ভয় নে আন কিবা! কিয় এইকেইখন দেশত শুল্ক আৰোপৰ পৰা বিৰত ট্রাম্প
আমেৰিকান ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শেহতীয়াকৈ ভাৰত, চীন আৰু বহুতো দেশৰ ওপৰত ভাৰী শুল্ক (টেৰিফ) আৰোপ কৰিছে, যদিও কিছুমান দেশৰ ওপৰত এতিয়ালৈকে কোনো শুল্ক ঘোষণা কৰা হোৱা নাই। উত্তৰ কোৰিয়া আৰু ৰাছিয়া সেই দেশসমূহৰ অন্তৰ্ভুক্ত। উত্তৰ কোৰিয়া হৈছে সেই দেশ, যি দীঘলীয়া সময় ধৰি আমেৰিকাক ধমক দিয়াৰ বাবে জনাজাত।
ট্ৰাম্পে নিজৰ নতুন শুল্ক নীতিত ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ নাম উল্লেখ কৰা নাই, যদিও আন বহুতো দেশৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰিছে। ইয়াৰ কাৰণ হৈছে যে, এই দেশ দুখনৰ ওপৰত আগতেই কঠোৰ প্ৰতিবন্ধ আৰু শুল্ক প্ৰযোজ্য আছে, যাৰ ফলত দুয়ো দেশৰ মাজত বাণিজ্য প্ৰায় নালাগে বুলি ক’ব পৰা যায়। হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰোলিন লেভিটৰ মতে — “আমেৰিকাৰ প্ৰতিবন্ধৰ ফলত এই দেশসমূহৰ সৈতে অৰ্থপূৰ্ণ বাণিজ্য সম্ভৱ নহয়, সেয়ে অতিৰিক্ত শুল্কৰ প্ৰয়োজন নাই।”
বহু দেশৰ ওপৰত ট্ৰাম্পে শুল্ক ঘোষণা কৰাৰ মাজতেই আন এটা খবৰও আগবাঢ়ি আহিছে। আমেৰিকান লেট-নাইট শ্ব’ হষ্ট ষ্টিফেন ক’লবেৰ্ট আৰু জিমি ফ’লনে ভাৰত সহ বহুতো দেশৰ ওপৰত ট্ৰাম্পে ভাৰী শুল্ক আৰোপ কৰাৰ সিদ্ধান্তক লৈ সমালোচনা কৰিছে। ট্ৰাম্পে ভাৰতীয় সামগ্ৰীসমূহৰ ওপৰত শুল্ক দ্বিগুণ কৰি ৫০% কৰিছে, যাৰ ওপৰত দুয়ো জনে নিজৰ শ্ব’ত ঠাট্টা-বিদ্ৰূপ কৰিছে।
জিমি ফ’লনৰ বিদ্ৰূপ
বৃহস্পতিবাৰ ৰাতি দ্য টুনাইট শ্ব’ ত জিমি ফ’লনে কয় যে ট্ৰাম্পে এতিয়ালৈকে ৯০ৰও অধিক দেশৰ ওপৰত শুল্ক আৰোপ কৰিছে। তেওঁ কয় — “এতিয়া কেৱল দুটা ঠাই বাকী আছে — উত্তৰ কোৰিয়া আৰু জেফ্ৰি এপ্সটেইনৰ ব্যক্তিগত দ্বীপ ‘লিটল চেণ্ট জেম্ছ’।” ফ’লনে সতৰ্কবাণী দিয়ে যে ব্রাজিলৰ ওপৰত শুল্ক আৰোপ কৰিলে কল, আম আৰু অনানাচৰ দাম আকাশছোৱা হ’ব পাৰে। তেওঁ পুনৰ ঠাট্টা কৰি কয় — “এডিবল এৰেঞ্জমেন্টস সুৰক্ষিত, যেতিয়ালৈকে আপুনি খৰবুজ আৰু দীঘল টুথপিকৰ দাম নুবঢ়ায়।”
ষ্টিফেন ক’লবেৰ্টৰ বিদ্ৰূপ
শনিবাৰ ৰাতি নিজৰ শ্ব’ত ষ্টিফেন ক’লবেৰ্টে কয় যে ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক দ্বিগুণ কৰি ৫০% কৰাত গজ, বেংডেজ আৰু ৱাডিং আদি চিকিৎসা সামগ্ৰীৰ দাম বৃদ্ধি পাব। তেওঁ বিদ্ৰূপ কৰি কয় — “এই মুহূর্তটো মোৰ নতুন প্ৰডাক্ট ‘ষ্টিভ’স ৱাড’ লঞ্চ কৰাৰ উপযুক্ত সময়। ইয়াত কি আছে? তাতে কি যায় আহে, আপুনি ইতিমধ্যে ৰক্তক্ষৰণ কৰি আছে।”
Niyomiya barta desk