নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫,১৬০গৰাকী মেধাৱী ছাত্ৰীক ড০ বাণীকান্ত কাকতি মেধা বঁটা ৰূপে স্কুটি প্ৰদান

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত ‘ছাত্ৰীসকলৰ কল্যাণৰ দ্বাৰা শিক্ষাজগতৰ আমূল পৰিৱৰ্তন’ শীৰ্ষক শ্লোগানৰ মাজেৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে মেধাৱী ছাত্ৰীৰ মাজত বিতৰণ কৰে স্কুটি।

ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ এই অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক শিক্ষামন্ত্ৰী ভৱেশ কলিতা।

 অনুষ্ঠানত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰীসকলক উদ্দেশ্যি কয়-  ‘এই স্কুটি কলেজলৈ যোৱা বা টিউচনলৈ যোৱা আদি শিক্ষা-জ্ঞান অৰ্জনৰ কামত সহযোগ হোৱাকৈ দিয়া হৈছে। স্কুটি লাভ কৰাটোক নিজৰ শৈক্ষিক সাফল্য ৰূপে গণ্য কৰিব লাগে।’

মন্ত্ৰীগৰাকীয়ে লগতে স্কুটি চলোৱাৰ সময়ত হেলমেট পৰিধান কৰাৰ বিষয়েও পৰামৰ্শ আগবঢ়ায় ছাত্ৰীসকলক।

উল্লেখ্য, ৰাজ্য চৰকাৰে আজিৰ অনুষ্ঠানৰ জৰিয়তে দ্বিতীয় পৰ্যায়ত মেধাৱী ছাত্ৰীৰ মাজত বিতৰণ কৰে ১৫,১৬০খন স্কুটি।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণসকলৰ মাজৰ পৰা মেধা ভিত্তিত বাছনি কৰি ২০১৮ বৰ্ষৰ ৫,০২৮গৰাকী আৰু ২০১৯ বৰ্ষৰ ১০,১৩২গৰাকী ছাত্ৰীয়ে লাভ কৰে স্কুটি।

উল্লেখ্য, ইয়াৰ আগেয়ে ২২,২৪৫গৰাকী ছাত্ৰীক স্কুটি প্ৰদান কৰা হৈছিল প্ৰথম পৰ্যায়ত।

You might also like