ধেমাজি জিলাৰ জীয়াধল চাৰিআলিত কালি সংঘটিত এক অতি ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোৰ লগতে মাজুলীতো শোকৰ ছাঁ পেলাইছে। এই দুৰ্ঘটনাত লখিমপুৰ কেন্সাৰ হাস্পতালৰ এগৰাকী নিষ্ঠাবান চিকিৎসক ডাঃ প্ৰিয়া কুলিৰ থিতাতে মৃত্যু হয়।
প্ৰাপ্ত খবৰ অনুসৰি, ডাঃ প্ৰিয়া কুলি আৰু তেওঁৰ স্বামী সীমান্ত কুলি এখন মাৰুতি ব্ৰেজা বাহনেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষ ইমানেই তীব্ৰ আছিল যে ব্ৰেজা বাহনখন দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ তলত সোমাই পৰে।
ফলত বাহনখনৰ ভিতৰতে আবদ্ধ হৈ থিতাতে প্ৰাণ হেৰুৱায় ডাঃ প্ৰিয়া কুলিয়ে। নিহত চিকিৎসকগৰাকীৰ ঘৰ মাজুলীৰ নতুন বজাৰত। তেওঁ উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ কালিৰাম কুলিৰ বোৱাৰী তথা সীমান্ত কুলিৰ পত্নী আছিল।
এগৰাকী মেধাৱী আৰু জনপ্ৰিয় চিকিৎসক হিচাপে পৰিচিত ডাঃ কুলিৰ এই আকস্মিক বিয়োগত মাজুলীৰ লগতে তেওঁৰ কৰ্মস্থল লখিমপুৰতো গভীৰ শোকৰ ছাঁ পৰিছে। দুৰ্ঘটনাটোত ডাঃ প্ৰিয়া কুলিৰ স্বামী সীমান্ত কুলিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত তেওঁক ততাতৈয়াকৈ উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বৰ্তমান তেওঁৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু উন্নত চিকিৎসা প্ৰদান কৰি থকা হৈছে।
ঘটনাৰ খবৰ পোৱাৰ পিছতেই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এগৰাকী সেৱাপৰায়ণ চিকিৎসকক এনেদৰে অকালতে হেৰুৱাব লগা হোৱা ঘটনাক চিকিৎসা মহল তথা স্থানীয় ৰাইজে সহজভাৱে ল’ব পৰা নাই। বহুতে পথ সুৰক্ষাৰ নীতি-নিয়মৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।
নিয়মীয়া বাৰ্তা, নতুন বজাৰ, ২১ মাৰ্চ