ডিজিটেল ডেস্ক, ১০ মে’ : দেওবাৰে এক নতুন ইতিহাস সৃষ্টি হ’ল তামিলনাডুত। দীৰ্ঘদিন ধৰি তামিলনাডুৰ ৰাজনৈতিক ক্ষেত্ৰত চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় থালাপতিয়ে। চেন্নাইৰ জৱাহৰলাল নেহৰু ইনড’ৰ ষ্টেডিয়ামত দেওবাৰে পুৱা অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে তেওঁক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। এই বিশেষ অনুষ্ঠানত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ লগতে বিজয়ৰ পিতৃ-মাতৃ, বিজয়ৰ বান্ধৱী তথা অভিনেত্ৰী তৃষা কৃষ্ণ আদিয়ে অংশগ্ৰহণ কৰে ৷
শপতগ্ৰহণ অনুষ্ঠানত বিজয়ে তামিল ভাষাত শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে যোৱা ছয় দশকত দ্ৰাবিড় জনগোষ্ঠীৰ বাহিৰৰ পৰা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ আসনত বহা বিজয়েই হৈছে প্ৰথমগৰাকী ব্যক্তি। শপতগ্ৰহণৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিজয়ক শুভেচ্ছা জ্ঞাপন কৰে। বিজয়ৰ লগতে আন নজন নেতায়ো মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিধায়ক এন আনন্দ, আধৱ অৰ্জুন, কে এ চেংগোটাইয়ান, কে জি অৰুণৰাজ, পি ভেংকটাৰমণ, আৰ নিৰ্মল কুমাৰ, ৰাজমোহন, টি কে প্ৰভু আৰু এছ কীৰথানাকে তেওঁৰ কেবিনেটত মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ৷
উল্লেখ্য যে নিৰ্বাচনত বিজয়ৰ দলে সৰ্বাধিক ১০৮খন আসন লাভ কৰাৰ পিছত তামিলনাডুত চৰকাৰ গঠনক লৈ এক অনিশ্চয়তা চলি আছিল। ২৩৪খন আসনবিশিষ্ট তামিলনাডু বিধানসভাত চৰকাৰ গঠনৰ বাবে ১১৮খন আসনৰ প্ৰয়োজন। অৱশেষত কংগ্ৰেছৰ পাঁচজন, বাওঁদলৰ চাৰিজন, ভিচিকেৰ দুজন আৰু আইইউএমএলৰ দুজন বিধায়কৰ সমৰ্থন লাভ কৰাত বিজয়ৰ বাবে চৰকাৰ গঠনৰ পথ প্ৰশস্ত হৈ পৰে আৰু আজি পুৱা শপতগ্ৰহণৰ অন্তত বিজয় থালাপতি তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয়।