হাইড্ৰ’পনিক ফাৰ্মিংলৈ ৰাষ্ট্ৰীয় স্তৰত আদৰ্শ বিদ্যালয়, দোকুছিৰ জয়যাত্ৰা
এনচিইআৰটি, নতুন দিল্লীৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া ৫২ তম ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী ‘২০২৫ৰ বাবে কামৰূপ জিলাৰ ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত আদৰ্শ বিদ্যালয়, দোকুছি (নগৰবেৰা) মনোনীত হৈছে। বিদ্যালয়খনে “হাইড্ৰ’পনিক ফাৰ্মিং” শীৰ্ষক উদ্ভাৱনী প্ৰকল্প লৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।প্ৰতিষ্ঠা কালৰে পৰা অধ্যক্ষ ড০ ৰমেন বায়নৰ দূৰদৰ্শী নেতৃত্ব আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰ অক্লান্ত পৰিশ্ৰমে বিদ্যালয় খনক শৈক্ষিক দিশৰ লগতে বিভিন্ন ক্ষেত্ৰত ঈৰ্ষণীয় ষফলতাৰ মাত্ৰা দিছে | শেহতীয়াকৈ আদৰ্শ বিদ্যালয়, দোকুছি সহ ৬৩ খনকৈ বিদ্যালয়ে জিলা পৰ্যায়ত জয়লাভ কৰি, ৮ আৰু ৯ আগষ্ট তাৰিখে বৰপেটা জিলাৰ হাউলীত অৱস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত অনুষ্ঠিত ৩৫ সংখ্যক শিশু বৈজ্ঞানিক প্ৰদৰ্শনী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত আদৰ্শ বিদ্যালয়, দোকুছিয়ে উৎকৃষ্ট প্ৰদৰ্শনৰ ফলত ৰাষ্ট্ৰীয় স্তৰত প্ৰতিনিধিত্ব কৰিবলৈ মনোনীত হয় | বিদ্যালয় খনৰ প্ৰতিভাৱান শিক্ষাৰ্থী সুস্মিতা দাস আৰু ৰিজৱানুৰ ৰহমান এ “হাইড্ৰ’পনিক ফাৰ্মিং” শীৰ্ষক বিষয়ত সজীৱ আৰু আকর্ষণীয় উপস্থাপনৰ জৰিয়তে এই গৌৰৱজনক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয় |এনে সাফল্যৰ বাবে বিদ্যালয়খনৰ অধ্যক্ষ ড০ ৰমেন বায়নে সন্তুষ্টি প্ৰকাশ কৰি সংশ্লিষ্ট সকলো শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু অভিভাৱকগণক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
Niyomiya barta nagarbera