সন্ত্রাসজর্জৰ দেশৰ তালিকাৰ শীর্ষত পাকিস্তান
কথাতে কোৱা হয় সাপৰ সৈতে খেলা কৰা লোকৰ সর্পদংশনতেই মৃত্যু হয়৷ একেই অৱস্থা হৈছে পাকিস্তানৰো৷ সন্ত্রাসবাদীক আশ্রয় দি পাকিস্তান হৈছে বিশ্বৰ সবাটোকৈ বেছি সন্ত্রাসজর্জৰিত দেশ৷ সম্প্রতি এনে এটি চাঞ্চল্যকৰ প্রতিবেদন প্রকাশ পাইছে ‘ইনষ্টিটিউট ফৰ ইক’নমিক এণ্ড পিচ’ৰ দ্বাৰা প্রকাশিত গ্ল’বেল টেৰৰিজিম ইণ্ডেক্সৰ৷
এই তালিকাত দক্ষিণ এছিয়াৰ সন্ত্রাসৰ ২০২৫ বর্ষৰ ভয়াৱহ ছবি প্রকাশ পাইছে৷ ইয়াত দেখা গৈছে বিশ্বৰ আটাইতকৈ সন্ত্রাসগ্রস্ত দেশত পৰিণত হৈছে পাকিস্তান৷ সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে যোৱা ১০ বছৰৰ ভিতৰত ২০২৫ বর্ষতো আছিল পাকিস্তানৰ বাবে আটাইতকৈ প্রাণঘাতী৷
এই বছৰটোত ১,০৪৫টা সন্ত্রাসবাদী আক্রমণৰ ঘটনা ঘটিছে আৰু মৃত্যু হৈছে ১,১৩৯ জনৰ৷ অর্থাৎ ২০২০ বর্ষৰ তুলনাত ২০২৫ বর্ষত পাকিস্তানত সন্ত্রাসবাদী আক্রমণৰ ঘটনা ৬ গুণ বৃদ্ধি পাইছে৷ যোৱা ১২ বছৰ ধৰি পাকিস্তান সন্ত্রাসত আটাইতকৈ ক্ষতিগ্রস্ত দেশৰ তালিকাত থাকিলেও এইবাৰ দেশখনে শীর্ষস্থান পাইছেগৈ৷
পাকিস্তানত সন্ত্রাসৰ ঘটনা ব্যাপক বৃদ্ধিৰ বাবে দায়ী কৰা হৈছে তেহৰিক–ই–তালিবান পাকিস্তানক (টিটিপি)৷ ২০২৫ বর্ষত টিটিপিৰ আক্রমণ ২৪ শতাংশ বৃদ্ধি পায়৷ তদুপৰি স্বাধীনতাকামী সংগঠন বালোছ লিবাৰেচন আর্মিয়েও টোপনি কাঢ়িছে পাকিস্তানৰ৷ উল্লেখযোগ্য যে পাকিস্তানত সন্ত্রাসৰ তাণ্ডৱ বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰতত এনে ঘটনা লক্ষণীয়ভাৱে হ্রাস পাইছে৷
ডিজিটেল ডেস্ক, ২১ মার্চ