বিশেষ বাৰ্তা, নাজিৰা, ৯ ডিচেম্বৰ : অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত আজি নাজিৰা মহাবিদ্যালয় খেলপথাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৯৭নং নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা আৰু আমগুৰি উন্নয়ন খণ্ডৰ নিৰ্বাচিত হিতাধিকাৰীসকলক গৃহ নিৰ্মাণৰ প্ৰথম কিস্তিৰ অনুমোদন পত্ৰ প্ৰদান কৰা হয়।
সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰতিনিধি জিন্টি ৰাজকুমাৰী, নাজিৰা আৰু আমগুৰি আঞ্চলিক পঞ্চায়তৰ কাউন্সিলৰ ক্ৰমে পৰিণীতা শইকীয়া, আশাবন্তি বদ্ৰা, নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সহকাৰী সম্পাদক বিজয় চন্দ্ৰ বৰা, ত্ৰিবেণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসপ্ৰাপ্ত শিক্ষক নৰেন গগৈ, বিশিষ্ট সমাজ কৰ্মী তৰুণ চন্দ্ৰ গগৈ ।
আজিৰ এই সভাৰ শুভাৰম্ভণি কৰা হয় বন্তি প্ৰজ্বলনেৰে। ইয়াৰ পিছতেই নিৰ্বাচিত ১০গৰাকী হিতাধিকাৰীক অনুমোদন পত্ৰ বিতৰণ কৰা হয়।
উল্লেখ্য যে কামৰূপ জিলাৰ বকোস্থিত গান্ধী ময়দান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। আজিৰ এই অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ দ্বাৰা নাজিৰা আৰু আমগুৰি উন্নয়ন খণ্ডৰ মুঠ ২৩৪৭গৰাকী হিতাধিকাৰী লাভাম্বিত হয়।
এই অনুষ্ঠানত নাজিৰা সমজিলাৰ সহকাৰী আয়ুক্তসকল অৰুণাভ সোণোৱাল, উপাসনা বৰা আৰু কল্যাণ জ্যোতি হাজৰিকা, নাজিৰা আৰু আমগুৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ক্ৰমে অৰ্ণৱ ডেকা আৰু ৰাতুল গগৈ, তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত, বিভাগৰ মুৰব্বী বিষয়া তথা কৰ্মচাৰী, আঞ্চলিক পঞ্চায়তৰ সদস্য, গাঁও পঞ্চায়তৰ সদস্য, জ্যেষ্ঠ নাগৰিক, নাজিৰাৰ বিশিষ্ট ব্যক্তি, নাজিৰা আৰু আমগুৰি উন্নয়ন খণ্ডৰ হিতাধিকাৰীসকলৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে।