নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তাজ ভিভান্তাত ড০ হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰন্থ ‘এটা সপোনৰ পম খেদি’ উন্মোচন

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ আজি হোটেল তাজ ভিভান্তাত উন্মোচন হ’ল অসমৰ দ্বিগগজ ৰাজনীতিক ড০ হিমন্ত বিশ্ব শর্মাৰ এলানি আশাব্যঞ্জক বত্তৃণতাৰ প্রথমখন সংকলন গ্ৰন্থ ‘এটা সপোনৰ পম খেদি’।

মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা, অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামী আৰু অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এই গ্রন্থ উন্মোচনী অনুষ্ঠানত অংশ লোৱাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অসম মাতৃৰ বন্দনাৰে মুখৰিত এটা সমবেত গীতেৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। ইয়াৰ পিছত অতিথি ক্ৰমে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী আৰু মুখ্য অতিথি কনৰাড চাংমাই ভাষণ ৰাখে।

উল্লেখ্য, ৰাজ্যবাসীৰ বাবে এগৰাকী ৰাজনীতিবিদ হিচাপেই নহয়, স্বকীয় বত্তৃণতাশৈলীৰে যোৱা দীর্ঘ সময় ধৰি ড০ শৰ্মাই মন্ত্রমুগ্ধ কৰি আহিছে সাধাৰণ ৰাইজক৷ ‘এটা সপোনৰ পম খেদি’ গ্ৰন্থখনো সজোৱা হৈছে এলানি আশাব্যঞ্জক বত্তৃণতাৰ সংকলন ৰূপে। বিভিন্ন পটভূমি আৰু বিভিন্ন পৰিৱেশৰ আধাৰত অসমৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি কৰি বিভিন্ন দিশৰ ওপৰত তেওঁ প্রদান কৰি অহা বত্তৃণতাই বহু অজান তথ্যৰ উন্মেষণ ঘটাইছে, য’ত অসমক দেশৰ ভিতৰতে এখন শ্রেষ্ঠ ৰাজ্যত পৰিণত কৰাৰ সপোন নিহিত হৈ আছে৷

এইখন হ’ব ড০ শর্মাৰ চতুর্থখন গ্রন্থ৷ ইয়াৰ লগতে তেওঁ ব্যস্ততাপূর্ণ জীৱনযাত্রাৰ পিছতো একাদিক্রমে সৃষ্টি কৰি গৈছে এখনৰ পিছত এখন ব্যতিক্রমী গ্রন্থৰ৷ ইয়াৰ পূর্বে ২০১৪ চনত তেওঁ প্রথমখন গ্রন্থ ‘সমাগত সময়’ প্রকাশ পাইছিল৷

‘সমাগত সময়’ আৰু ২০১৬ চনত প্রকাশ পোৱা তেওঁৰ ‘অন্য এক দৃষ্টিকোণ’ গ্রন্থ দুখনে ৰাইজৰ সীমাহীন সমাদৰ লাভ কৰিছে৷ দুয়োখন গ্রন্থই বিক্রীৰ ক্ষেত্রত একপ্রকাৰ অভিলেখ স্থাপন কৰে৷ ‘সমাগত সময়’ গ্রন্থৰ ইতিমধ্যে ৮টা সংস্কৰণ ওলাইছে৷

ড০ শর্মাৰ তৃতীয়খন গ্রন্থ ‘ভিন্ন সময় অভিন্ন মত’৷ এই গ্রন্থখনেও ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে৷ সুকীয়া দৃষ্টিভংগী আৰু মৌলিক বিষয়ৰ চতুর্থখন সৃষ্টি ‘এটা সপোনৰ পম খেদি’ গ্রন্থখনেও যে পাঠক সমাজৰ অভূতপূর্ব সমাদৰ লাভ কৰিব তাত কোনো সন্দেহ নাই৷ সৰস্বতী প্রকাশনে প্রকাশ কৰি উলিয়াইছে ড০ শর্মাৰ এই নতুন গ্রন্থখন ৷

You might also like