নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতৰ মাধ্যমিকত ৯৫.২ শতাংশ নম্বৰেৰে উজলিল ধুবুৰীৰ দিয়া

নিয়মীয়া বাৰ্তা, ১০ মে’ : এইবেলিৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ৯৫.২ শতাংশ নম্বৰ পাই উজলি উঠিল ধুবুৰীৰ এগৰাকী মেধাৱী ছাত্ৰী। ভোলানাথ মহাবিদ্যালয়ৰ দিয়া সৰকাৰে ইংৰাজীত ৯৪ নম্বৰ, ঐচ্ছিক ইংৰাজীত ৯৪ নম্বৰ, ৰাজনীতি বিজ্ঞানত ৯৭ নম্বৰ, তৰ্কবিজ্ঞান আৰু দৰ্শনত ৯৬ নম্বৰ, অৰ্থনীতি বিজ্ঞানত ৯৫ নম্বৰ আৰু গণিতত ৩৭ নম্বৰ পাইছে। মেধাৱী এই ছাত্ৰীগৰাকীৰ মুঠ নম্বৰ হ’ল ৪৭৬। ধুবুৰী চহৰৰ পৰিমল সৰকাৰ আৰু দীপিকা শৰ্মাৰ জীয়ৰী দিয়াৰ লক্ষ্য ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া হোৱাৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like