নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীয়ে সুৰাপান কৰিলে হেৰুৱাব লাগিব চাকৰিঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ “আৰক্ষীসকলে প্ৰতিবছৰে সুৰাপান নকৰাৰ শপত লয়। গতিকে কোনো আৰক্ষীৰ লোকে মদ্যপান কৰিলে বা সুৰামত্ত অৱস্থাত পালে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হওক আৰু তৎক্ষণাৎ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হওক।”– মঙলবাৰে আবকাৰী শুল্ক বিভাগৰ এখন বৈঠকত উপস্থিত থাকি এই কঠোৰ মন্তব্য কৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

ইপিনে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই নিৰ্দেশক তীব্ৰ বিৰোধিতা কৰিছে বিৰোধী দলসমূহে। ৰাজ্যখনৰ প্ৰধান বিৰোধী দল আৰজেডিয়ে এই নিৰ্দেশক বিৰোধিতা কৰি কেৱল আৰক্ষী বিভাগতেই কিয় আন আন চৰকাৰী বিভাগৰ বিষয়াসকলৰ বিৰুদ্ধেও মদ্যপান কৰিলে অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছে।

উল্লেখ্য যে ২০১৬ চনত বিহাৰত মদ নিষিদ্ধ কৰা হৈছিল যদিও ৰাজ্যখনত অবৈধ মদৰ বেহা চলি আছে। দৈনিক আৰক্ষীয়ে অবৈধ সুৰা জব্দ কৰে।

You might also like