ডিজিটেল ডেস্ক, ১০ মে’ : অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে পুৱা বাজপেয়ী ভৱনত অনুষ্ঠিত বিজেপিৰ বিধায়িনী দলৰ বৈঠকত দলৰ নেতা নিৰ্বাচন কৰা হয়। সৰ্বসন্মতিক্ৰমে বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম মনোনীত কৰা হয়। বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডাই ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
উল্লেখ্য যে বিজেপিৰ এই বিধায়িনী দলৰ বৈঠকত ৮গৰাকী বিধায়কে প্ৰস্তাৱ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম। ৰণজিত কুমাৰ দাস, অজন্তা নেওগ, বিশ্বজিৎ দৈমাৰী, অশোক সিংহল, পীয়ূষ হাজৰিকা, ৰামেশ্বৰ তেলী, ৰাজদ্বীপ ৰয়, আৰু চক্ৰধৰ গগৈয়ে ড° শৰ্মাৰ নাম বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে প্ৰস্তাৱ কৰে। ইয়াৰ পিছতেই তেওঁক সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হয়।
বিজেপিৰ বিধায়িনী দলৰ বৈঠক দলৰ কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু সহঃ পৰ্যবেক্ষক নায়াব সিং চাইনীৰ উপস্থিতিত অনুষ্ঠিত হয়। বৈঠকত সদ্য নিৰ্বাচিত সকলো বিজেপি বিধায়কে অংশগ্ৰহণ কৰে।
এনডিএৰ সহযোগী দল অগপ আৰু বিপিএফেও ড° শৰ্মাক এনডিএৰ নেতা হিচাপে সমৰ্থন জনায়। ইয়াৰ ফলত মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁক নিৰ্বাচিত কৰাৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হয়।
কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে বিজেপি বিধায়িনী দল আৰু এনডিএৰ দুয়োটা সহযোগী দলে ড° হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ নেতা হিচাপে নিৰ্বাচিত কৰিছে।
ইয়াৰ পিছত ড° শৰ্মাই অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যকক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী আনুষ্ঠানিকভাৱে উত্থাপন কৰিব। তাৰ পিছত অহা ১২ মে’ৰ পুৱা ১১ বজাত ড০ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।