নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰং-ওদালগুৰিত সমৰ্থকৰ হৰ্ষোল্লাসেৰে দিলীপ শইকীয়া মনোনয়ন দাখিল

🎯উপস্থিত ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়োৰ লগতে কেইবাগৰাকী মন্ত্ৰী-বিধায়ক

🎯অসমত মোদীৰ গেৰান্টী, মামাৰ ৱাৰেন্টীহে চলিব

ষ্টাফ ৰিপৰ্টাৰ, দৰং, ৪ এপ্ৰিলঃ দৰং-ওদালগুৰি লোকসভা সমষ্টিত আজি বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই দাখিল কৰে মনোনয়ন। মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, মন্ত্ৰী ৰঞ্জিত দাস, চন্দ্ৰমোহন পাটোৱাৰী, ইউজি ব্ৰহ্মসহ ওডালগুৰি, ছিপাঝাৰ, কমলপুৰ, ৰঙিয়া আদি দৰং-ওদালগুৰিৰ অন্তৰ্গত ১১টা বিধানসভা সমষ্টিৰ মিত্ৰজোটৰ বিধায়ক, ইএম, এমচিএলএ সকলোৱে ভাগ লয়। পুৱাৰে পৰা বিজেপি, এজিপি আৰু ইউপিপিএল দলৰ নেতা-কৰ্মীৰে ভৰি পৰে ওডালগুৰি চহৰ। মুখ্যমন্ত্ৰীৰ বাবে অপেক্ষাৰত নেতা-কৰ্মী, মন্ত্ৰী-বিধায়ক আদিৰে অনুস্হিত হয় বিশাল সভা। এই সভাত মুখ্যমন্ত্ৰীয়ে যোগদানৰ পূৰ্বে এক চমু ৰোড শ্ব অনুস্থিত কৰে। এই শ্ব’টো প্ৰায় ১০ হাজাৰ লোকে ভাগ লয় আৰু ডঃ শৰ্মাক সভাস্থলীলৈ আদৰি আনে। সভাত অংশ লৈ ডঃ শৰ্মাই দৰং-ওডালগুৰিৰ ৰাইজক কৃতজ্ঞতা জনাই মনোনয়নৰ বাবে সৃষ্টি হোৱা পৰিৱেশক আখ্যা দিয়ে জনসমুদ্ৰ। ভাষণ প্ৰসংগত ডঃ শৰ্মাই কয়, ‘আজি আমাৰ বাবে আনন্দৰ দিন, এটা মংগলৰ দিন। যেতিয়া এগৰাকী ৰাইজৰ প্ৰতিনিধিয়ে ৰাইজৰ আশীৰ্বাদ লৈ মনোনয়ন দাখিল কৰিবলৈ যায়, সেই দিনটো জীৱনত সদায় মনত থাকে। আজি ৰাইজে বিচাৰে যে ভাৰতবৰ্ষত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হব লাগে নৰেন্দ্ৰ মোদী। আমি দিলীপ শ‌ইকীয়াক ভোট দি জয়ী কৰালে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হব। ম‌ই যেতিয়া বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে ভাষণত এক লাখ চাকৰি, অৰুণোদয় আচনিৰ ঘোষণা কৰিছিলো, তেতিয়া কংগ্ৰেছী মানুহবোৰে ইয়াক কেৱল নিৰ্বাচনী ঘোষণা বুলিহে কৈছিল। আজি আমি অসম্ভৱক সম্ভৱ কৰিলো। আজি আমাৰ অসমখন উন্নতি আৰু শান্তি দুয়োটা পথত আগবাঢ়িছে। আজিৰ পৰা পাঁচ বছৰ আগত ওদালগুৰিত এনেধৰণৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰাটো সম্ভৱ নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই বিটিআৰত শান্তি আহিছে, অসমত শান্তি আহিছে। বিজেপিক ভোট দিলে ত্ৰিপল ইঞ্জিনৰ ৰেল দ্ৰুতগতিত দৌৰিব। কিন্তু কংগ্ৰেছ আৰু বিপিএফক ভোট দিলে দুটা ইঞ্জিন আগফালে আৰু দুটা ইঞ্জিন পিছফালে দৌৰি ৰেল গাড়ী নচলা হব। আগন্তুক নিৰ্বাচনৰ পাছত প্ৰতিখন ৰেচন কাৰ্ড থকা পৰিয়ালত একোটাকৈ অৰুণোদয় আচনি প্ৰদান কৰিম। লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মুৰব্বীক একোটাকৈ স্বাস্থ্য বীমা আৰু জীৱন বীমা আমি চৰকাৰৰ ধনেৰে কৰাই দিম। যাৰ দ্বাৰা পৰিয়ালৰ মুৰব্বীৰ বেমাৰ হ’লে বা মৃত্যু হ’লে চৰকাৰে কৰাই দিয়া জীৱন বীমাৰ ধন লাভ কৰি পৰিয়ালটো চলিব পাৰে। আনহাতে যিটো পৰিয়ালত দুটা সন্তান থাকে সেই পৰিয়ালৰ কন্যা সন্তানটিক চৰকাৰে পঢ়াৰ খৰছ বহন কৰিব। তেনে কন্যা সন্তানে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কলেজত নামভৰ্তি কৰিলে ছাত্ৰীগৰাকীৰ বেংক একাউণ্টত চৰকাৰে দহ হাজাৰ টকা ভৰাই দিব। যি ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ স্নাতকত নামভৰ্তি কৰিব, তেনে ছাত্ৰীৰ একাউণ্টত ১২,৫০০ টকা চৰকাৰে ভৰাই দিব। যি ছাত্ৰীয়ে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব, তেনে ছাত্ৰীৰ বেংকৰ একাউণ্টত ২৫ হাজাৰ টকা ভৰাই দিম। অসমত মোদীৰ গেৰেণ্টীৰ লগতে মামাৰ ৱাৰেণ্টী চলিব।” ইফালে এক লাখ চাকৰি সন্দৰ্ভত মন্তব্য কৰি শৰ্মাই ক‌য় যে “যিহেতু এক লাখ চাকৰি অতিক্ৰম হৈ গ’ল, গতিকে এক লাখৰ লগত আকৌ ৫০ হাজাৰ চাকৰি যোগ কৰি ডেৰ লাখ কৰি দিলো। এতিয়া চাকৰিৰ দালাল নোহোৱা হৈছে। গতিকে ল’ৰা-ছোৱালীবোৰে পৰীক্ষা কেতিয়া হব সুধি থাকে। আগন্তুক জুলাই মাহত আৰক্ষীৰ লগতে তৃতীয় চতুৰ্থ বৰ্গৰো পৰীক্ষা অনুষ্ঠিত হব। লগতে তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ পদৰ সংখ্যা ৩৫ হাজাৰৰ পৰা ৫০ হাজাৰলৈ বৃদ্ধি কৰা হৈছে।” দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সূৰ্য আখ্যা দি সেই সূৰ্যৰ পোহৰত হে চন্দ্ৰ তথা ৰাজ্য চৰকাৰ সমূহ উজ্বলি থাকিব পাৰে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত প্ৰকাশ কৰে। ইফালে কংগ্ৰেছ দল সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “পেট্ৰলৰ টেংকী ইতিমধ্যে ফুটি গৈছে। তাত পেট্ৰল নায়েই। গতিকে কংগ্ৰেছক গালি দি কি লাভ? কংগ্ৰেছ এতিয়া পুৰণা অচল নোট।” দৰং-ওডালগুৰি সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ মনোনয়নৰ দিনটোতে দলটোৰ ৩ গৰাকী নেতাই আগবঢ়ায় আগচীয়া ফলাফল। মনোনয়ন দাখিলৰ পূৰ্বে অনুস্হিত এক বিশাল সভাত দলটোৰ সভাপতি ভৱেশ কলিতাই মঞ্চতে ঘোষণা কৰি কয়, ‘দিলীপ শইকীয়াই এইবাৰ ২ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব।’ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াক তজবজীয়া আইজৌং চাউলৰ লগত তুলনা কৰি কয় যে, দৰং-ওদালগুৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীৰ এতিয়া ধৰ্মচৰ্চা কৰাৰ সময়। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই বৈদ্যুতিন সংবাদ মাধ্যমত কয় যে, বিজেপি দলৰ প্ৰাৰ্থী গৰাকী এইবাৰ পূৰ্বৰ তুলনাত অধিক ভোটৰ ব্যৱধানত জয়ী হ’ব। কমেও ৩ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব দিলীপ শইকীয়া। ইপিনে, খোদ বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে এইবাৰ বিৰোধী প্ৰাৰ্থী সকল একেবাৰে দুৰ্বল, তেওঁৰ পৰা ১০০ মাইল দূৰৈত থকা বুলি দাবী কৰি কয় যে ভোটদানৰ ওপৰত নিৰ্ভৰ কৰিব ব্যৱধান। যদি ১৮/২০ লাখ ভোটদান হয়, তেন্তে তেওঁ ১০ লাখৰোধিক ব্যৱধানত জয়ী হ’ব। অৰ্থাৎ ৬/৮ লাখৰ অধিক ভোটদান কৰা সকলো হব শইকীয়াৰ ভোট। একেদৰে, মনোনয়নৰ সময়ত তেওঁৰ সৈতে সমবেত লক্ষাধিক লোক ক’ৰ পৰা কেনেকৈ আহিল, তেওঁ গমেই নাপায়। অৱশ্যে, বিজেপিৰ ফালৰ পৰা আজি মণ্ডলে মণ্ডলে সমৰ্থক যাবৰ বাবে ডাঙৰ বাছ অপেক্ষা কৰাটো সকলোৱে প্ৰত্যক্ষ কৰিছিল। ইপিনে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নগাওঁ আৰু মৰিগাৱৰ কাৰ্যসূচীৰ বাবে অপেক্ষা কৰি প্ৰায় ৪০ হাজাৰ লোকেৰে অনুস্থিত বিশাল সভাত আজি ছিপাঝাৰৰ বিধায়ক ডঃপৰমানন্দ ৰাজবংশী হৈ পৰে ঘোষক। ৰাজবংশীয়ে এংকৰিং কৰা সভাত কমলপুৰৰ বিধায়কে সঘনাই মুখ্যমন্ত্ৰীৰ আগমনকলৈ দিয়ে ঘোষণা। দুই বিধায়কৰ এই নতুন ৰূপে উপস্হিত ৰাইজক আমোদ দিয়ে। সভাত মন্ত্ৰী ৰঞ্জিৎ দাস, চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে দলটোৰ সভাপতি ভৱেশ কলিতাই ভাষণ ৰাখি উন্নয়ণৰ আভাষ দিয়ে। স্বাভাৱিকতে দিলীপ শইকীয়াৰ বিজয়ৰ দাবী উত্থাপন কৰা বিজেপি দলৰ নেতাসকলৰ মাজতে পাৰ্থক্য আহি পৰে। একেদৰে কালিলৈ ৫ লাখ ভোটৰ ব্যৱধানত জয়লাভৰ দাবী কৰি অহা দলীয় প্ৰাৰ্থী দিলীপ শইকীয়াই আজি মনোনয়নৰ সময়ত ভীৰ দেখা পাইয়েই ব্যৱধান ১০ লাখলৈ সলনি কৰে। অৰ্থাৎ দিন যোৱাৰ লগে লগে শইকীয়াৰ ব্যৱধান বৃদ্ধি পোৱাটো অত্যন্ত লক্ষনীয় বিষয়। একেদৰে এই সভাত শিল্পী সীমান্ত শেখৰৰ বিহুগীতত প্ৰমোদ বড়ো সহ বিধায়ক দিগন্ত কলিতাই বিহু নাচি ৰঙীন কৰে পৰিৱেশ।

প্ৰেৰক দিগন্ত কুমাৰ শৰ্মা

You might also like