ছবিৰ সন্মুখত নৈবেদ্য আগবঢ়াই বন্তি প্রজ্বলন কৰে জাতীয় আদর্শ শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠই৷

অনুষ্ঠানত উপস্থিত থকা সংসদৰ পাঠ্যপুথি প্রকাশন উপ–সমিতিৰ সমন্বয়ক বিপুল কুমাৰ ডেকা, প্রচাৰ উপ–সমিতিৰ আহ্বায়ক ভূপেন শর্মা, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দুর্গেশ্বৰ পাঠক, কার্যনির্বাহক বিষ্ণু ডেকা আদি শুভাকাংক্ষীসকলে কবিগৰাকীৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি অর্পণ কৰে৷

সমান্তৰালভাৱে প্রয়াত শর্মাৰ জন্মদিনৰ লগত সংগতি ৰাখি ওদালবাক্রা অঞ্চলৰ জাগ্রত লালগণেশ মন্দিৰত চাকি–বন্তি, শৰাই আগবঢ়োৱা হয়৷ মন্দিৰ পৰিচালনা সমিতি আৰু ওদালবাক্রা জনজাতীয় যুৱ–কল্যাণ পৰিষদৰ সাধাৰণ সম্পাদক, জিণ্টু ৰাভা উপস্থিত থকা অনুষ্ঠানত পূজাৰী ক্ষীতিশ ভট্টাচার্যই মন্ত্রোচাৰণেৰে কবিগৰাকীৰ ওপজা দিনৰ স্মৃতিচাৰণ কৰে৷ মালীগাঁও অঞ্চলৰ পাণ্ডু দেৱালয়তো নাম–কীর্তন প্রসংগৰে ওপজা দিন উদযাপন অনুষ্ঠানত অংশগ্রহণ কৰে জাতীয় আদর্শ শিক্ষা সংসদৰ কোষাধ্যক্ষ নিমাই দাস আৰু উপ–সচিব প্রভাত দাসে৷ কবিগৰাকীৰ মাতৃ অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱী আৰু জ্যেষ্ঠ ভাতৃ ড০ জয়ন্ত বিশ্ব শর্মাৰ পৰিয়ালবর্গই ইংলেণ্ডৰ পৰা আৰু পত্নী বিজয়া শর্মা সহিতে কবিগৰাকীৰ সহোদৰ ভাতৃসবেও পৰিয়াল সমন্বিতে প্রশান্ত বিশ্ব শর্মাৰ পৱিত্র জন্মদিনটোত তেওঁক স্মৰণ কৰে৷

You might also like