নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাছালৈ নিৰ্বাচিত জোনাক জ্যোতিৰ বাসভৱনত জিলা আয়ুক্ত দেৱাশিস শৰ্মা

ডিজিটেল ডেস্ক, কলিয়াবৰ, ২২ মে’ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বপ্ৰসিদ্ধ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ এক শিক্ষামূলক কাৰ্যসূচীলৈ নিৰ্বাচিত হোৱা নগাঁও জিলাৰ কলিয়াবৰ নলতলী, আৰিমৰাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ জোনাক জ্যোতি বৰদলৈৰ ঘৰত বৃহস্পতিবাৰে সন্ধিয়া জিলা আয়ুক্ত দেৱাশিস শৰ্মা উপস্থিত হৈ ছাত্ৰজনক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

উল্লেখযোগ্য যে মেধাৱী ছাত্ৰজনে আন্তঃৰাষ্ট্ৰীয় মহাকাশ বিজ্ঞান প্ৰতিযোগিতা ২০২৬ত সফলতাৰে উত্তীৰ্ণ হৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বপ্ৰসিদ্ধ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ এক শিক্ষামূলক কাৰ্যসূচীলৈ নিৰ্বাচিত হৈছে।

ছাত্ৰজনৰ এই কৃতিত্বত আনন্দিত হৈ জিলা আয়ুক্তগৰাকীয়ে জোনাক জ্যোতি বৰদলৈৰ বাসগৃহত উপস্থিত হৈ ছাত্ৰগৰাকীৰ লগতে তেওঁৰ পৰিয়ালবৰ্গক এই উল্লেখনীয় সাফল্যৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। এই সময়ছোৱাত তেওঁক সংগ দিয়ে কলিয়াবৰ সম-জিলাৰ আয়ুক্ত ৰাজ বৰুৱাই। বাৰ্তালাপৰ সময়ত জিলা আয়ুক্ত‌ই জোনাকৰ এই যাত্ৰা, প্ৰস্তুতি, ভৱিষ্যতৰ পৰিকল্পনা আৰু মহাকাশ বিজ্ঞানৰ প্ৰতি থকা তেওঁৰ ধাউতিৰ বুজ লয়।

জানিব পৰা মতে, অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত তিনিদিনীয়া এক শিক্ষামূলক কাৰ্যসূচীৰে জোনাক জ্যোতি বৰদলৈয়ে আমেৰিকাৰ ‘নাছা’ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ বিখ্যাত মহাকাশচাৰী ড° ডন থমাছৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰাৰ লগতে নাছাৰ বিভিন্ন কাৰ্যপদ্ধতি আৰু গৱেষণামূলক আলোচনা-চক্ৰত অংশগ্ৰহণ কৰাৰ এক বিৰল সুযোগ লাভ কৰিব। জোনাকৰ এই সাফল্যই সমগ্ৰ জিলাখনৰ লগতে অসমবাসীকো গৌৰৱান্বিত কৰি তুলিছে।

You might also like