ডিজিটেল ডেস্ক, ১২ মে’ : ফাষ্টট্রেক আদালতত জুবিন হত্যাৰ গোচৰত জামিন বিচাৰি নিৰাশ হোৱা অন্যতম অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে কাষ চাপিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷ যোৱা ৭ মে’ত শ্যামকানু মহন্তৰ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ১২২১/২৬ নম্বৰত এখন জামিন আবেদন দাখিল কৰে৷ এই আবেদনৰ শুনানি ১৩ মে’ত সম্পন্ন হ’ব৷ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পার্থিৱজ্যোতি শইকীয়াৰ আদালতত এই জামিন আবেদনৰ শুনানি হ’ব৷
উল্লেখ্য যে যোৱা ৩০ এপ্রিলত ফাষ্টট্রেক আদালতৰ ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতে শ্যামকানু মহন্তৰ জামিন আবেদন খাৰিজ কৰিছিল৷ সমান্তৰালকৈ শর্মিলা ভূঞাৰ আদালতে শ্যামকানু মহন্তৰ জব্দকৃত সামগ্রী মোকলাই দিবলৈ মহন্তৰ অধিবক্তাই দাখিল কৰা আবেদনো খাৰিজ কৰে৷
স্মর্তব্য যে ছিংগাপুৰত জুবিন গার্গৰ মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ পিছত জুবিনক সহায় কৰাৰ পৰিৱর্তে সেই সময়ত ছিংগাপুৰত থকা শ্যামকানু মহন্তই মালয়েছিয়ালৈ পলাই গৈছিল৷ পৰৱর্তী সময়ত গোচৰৰ তদন্ত কৰি থকা এছআইটিয়ে শ্যামকানু মহন্তক লুকআউট ন’টিচ জাৰি কৰি ইণ্টাৰপ’লৰ সহায় লোৱাৰ ভাবুকিৰে অসমলৈ মাতি গ্রেপ্তাৰ কৰিছিল৷ এই প্রেক্ষাপটতে ফাষ্টট্রেক আদালতে শ্যামকানু মহন্ত বিদেশলৈ পলাই যোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰি জামিন আবেদন নাকচ কৰিছিল৷
তদুপৰি শ্যামকানু মহন্তই ছিংগাপুৰত জুবিন গার্গক সুৰাৰ যোগান ধৰাৰ তথ্যও দাখিল কৰিছিল তদন্তকাৰী সংস্থাই৷ এনেবোৰ কাৰণতে ফাষ্টট্রেক আদালতে শ্যামকানু মহন্তৰ জামিন নাকচ কৰিছিল৷ কিন্তু ফাষ্টট্রেক আদালতৰ এই সিদ্ধান্তক প্রত্যাহ্বান জনাই শ্যামকানু মহন্তৰ অধিবক্তাই যোৱা ৭ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু জামিন আবেদন দাখিল কৰে৷