নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শর্মাৰ লগত আজি শপত ল’ব আন চাৰি জ্যেষ্ঠ নেতাই

ডিজিটেল ডেস্ক, ১২ মে’ : সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত অভিলেখ জনাদেশৰ পিছত আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰা খেলপথাৰত মহা আড়ম্বৰেৰে আয়োজন কৰা অনুষ্ঠানত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই।

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রীৰূপে আজি শপত ল’ব লগা ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে কোন কোন মন্ত্রীয়ে শপত ল’ব, তাক লৈ চলি থকা নানান চর্চাৰ মাজতে সামাজিক মাধ্যমযোগে ড০ শর্মাই আজি শপত ল’ব লগা ৪ মন্ত্রীৰ নাম ঘোষণা কৰে৷

এক্স হেণ্ডেলযোগে তেওঁ প্রকাশ কৰা অনুসৰি আজি তেওঁৰ সৈতে বিজেপি বিধায়ক ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অগপ সভাপতি তথা বিধায়ক অতুল বৰা আৰু বিপিএফৰ বিধায়ক চৰণ বড়োৱে শপত ল’ব৷ প্রধানমন্ত্রীৰ উপস্থিতিত আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মহা আড়ম্বৰেৰে আয়োজন কৰা এই শপতগ্রহণ অনুষ্ঠানত মুখ্যমন্ত্রীৰ সৈতে চাৰিগৰাকী মন্ত্রীয়ে শপত লোৱাটো নিশ্চিত হয়৷ এক্স হেণ্ডেলযোগে ড০ শর্মাই ইয়াকো স্পষ্ট কৰে যে বিধায়ক ৰণজিৎ কুমাৰ দাস অসম বিধানসভাৰ অধ্যক্ষৰ প্রার্থী হ’ব৷

You might also like